ETV Bharat / sukhibhava

আপোনাৰ শিশুটিৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ কি খুৱাব লাগে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 5:02 PM IST

খোৱাৰ ক্ষেত্ৰত কিছু সচেতন হ'লেই আপুনি আপোনাৰ শিশুৰ দৃষ্টিশক্তি ঘুৰাই আনিব পাৰে ৷ শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ আপুনি আপোনাৰ শিশুটিক কিদৰে খোৱাৰ যত্ন ল'ব লাগে, আজি জানো আহক-

What foods are good for kids eyesight?
আপোনাৰ শিশুটিৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ কি খুওৱাব লাগে জানি লওক

আজিকালি অধিকাংশ শিশুৱেই মোবাইল ফোনৰ প্ৰতি আসক্ত ৷ লগতে বহু শিশু অনলাইন ক্লাছ আদিৰ বাবে প্ৰায়ভাগ সময় লেপটপ বা কম্পিউটাৰৰ সন্মূখত বহিবলগীয়া হয় যাৰ ফলত খুব কম বয়সতে তেওঁলোকৰ দৃষ্টি শক্তি দুৰ্বল হ’বলৈ আৰম্ভ কৰে ৷ তদুপৰি, ভুল খাদ্যাভ্যাসো শিশুৰ দৃষ্টিশক্তি দুৰ্বল হোৱাৰ এক অন্যতম কাৰণ ৷ কিন্তু খোৱাৰ ক্ষেত্ৰত কিছু সচেতন হ'লেই আপুনি আপোনাৰ শিশুৰ দৃষ্টিশক্তি ঘুৰাই আনিব পাৰে ৷ শিশুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ আপুনি আপোনাৰ শিশুটিক কিদৰে খোৱাৰ যত্ন ল'ব লাগে, আজি জানো আহক-

ভিটামিন ই

আপুনি শিশুৰ আহাৰত ভিটামিন-ই সমৃদ্ধ আহাৰ অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইয়াৰ বাবে আপুনি শিশুসকলক বাদাম, কাঠবাদাম, মাকৈ আদিৰ দৰে খাদ্য খুৱাব পাৰে ৷

চেলেনিয়াম

ই হৈছে এক এণ্টিঅক্সিডেণ্ট, যি সামুদ্ৰিক খাদ্যত থাকে ৷ এনে খাদ্য আপুনি শিশুসকলক পৰিপূৰক হিচাপেও দিব পাৰে ৷

ভিটামিন এ

ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তথা চকু শক্তিশালী কৰাত সহায় কৰে ৷ যদি শৰীৰত এই ভিটামিনৰ অভাৱ হয়, তেন্তে শিশুৰ দৃষ্টিশক্তি দ্ৰুত গতিত দুৰ্বল হ'বলৈ আৰম্ভ কৰে ৷ এনে পৰিস্থিতিত, কণী, মাংসৰ লিভাৰ, গাখীৰ, সেউজীয়া পাচলি, মিঠা আলু আৰু ফল তেওঁলোকৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব লাগে ৷

জিংক

জিংকৰ অভাৱৰ ফলতো দৃষ্টিশক্তি হ্ৰাস হয় ৷ শিশুৰ শৰীৰৰ পৰা জিংকৰ অভাৱ পূৰণ কৰিবলৈ আপুনি তেওঁলোকক ঘেঁহু আৰু বাদাম দিব পাৰে ৷

অমেগা ৩ ফেটি এচিড

শৰীৰত অমেগা ৩ ফেটি এচিডৰ অভাৱৰ বাবেও দৃষ্টিশক্তি দুৰ্বল হয় ৷ এই অভাৱ পূৰণ কৰিবলৈ আপুনি তেওঁলোকক শুকান ফল, মাছ, ব্ৰকলী আদি খাবলৈ দিব পাৰে ৷

লগতে পঢ়ক: গাখীৰতকৈ অধিক কেলচিয়ামেৰে সমৃদ্ধ এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.