Papaya during pregnancy: গৰ্ভাৱস্থাত অমিতা খালে গৰ্ভপাত হয় নেকি ?

author img

By

Published : Dec 10, 2022, 1:35 PM IST

Does eating papaya during pregnancy cause miscarriage

এটা ৱেবছাইটৰ দ্বাৰা দাবী কৰা হৈছে যে, গৰ্ভাৱস্থাত অমিতা খাব নালাগে কাৰণ ইয়াৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে । আমি যেতিয়া এই লেখাটো তথ্য পৰীক্ষা কৰিলোঁ, তেতিয়া আমি দেখিলোঁ যে এই দাবীটো অৰ্ধ সত্য । জানো আহক এই সন্দৰ্ভত বিশেষজ্ঞৰ মতামত কি ৷

এটা ৱেবছাইটৰ দ্বাৰা দাবী কৰা হৈছে যে, গৰ্ভাৱস্থাত অমিতা খোৱাটো উচিত নহয় কাৰণ ইয়াৰ ফলত গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে ।

অমিতা কি?

অমিতা বৈজ্ঞানিক নাম হৈছে Carica papaya । অমিতা মূলতঃ মধ্য আমেৰিকাৰ (Tropical Regions) এবিধ ফল । গ্রীষ্মমণ্ডলীয় অঞ্চলত ইয়াক অধিক দেখিবলৈ পোৱা যায় আৰু য’ত প্রচুৰ পৰিমাণে বৰষুণ হয় কিন্তু বহুদিনলৈ বানপানী নাথাকে, তাতো অমিতা সাধাৰণতে পোৱা যায় ৷ আনহাতে, ঠাণ্ডা উষ্ণতাই অমিতাৰ শস্যৰ ক্ষতি কৰিব পাৰে । ফলৰ উপৰিও অমিতাৰ গুটিও স্বাস্থ্য সম্পৰ্কীয় বহু কাৰণত ব্যৱহাৰ কৰা হয়(papaya during pregnancy cause miscarriage) ।

অমিতাৰ ভিতৰত কোনবোৰ পুষ্টিকৰ উপাদান থাকে?

অমিতাত প্ৰচুৰ পৰিমাণে এন্টি অক্সিডেন্ট যেনে ভিটামিন-A, ভিটামিন-C আৰু ভিটামিন-E থাকে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায় । অমিতাত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে । অমিতাত থকা ফলিক এচিডে হোমোচিষ্টাইন এমিনো এচিডক কম ক্ষতিকাৰক এমিনো এচিডলৈ ৰূপান্তৰিত কৰে ।

আমিষ খাদ্যত পৰ্যাপ্ত পৰিমাণৰ Homocysteine ​​amino acid পোৱা যায়, যাৰ ফলত হাৰ্ট এটেক হয়, গতিকে অমিতা খালে হাৰ্ট এটেকৰ সম্ভাৱনা কম হয় । অমিতাত দুবিধ এনজাইম সাধাৰণতে পোৱা যায় পেপেইন(papain ) আৰু (Chymopapain), যিয়ে পাচন শক্তি বৃদ্ধিৰ লগতে শৰীৰৰ প্ৰদাহ কম কৰাৰ লগতে বাতবিষ আৰু হাঁপানীৰ সম্ভাৱনাও হ্ৰাস কৰে ।

গৰ্ভাৱস্থাত অমিতা খালে গৰ্ভপাত হয় নেকি?

নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ দ্বাৰা প্ৰকাশিত, অমিতা(National Library of Medicine) গৰ্ভাৱস্থাত সেৱন কৰাটো অসুৰক্ষিত: সত্য নে উপকথা? এন্দুৰৰ আৰ্হি ব্যৱহাৰ কৰি এছিয়াৰ কিছু অংশত সাধাৰণ বিশ্বাসৰ বৈজ্ঞানিক মূল্যায়ন শীৰ্ষক গৱেষণা পত্ৰত প্ৰকাশ পোৱা মতে, কেঁচা অমিতা গৰ্ভাৱস্থাত খাব নালাগে কাৰণ অমিতাত থকা Papainয়ে শৰীৰে প্ৰষ্টাগ্লেণ্ডিন হৰম’ন বুলি ভুলকৈ ধৰি লয়, যাৰ ফলত ভিতৰত সংকোচন (contraction-relaxation) হ'বলৈ আৰম্ভ কৰে, যদিও তাৰ ফলতো গৰ্ভপাত নহয় ।

এই সন্দৰ্ভত বিশেষজ্ঞ এয়াই কৈছে যে, “ঘৰুৱা উপায়ৰ বিষয়ে আমাৰ সমাজত কিছু ভুল ধাৰণা প্ৰচলিত হৈ আহিছে যদিও যিকোনো ফল বা খাদ্য সামগ্ৰী খোৱাৰ ফলত গৰ্ভপাত নহয় । অমিতা খালেও গৰ্ভপাত নহয়, কিন্তু জৰায়ুৰ ভিতৰত সংকোচন হোৱা আদি কিছুমান সমস্যাই দেখা দিব পাৰে ।

বিশেষজ্ঞৰ মতে, সম্পূৰ্ণ পকা অমিতা খালেহে গৰ্ভৱতী মহিলাৰ বাবে উপকাৰী কিন্তু কেঁচা অমিতা খাব নালাগে । লগতে যদি কোনো ধৰণৰ এলাৰ্জী বা আন কোনো স্বাস্থ্য সম্পৰ্কীয় সমস্যা বা কোনো চিকিৎসাজনিত অৱস্থা হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈহে অমিতা খাব লাগে ।

ওপৰৰ বৰ্ণনা আৰু চিকিৎসকে দিয়া বক্তব্যৰ ওপৰত ভিত্তি কৰি ক’ব পাৰি যে, অমিতা খালে গৰ্ভপাত হয় বুলি কোৱা কথাটো অৰ্ধ সত্য, বৰঞ্চ কেঁচা বা কম পকা অমিতা খালেহে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে ।

লগতে পঢ়ক: Healthy Dinner Ideas: শীতকালত শিশুটিক খুৱাওক এইসমূহ পুষ্টিকৰ খাদ্য, বৃদ্ধি পাব ৰোগ প্ৰতিৰোধ ক্ষমতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.