আপুনি এগৰাকী ডায়েবেটিছ ৰোগী নেকি ? জানি লওক প্ৰ‘টিনৰ প্ৰয়োজনীয়তা

author img

By

Published : Sep 22, 2022, 1:14 PM IST

Say yes to protein to keep diabetes in check

শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে, ভাৰতীয় লোকে খোৱা খাদ্যৰ ৬০ শতাংশতকৈও অধিক কাৰ্বহাইড্ৰেট থাকে । পুষ্টিবিদসকলৰ মতে, খাদ্য়ত কাৰ্বহাইড্ৰেট ৪০ শতাংশতকৈ অধিক হ’ব নালাগে ।

শেহতীয়াকৈ কৰা এক অধ্যয়নত প্ৰকাশ পাইছে যে, ভাৰতীয় লোকে খোৱা খাদ্যৰ ৬০ শতাংশতকৈও অধিক কাৰ্বহাইড্ৰেট থাকে । পুষ্টিবিদসকলৰ মতে, কাৰ্বহাইড্ৰেট ৪০ শতাংশতকৈ অধিক হ’ব নালাগে । ইফালে গড়ে প্ৰটিন গ্ৰহণৰ পৰিমাণ ১২ শতাংশ, যিটো কমেও ৪০ শতাংশলৈ বৃদ্ধি কৰিব লাগে(Body needs micronutrients and macronutrients) ।

অধিকাংশ লোকেই নিজৰ প্ৰিয় খাদ্য দেখি নিজৰ লালসা সামৰিব নোৱাৰে । যেতিয়ালৈকে সেই খাদ্যবিধ খোৱা নহয় তেতিয়ালৈকে শান্তনা পোৱা নাযায় । চিকিৎসা বিশেষজ্ঞসকলে কয় যে, অত্যধিক খাদ্যৰ প্ৰতি লালসাই স্বাস্থ্যৰ ক্ষতিসাধন কৰে । চিকিৎসকে সকীয়াই দিয়ে যে, উচ্চ গ্লাইচেমিক ইনডেক্স থকা খাদ্য সেৱন কৰিলে তেজত গ্লুক’জ বৃদ্ধি হোৱাৰ আশংকা বৃদ্ধি পায় । চেন্নাইৰ এপ’ল’ স্পেক্ট্ৰা হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা চিকিৎসা এণ্ডক্ৰাইন’লজিষ্ট ডাঃ পি জি সুন্দৰাৰমনে পৰামৰ্শ দিয়ে যে, এটা সীমাৰ ভিতৰত বা নিৰ্দিষ্ট সময়ৰ ব্যৱধানত খাদ্য খোৱাটো ভাল ।

  • ডায়েবেটিছ ৰোগৰ পৰা ৰক্ষা পাবলৈ কি কি খাদ্য খাব লাগে? ডায়েবেটিছ ৰোগীয়ে খাদ্যাভ্যাসত কি কি পৰিৱৰ্তন কৰিব লাগে ?

ড৹ সুন্দৰৰামনে ইনাডুৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেইবাটাও আমোদজনক বিষয়ৰ ওপৰত আলোচনা কৰিছিল ।

আমাৰ শৰীৰক সাধাৰণতে দুবিধ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় । এটা হ’ল মাইক্ৰ’নিউট্ৰিয়েণ্ট । এইবোৰ কম পৰিমাণে যথেষ্ট । দ্বিতীয় প্ৰকাৰটো হ’ল মেক্ৰ’নিউট্ৰিয়েণ্ট । কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি ইয়াৰ দ্বিতীয় শ্ৰেণীত পৰে । কাৰ্বহাইড্ৰেট সহজে হজম হৈ তেজত দ্ৰুতভাৱে গ্লুক’জ নিৰ্গত কৰে ।

খাদ্য হজম হৈ গ্লুক’জলৈ ৰূপান্তৰিত হয়, যি কোষত প্ৰৱেশ কৰি শৰীৰত শক্তি প্ৰদান কৰে । এই প্ৰক্ৰিয়াটো সুকলমে হ’বলৈ হ’লে গড় হিচাপত এজন ব্যক্তিয়ে দিনটোত তিনিবাৰকৈ আহাৰ খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে । তদুপৰি এই আহাৰবোৰ নিৰ্দিষ্ট ব্যৱধানত খাব লাগে ।

  • ইনচুলিনে কিয় কাম নকৰে(Why does not insulin work) ?

আমি খোৱা খাদ্যৰ দ্বাৰা নিৰ্গত হোৱা গ্লুক’জ যিমান পাৰি সোনকালে কোষলৈ প্ৰেৰণ কৰিব লাগিব । ইনচুলিনে তেনে কৰে । যদি আপুনি বহুত কাৰ্বহাইড্ৰেট গ্ৰহণ কৰে তেন্তে গ্লুক’জৰ উৎপাদন বৃদ্ধি পায় আৰু সেয়েহে, ইয়াক কোষলৈ দ্ৰুতভাৱে পঠিয়াবলৈ অধিক মাত্ৰাৰ ইনচুলিনৰ প্ৰয়োজন হয় ।

ইয়াৰ বাবে বহুত কষ্টৰ প্ৰয়োজন । এনেদৰে তেজত গ্লুক’জ বহুদিনলৈ থাকে । ইয়াৰ ফলত অগ্নাশয়ৰ ওপৰত বোজা পৰে আৰু ইনচুলিন উৎপাদনত বাধাৰ সৃষ্টি হয় । লাহে লাহে ইনচুলিনৰ কাৰ্য কমি যায় । ইয়াৰ ফলত তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায় আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত হয় । শৰীৰে পৰ্যাপ্ত পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ নাপালে ভিটামিন বি ১২ৰ অভাৱ হয় । সেইবাবেই ডায়েবেটিছ ৰোগীয়ে সতেজ শাক-পাচলি আৰু পাতলীয়া সেউজীয়া শাক-পাচলি অধিক খাব লাগে ।

  • গোটা শস্যই সঠিক পছন্দ(Whole grains are the right choice)

৫০ শতাংশতকৈ অধিক কাৰ্বহাইড্ৰেট থকা খাদ্য শৰীৰৰ বাবে উপকাৰী নহয় । পালিছ কৰা চাউল আৰু ঘেঁহু খালে তেজত গ্লুক’জ সোনকালে নিৰ্গত হ’ব পাৰে । গোটা শস্য, বাজৰা, শাক-পাচলি, ফল-মূলৰ লগত গ্লুক’জ লাহে লাহে তেজত নিৰ্গত হয় । তদুপৰি ইহঁতৰ পৰিমাণ অধিক আঁহযুক্ত আৰু স্বাস্থ্যৰ বাবে উপকাৰী ।

  • ডায়েবেটিছ ৰোগীৰ বাবে দিনটোত ছয়বাৰকৈ আহাৰ গ্ৰহণ কৰাটো আদৰ্শ(Six meals a day is ideal for diabetics)

কোষৰ ভিতৰত থকা সকলো বিপাকীয় ক্ৰিয়া প্ৰ’টিনৰ সহায়ত কৰা হয় । পেশী কোষত গ্লুক’জ জমা হোৱাৰ বাবেও এইবোৰ উপযোগী । অ-পেশী কোষবোৰক গ্লুক’জ পৰিবহণ কৰিবলৈ ইনচুলিনৰ প্ৰয়োজন হয় ।

প্ৰতিদিনে খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক । নিয়মীয়া ব্যায়াম আৰু খোজ কঢ়াৰ জৰিয়তে পেশীৰ শক্তি বৃদ্ধি কৰিলে ইনচুলিনৰ ওপৰত থকা বোজা হ্ৰাস কৰিব পাৰি । শাৰীৰিক ক্ৰিয়া-কলাপৰ জৰিয়তে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি ।

কঠোৰ পৰিশ্ৰম কৰা আৰু নিয়মিতভাৱে খোৱাটো আমাৰ মূলমন্ত্ৰ হ’ব লাগে । যদি আপুনি ইনচুলিন শ্বট গ্ৰহণ কৰি আছে তেন্তে দিনটোত তিনিবাৰ লঘু আহাৰ আৰু তিনিবাৰকৈ মধ্যমীয়া গধুৰ আহাৰ গ্ৰহণ কৰিব লাগে ।

  • ওজন বৃদ্ধি নকৰাটো নিশ্চিত কৰক(Make sure not to gain weight)

খাদ্য খোৱাৰ পূৰ্বে তিনিটা কাৰক বিবেচনা কৰিব লাগিব । প্ৰথমতে, ইনচুলিনৰ সংবেদনশীলতা, অৰ্থাৎ আমি খোৱা খাদ্যই পেনক্ৰিয়াচক ইনচুলিন নিৰ্গত কৰিবলৈ উদ্দীপিত কৰেনে ? দ্বিতীয়তে, ইনচুলিন নিঃসৰণ, অৰ্থাৎ উদ্দীপিত কৰিলে কিমান ইনচুলিন উৎপন্ন হয় ? আৰু তৃতীয়তে, গ্লুক’জ নিষ্কাশনৰ সময়, অৰ্থাৎ তেজত নিৰ্গত হোৱা গ্লুক’জ কিমান সোনকালে কোষবোৰলৈ পঠিয়াব পাৰি ।

এইবোৰ কথা বিবেচনা কৰিলে এই সিদ্ধান্তত উপনীত হ’ব পাৰি যে, কোনো এটা ডায়েট সকলোৰে বাবে উপযুক্ত নহয় । খাদ্যৰ গঠন ভিন্ন হ’ব লাগে । এই প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰিলে মানুহে ডায়েবেটিছ ৰোগক ৰোধ কৰিব পাৰে ।

লগতে পঢ়ক: National Tea Day 2022: জানো আহক চাহ পানৰ কিছু উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.