ETV Bharat / sukhibhava

শীতকালত এই তিনিবিধ ফেচপেকৰ দ্বাৰা দূৰ কৰক শুকান ছালৰ সমস্যা

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:32 PM IST

Dry Skin: শীতকালত ছালখন অতি সোনকালে শুকাই যায় । যদি ইয়াক সঠিকভাৱে মইশ্ব’ৰাইজ কৰা নহয় তেন্তে আমাৰ ছালখন নিৰ্জীৱ দেখাবলৈ আৰম্ভ কৰে । ইয়াৰ বাবে কেৱল ক্ৰীমেই যথেষ্ট নহয় ইয়াৰ বাবে ফেচ পেক, লোচন, ছিৰাম, মইশ্ব’ৰাইজিং চাবোন আদিও ব্যৱহাৰ কৰিব লাগে । ইয়াৰ বাবে আমি কোনকেইটি ফেচপেক মুখত লগাব লাগে জানো আহক-

Dry skin will be cured in winter! These three face packs will be useful
শীতকালত এই তিনিবিধ ফেচ পেকৰ দ্বাৰা দূৰ কৰক শুকান ছালৰ সমস্যা

শীতকালত শাৰীৰিক স্বাস্থ্যৰ লগতে ছালৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ ৷ ছালৰ বিশেষজ্ঞসকলৰ মতে আমাৰ খাদ্যাভ্যাসেও আমাৰ ছালত যথেষ্ট প্ৰভাৱ পেলায় ৷ শীতকালত যদি ছালখন সঠিকভাৱে মইশ্ব’ৰাইজ হৈ নাথাকে তেন্তে ছালখন নিৰ্জীৱ যেন লাগে ৷ আজিকালি মানুহে ছালখন উজ্বল তথা কোমল কৰি ৰাখিবৰ বাবে সৌন্দৰ্য চিকিৎসা গ্ৰহণ কৰে ৷ কিন্তু কেতিয়াবা ইয়াৰ ফলত ছালৰ ওপৰত বেয়া প্ৰভাৱো পৰে ৷

এইক্ষেত্ৰত ক্লিনজিং, টোনিং আৰু মইশ্ব’ৰাইজিংৰ নিয়ম মানি চলিব পাৰে ৷ ইয়াৰ লগতে ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিডৰ দৰে বস্তুও খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে ৷ শুকান ফল, বাদাম, ঘিউ আৰু শণৰ গুটিত এই পুষ্টিকৰ উপাদানসমূহ সহজে পোৱা যায় ৷ অৱশ্যে ইয়াৰ উপৰিও আপুনি কিছুমান ফেচপেকো ব্যৱহাৰ কৰিব পাৰে ৷ যাৰ জৰিয়তে আপুনি শুকান ছালৰ সমস্যা দূৰ কৰিব পাৰে সেয়ে আজি আমি আপোনালোকৰ বাবে এনে তিনিবিধ ফেচপেক লৈ আহিছো যাক আপুনি শীতকালত আপোনাৰ ছালত প্ৰয়োগ কৰিব পাৰে ৷

কাঠবাদাম আৰু মৌ

কাঠবাদাম কেৱল স্বাস্থ্যৰ বাবে উপকাৰী নহয় বৰঞ্চ ছালৰ বাবেও বহু উপকাৰ সাধন কৰে ৷ শুকান ছাল থকা লোকে কাঠবাদামৰ ফেচ পেক লগাব লাগে ৷ এই ফেচ পেকটো বিশেষকৈ শীতকালত মৌৰ লগত ব্যৱহাৰ কৰিব লাগে ৷ ইয়াৰ বাবে কাঠবাদাম পিচি তাৰ গুড়ি বনাব ৷ ইয়াৰ সৈতে মৌ আৰু দৈ মিহলাই লওক ৷ ইয়াক মুখ আৰু ডিঙিত লগাওক ৷ কিছুদিনৰ ভিতৰত পাৰ্থক্য দেখিবলৈ পাব ৷

আলু আৰু মৌৰ ফেচপেক

আলুৰ ৰস আৰু মৌৰ ফেচ পেক শুকান ছালতো উপকাৰী ৷ ইয়াৰ বাবে এচামুচ আলুৰ ৰস লৈ তাত কেইটোপালমান মৌ দিব ৷ দুয়োটা ভালদৰে মিহলাই মুখ আৰু ডিঙিত লগাওক ৷ জনাই দিও যে আলুয়ে মুখখন গভীৰভাৱে চাফা কৰাত সহায় কৰে ৷

কমলাৰ বাকলিৰ ফেচপেক

কমলাত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ কমলা খালে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি পায় ৷ কমলা খাবলৈ যিমানেই স্বাস্থ্যকৰ, তাৰ বাকলিও ছালৰ বাবেও সমানেই উপকাৰী ৷ কমলাৰ বাকলি শুকুৱাই ইয়াৰ ফেচ পেক মুখত লগাব পাৰে ৷ ইয়াৰ ফলত মুখৰ শুকানতা সোনকালে নাইকিয়া হয় ৷

লগতে পঢ়ক: কেতিয়াবা ভাবিছেনে নখ-চুলি কাটিলে আমি কিয় বিষ অনুভৱ নকৰো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.