International Day of Education: আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ বিষয়ে জানিবলগীয়া কিছু কথা

author img

By

Published : Jan 24, 2023, 10:07 PM IST

Everything you need to know about International Day of Education 2023

সমগ্ৰ বিশ্বতে ২৪ জানুৱাৰীক আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয় । এই দিনটোৰ গুৰুত্ব, ইতিহাস আৰু তাৎপৰ্য জানি লওক ।

শিক্ষা প্ৰতিজন ব্যক্তিৰ মৌলিক অধিকাৰ, কিন্তু আজিও পৃথিৱীৰ বহু ঠাইত শিশুৱে মৌলিক শিক্ষা লাভৰ বাবে বহুত সংগ্ৰাম কৰিবলগীয়া হয় । শিক্ষা মানৱ অধিকাৰ আৰু লগতে ৰাজহুৱা দায়িত্ব বুলি বিশ্বাস কৰা হয় । প্ৰতি বছৰে ২৪ জানুৱাৰীক আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰি শিক্ষাৰ গুৰুত্ব বিশ্বজুৰি প্ৰচাৰ কৰা হয় ।

আন্তৰ্জাতিক শিক্ষা দিৱস ২০২৩: বিষয়বস্তু

এই বৰ্ষত এইবাৰৰ বিষয়বস্তু(International day of education 2023 Theme) হৈছে "To invest in people, prioritize education"

আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস: ইতিহাস

২০১৮ চনৰ ৩ ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে শান্তি আৰু উন্নয়নৰ বাবে শিক্ষাৰ ভূমিকাক প্ৰচাৰৰ বাবে প্ৰতি বছৰে ২৪ জানুৱাৰীক আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে(International day of education History)। নাইজেৰিয়া আৰু আন ৫৮খন সদস্য ৰাষ্ট্ৰই ‘আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস’ গ্ৰহণ কৰে । তেতিয়াৰ পৰাই প্ৰতিটো শিশুৱে যাতে বিনামূলীয়া আৰু মৌলিক শিক্ষা লাভ কৰিব পাৰে সেই উদ্দেশ্যে প্ৰতি বছৰে এই দিৱস পালন কৰি আহিছে ।

আন্তৰ্জাতিক শিক্ষা দিৱস ২০২৩: উদ্দেশ্য

এই দিৱস বিভিন্ন দেশত বিভিন্ন ধৰণে পালন কৰা হয় । বহুতো বিশ্বব্যাপী অনুষ্ঠানৰ আয়োজন কৰা হয় যাৰ তিনিটা মূল বিষয়বস্তু থাকে: শিক্ষণ, উদ্ভাৱন আৰু বিত্তীয় সাহায্য । পেৰিছ আৰু নিউয়ৰ্কৰ ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত এনে বিশ্বব্যাপী অনুষ্ঠানৰ আয়োজন কৰা হয় । এই দিৱসত প্ৰতিজন ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়(International Day of Education)। ইয়াত সমগ্ৰ বিশ্বতে শান্তি আৰু উন্নয়নৰ বাবে শিক্ষাৰ ভূমিকাক উজ্জ্বল কৰি তোলা হৈছে(International Education Day 2023 Objectives)।

আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস ২০২৩: উদযাপন

ইউনেস্ক’ৰ নিউয়ৰ্কৰ মুখ্য কাৰ্যালয়ত ২৫ জানুৱাৰীত এই দিৱস অনুষ্ঠিত কৰা হয় । ৰাষ্ট্ৰসংঘৰ এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, "আন্তঃৰাষ্ট্ৰীয় শিক্ষা দিৱস ২০২৩য়ে ৰাজনৈতিক সংগঠনক ধৰি ৰখাৰ বাবে এক বিশ্বব্যাপী মঞ্চ হ’ব যিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰিব যাৰ দ্বাৰা প্ৰতিশ্ৰুতি আৰু বিশ্বব্যাপী পদক্ষেপ, আৰু শান্তি, বহনক্ষম উন্নয়ন আৰু ব্যক্তিগত আৰু সামূহিক মংগলৰ পথ হিচাপে শিক্ষাৰ সপক্ষে জনসংযোগ বৃদ্ধি কৰা আদিত সহায় কৰিব(International day of education 2023 UNESCO)।"

লগতে পঢ়ক: Hair Loss: চুলি সৰা সমস্যাই মানসিক স্বাস্থ্যৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাব পাৰে, জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.