ব্যায়াম কৰিবলৈ সময় পোৱা নাই ? তেন্তে ১০ মিনিটৰ বাবে বহি বহিয়েই কৰক এই ব্যায়াম
Published: Nov 18, 2023, 2:26 PM

ব্যায়াম কৰিবলৈ সময় পোৱা নাই ? তেন্তে ১০ মিনিটৰ বাবে বহি বহিয়েই কৰক এই ব্যায়াম
Published: Nov 18, 2023, 2:26 PM
আজিকালি ব্যস্ততাৰে ভৰা জীৱনৰ বাবে মানুহে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে । সেয়েহে এনে ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ অৱশ্যে ব্যায়াম আৰু যোগাসনৰ জৰিয়তে আমি নিজকে ফিট কৰি ৰাখিব পাৰো ৷ ইয়াৰ উপৰিও পুষ্টিকৰ খাদ্যইও স্বাস্থ্য ভাল কৰি ৰাখে ৷ কিন্তু ব্যস্ত জীৱনৰ বাবে ব্যায়াম বা ৰুটিন অটুট ৰখাটো অলপ কঠিন হৈ পৰে ৷ সেয়েহে আমি আপোনালোকক এনে এক সাধাৰণ ব্যায়ামৰ বিষয়ে ক’ম যিটো মিনিটতে কৰিব পাৰি ইয়াৰ বিষয়ে সবিশেষ জানো আহক...
বৰ্তমান ব্যস্ততাৰে ভৰা জীৱনৰ বাবে সকলোকে মানসিক চাপ আৰু কৰ্মৰ চাপে আগুৰি ধৰিছে ৷ এনে পৰিস্থিতিত নিজৰ বাবে সময় উলিওৱাটো অতি কঠিন হৈ পৰে ৷ এই মানসিক চাপ তথা উদ্বেগৰ বাবে মানুহে প্ৰায়ে বিভিন্ন ৰোগত ভুগিবলৈ আৰম্ভ কৰে ৷ সেয়েহে এনে ক্ষেত্ৰত নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ৷ অৱশ্যে ব্যায়াম আৰু যোগাসনৰ জৰিয়তে আমি নিজকে ফিট কৰি ৰাখিব পাৰো ৷ ইয়াৰ উপৰিও পুষ্টিকৰ খাদ্যইও স্বাস্থ্য ভাল কৰি ৰাখে ৷ কিন্তু ব্যস্ত জীৱনৰ বাবে ব্যায়াম বা ৰুটিন অটুট ৰখাটো অলপ কঠিন হৈ পৰে ৷
স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে, ৰুটিনত যোগ বা ব্যায়াম অন্তৰ্ভুক্ত নকৰাৰ ফলত শৰীৰত বহুতো সমস্যা তথা ৰোগৰ সৃষ্টি হয় ৷ যিসকল লোকে ব্যায়ামৰ বাবে সময় উলিয়াব নোৱাৰে তেওঁলোকে মাত্ৰ কেইমিনিটমানৰ ভিতৰতে বহি বহি ব্যায়াম কৰিব পাৰে ৷ সেয়ে আজি আমি আপোনালোকক এই ব্যায়াম সম্পৰ্কে তথ্য দিবলৈ চেষ্টা কৰিম ৷
ভৰিৰ ব্যায়াম
প্ৰথমে দুয়োখন ভৰিৰ গোৰোহা ওপৰলৈ তুলি তাৰ পিছত ভৰিৰ আঙুলি দুটা ওপৰলৈ তুলি বেঁকা কৰি ঘূৰাই ঘূৰাই দিব ৷ এইদৰে ৫ৰ পৰা ১০ বাৰ পুনৰাবৃত্তি কৰক ৷ এনে কৰিলে ভৰিত বহুত সকাহ পাব ৷ লগতে গোৰোহা আৰু ভৰিৰ আঙুলিত ৰক্তসঞ্চালন সুষম হ’ব ৷
ইয়াৰ পিছত চকী এখনত বহি লাহে লাহে দুয়োখন ভৰি একেলগে মাটিৰ পৰা প্ৰায় এফুট ওপৰলৈ তুলিব ৷ এইদৰে ১০ বাৰ পুনৰাবৃত্তি কৰক ৷ এনে কৰিলে আপোনাৰ কঁকালৰ মাংসপেশীবোৰ টানিব আৰু আপুনি উঠা-বহাৰ সময়ত হোৱা বিষৰ পৰা সকাহ লাভ কৰিব ৷
ইয়াৰ পিছত হাত দুখন পোনকৈ মেলি দিব আৰু কঁকাল দুটা বেঁকা নকৰাকৈ হাত দুখন বৃত্তাকাৰ গতিৰে ঘড়ীৰ কাঁটাৰ সদৃশ ঘূৰাব ৷ একেদৰে ১০ বাৰ পুনৰাবৃত্তি কৰক ৷ এইটো এটা ভাল ৱাৰ্মআপ ব্যায়াম ৷ ইয়াৰ ফলত বাহুৰ চৰ্বি কমি যাব আৰু লেপটপত কাম কৰাৰ ফলত হোৱা বিষৰ পৰা সকাহ পাব আৰু আপুনি সতেজ অনুভৱ কৰিব ৷
ইয়াৰ পিছত আপুনি অনুলম-বিলমৰ দৰে ব্যায়াম কৰিব পাৰে ৷ এটা ঠাইত বহিও এই কাম কৰিব পাৰে ৷ ইয়াৰ বাবে চকু মুদি 10ৰ পৰা 20 বাৰ দীঘলীয়া উশাহ-নিশাহ লওক ৷ ইয়াৰ ফলত আপোনাৰ মাজত শক্তি জাগ্ৰত হ’ব আৰু এলাহ কমি যাব ৷
