জবা ফুলৰ আছে বহু গুণাগুণ: জানিলে হৈ পৰিব আচৰিত

author img

By

Published : Oct 5, 2022, 5:23 PM IST

Health and beauty benefits of hibiscus flower

সুগন্ধি নাথাকিলেও দেখিবলৈ অতিকে সুন্দৰ জবা ফুলৰ আছে বহু ঔষধি গুণ । সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী জবা ফুল আৰু জবা ফুলৰ পাত(Health and beauty benefit of hibiscus flower) ।

সুগন্ধি নাথাকিলেও দেখিবলৈ অতিকে সুন্দৰ জবা ফুলৰ আছে বহু ঔষধি গুণ । সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যৰ বাবেও অতি উপকাৰী জবা ফুল আৰু জবা ফুলৰ পাত(Health and beauty benefit of hibiscus flower) ।

হিন্দু ধৰ্মাৱলম্বীলোকে এই ফুল কালিপূজা বা শক্তিপূজা আৰু গণেশ পূজাত বিশেষকৈ ব্যবহাৰ কৰা দেখা যায় । মালয়েছিয়াত জবা জাতীয় ফুল । বহু কেইবিধ ৰঙত আৰু প্ৰকাৰত উপলব্ধ এই জবা ফুলৰ গছ সহজতে গজি উঠে। প্ৰকাৰ যিমানেই নাথাকক কিয় সকলোৰে ভিতৰত ৰঙা জবাৰ ঔষধীয় গুণ সবাতোকৈ অধিক(Hibiscus flower benefits) ।

জবা ফুল চুলিৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে মহৌষধ হোৱাৰ লগতে মহিলাৰ মাহেকীয়া সমস্যাতো সহায়ক(Women monthly period issue) । জবাফুল, পাত, গছৰ ছাল আৰু শিপাৰ ছাল দৰৱত ব্যৱহাৰ হয় । উষ্ণবীৰ্য, কফ, গেছৰ সমস্যা, ইন্দ্ৰলুপ্ত ৰোগত লাভ দায়ক এই ৰঙা জবা । ফুলৰ ক্বাথ চৰবতৰ লগত পান কৰিলে জ্বৰ আৰু কাহ উপসম হয়। কৃমি নাশ কৰাটো লাভদায়ক জবা ফুলৰ চৰবত ।

জবা ফুলৰ ৰসৰ পৰা জবাকুসুম তেলো বনোৱা হয় । এই তেল চুলিত ব্যবহাৰ কৰিলে, চুলি সৰা বন্ধ হয় আৰু চুলি ক’লা হয় । মহিলাৰ মাহেকীয়া অনিয়মিত হ’লে, পেট বিষ, বেছি ৰক্তক্ষৰণ, অল্প ঋতুস্রাবজনীত ইত্যাদি সমস্যা নাশ কৰাত জবা বহু উপকাৰী । পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয় ।

জবা ফুলত থকা এন্টি-অক্সিডেন্টে কেঞ্চাৰ প্ৰতিৰোধক হিচাপে খুব ভাল কাম কৰে । মাজে মাজে জবা ফুলৰ চাহ বনাই খাব লাগে । এটা নির্দিষ্ট বয়সত প্ৰায় সকলো মানুহৰ শালমইনা হয় । জবা ফুলত এন্টি-ইনফ্লামেটৰি আৰু ভিটামিন চি থাকে যিয়ে শালমইনা দূৰ কৰাত বহুত সহায় কৰে ।

কেতিয়াবা বদ হজমৰ কাৰণে বমিভাৱ আহে। তেতিয়া জবা ফুলৰ ৰেণু পানীত মিহলাই খালে বমি হয় আৰু আৰাম পোৱা যায় । গ্রহণী ৰোগত জবা ফুলৰ কলি ২-৩ টামান পিহি খালে ৰোগ সোনকালে ভাল হয় । জবা ফুল খালে সাধাৰণ ঠাণ্ডা লগা, ডিঙিৰ বিষ, মুৰৰ বিষ দূৰ হয় । কাৰণ জবা ফুলত যঠেষ্ট পৰিমাণে ভিটামিন চি থাকে । মূৰৰ চুলি পাতল হ’লে জবা ফুলৰ পাত ১০-১২ টা পিহি মূৰত লগাই দুঘণ্টামান পাছত ধুই দিব লাগে । এনেদৰে এমাহমান কৰিলে চুলি গজে ।

জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলে চুলি উজ্জ্বল আৰু ক’লা হয় । চুলি পকিলে জবা ফুল আৰু আমলখি একেলগে পিহি মূৰত লগালে চুলি পকা কমে আৰু চুলি সৰাও বন্ধ হয় । শৰীৰত পানীৰ পৰিমাণ কম বা বেছি হ'লে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হয় । জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে আক্রমণ কৰিব নোৱাৰে ।

লগতে পঢ়ক: Dussehra 2022: বিজয়া দশমী তথা দশেৰা পাৰ্টিৰ মেনুত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.