আমি সদায়ে যোগৰ ধনাত্মক দিশটোৰ কথাই কিয় শুনো: জানিবলৈ মন নাযায় নে আপোনাৰ ?

author img

By

Published : Sep 7, 2022, 12:41 PM IST

Benefits of Yoga

যোগ হৈছে এনে এক পদ্ধতি, যি পদ্ধতিৰ দ্বাৰা মানৱ শৰীৰৰ আভ্যন্তৰীণ ক্ষমতাসমূহক বিকাশ ঘটাব পাৰে । যোগৰ এনে কিছুমান উপকাৰিতা আছে যাৰ বিষয়ে হয়তো খুব কম সংখ্যক লোকহে অৱগত ৷ তেন্তে আহক জানো ১০ প্ৰকাৰৰ যোগাসন আৰু ইয়াৰ উপকাৰিতাসমূহ...

যোগ হৈছে এনে এক পদ্ধতি, যি পদ্ধতিৰ দ্বাৰা মানৱ শৰীৰৰ আভ্যন্তৰীণ ক্ষমতাসমূহক বিকাশ ঘটাব পাৰে । যোগৰ দ্বাৰা আত্মউপলব্ধি অৰ্জন কৰিবলৈ সক্ষম হয়(Benefits of Yoga) । এক কথাত ক'বলৈ গ'লে যোগ দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগত ৰীতি । যোগ শব্দটো সংস্কৃত শব্দ 'যুঁজ'ৰ পৰা উৎপত্তি হৈছে ।

যোগে মন পবিত্ৰ কৰে, ভগৱানৰ সৈতে আত্মাৰ সম্পৰ্ক স্থাপন কৰে, মস্তিষ্ক সন্তুলিত কৰে । যোগ ব্যায়াম আদি কৰিলে মানৱ শৰীৰৰ বিভিন্ন প্ৰকাৰে উৎকৰ্ষ সাধন কৰে, মনোবল বৃদ্ধি কৰে, হতাশগ্ৰস্থ হ'লে যোগে নিৰাময় কৰিবলৈ সক্ষম হয় । পৌৰাণিক কালত ঋষি মুনিসকলে যোগ কৰা ফলত দীৰ্ঘ জীৱন লাভ কৰাৰ লগতে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছিল । যিসকলে সম্পূৰ্ণভাৱে, আত্মবিশ্বাসেৰে, একাগ্ৰতাৰে যোগ অনুশীলন কৰি উচ্চস্তৰৰ দৰ্শন লাভ কৰিব পাৰে সেই সকলকেই যোগী বুলি কোৱা হয় ।

ৰাষ্ট্ৰসংঘৰ ৬৯তম অধিবেশন ২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল । এই ৰাষ্ট্ৰসংঘৰ অধিবেশনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবৰ বাবে সমগ্র বিশ্বকে আহ্বান জনাইছিল আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই বছৰৰে ১১ ডিচেম্বৰত ১৯৩ জন সদস্যৰে সৈতে এই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰস্তাৱ গ্ৰহণ কৰে আৰু বিশ্বৰ ১৭৭ দেশৰ পূৰ্ণ সহযোগিতাৰে ২১ জুন তাৰিখে আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা সিদ্ধান্ত গ্ৰহণ কৰে । যোগে মানুহৰ মন সংযত কৰি ৰাখে, স্বাস্থ্য অটুট ৰাখে, ভাৱন আৰু শক্তিৰ শীৰ্ষ স্তৰত ক্ৰিয়া কৰে ।

তেন্তে আহক জানো ১০ প্ৰকাৰৰ যোগাসন আৰু ইয়াৰ উপকাৰিতাসমূহ-

  • চক্ৰাসন: এই চক্ৰাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- কঁকালৰ বিষ নিৰাময় কৰে, শৰীৰৰ ৰক্ত বৃদ্ধি কৰে, মূৰৰ বিষ, কোষ্ঠকাঠিন্য, হাঁপানী আদি ৰোগৰ পৰা উপশম ঘটাই আৰু স্মৃতিশক্তি বৃদ্ধি হোৱাত সহায় কৰে ।
  • শীৰ্ষাসন: এই শীৰ্ষাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- স্বপ্নদোষ, ধাতু ৰোগ, নপুংসকতা আদি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। শীৰ্ষাসন ব্যায়াম কৰিলে লেলাৱতি গ্ৰন্থিৰ নিঃসৰণ ক্ষমতা বৃদ্ধি পাই ফলত খাদ্যবস্তু সহজতে হজম হোৱাত সহায় কৰে, শীৰ্ষাসন ব্যায়ামৰ ফলত থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা বৃদ্ধি পাই, ফলত দেহৰ সকলো স্নায়ুজাল আৰু গ্ৰন্থি সক্ৰিয় কৰি তোলাত সহায় কৰে ।
  • অষ্টবক্ৰাসন: এই অষ্টবক্ৰাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- মনোযোগ বৃদ্ধি কৰে, পেটৰ চৰ্বি কমায়, বাহু শক্তিশালী কৰি তুলে, শৰীৰৰ অপ্ৰয়োজনীয় মেদবহুলতা কমায়, যকৃতৰ ৰোগ দূৰ কৰাত সহায় কৰে ।
  • বীৰ ভদ্ৰাসন: এই বীৰ ভদ্ৰাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- কফৰোগ, সকলোধৰণৰ বাত ৰোগ, পিত্তৰোগ আদি নিৰাময় কৰে, টনচিল, ধাতুৰোগ, হাঁপানী, চাইনাচ আদি ৰোগ নিৰাময় কৰে, নিৰাশ মনোভাৱ দূৰ কৰি মনলৈ উৎসাহ, আনন্দ আদি ঘূৰাই আনে, মেৰুদণ্ডৰ হাড় মজবুত কৰে, দেহ সুন্দৰ আৰু সুঠাম কৰে ।
  • গোমোখাসন: এই গোমোখাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- ধাতুৰোগ দূৰ কৰে, পুৰুষৰ অণ্ডকোষ বৃদ্ধি কৰে, কু-চিন্তা দূৰ কৰে, স্ত্ৰীৰোগ নিৰাময় কৰাৰ বাবে উত্তম আসন ।
  • উত্থিত পদ্মাসন: এই উত্থিত পদ্মাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- পেটৰ মেদবহুলতা কমায়, হাতলৈ শক্তি আনে, কান্ধৰ মাংসপেশী শক্তিশালী কৰি তোলে ।
  • সৰ্বাংগাসন: এই সৰ্বাংগাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- এই আসনে থাইৰয়ড গ্ৰন্থিক সক্ৰিয় আৰু সুস্থ কৰে । পাচনতন্ত্ৰ, আমাশয়, অন্ত্ৰ আৰু লিভাৰ সক্ৰিয় কৰি তোলে । এই আসনে টনছিলাইটিছ, ফেৰেনজাইটিছ, কোষ্ঠকাঠিন্য, অৰ্শ, হাৰ্নিয়া আদি ৰোগ নিৰাময় কৰে ।
  • ভূজংগাসন: এই ভূজংগাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- পিঠিৰ বিষ, কঁকালৰ বিষ, চায়টিকা, ষ্পণ্ডেলাইটিচ আদি ৰোগ উপশমত অৰিহণা যোগায়। পেট ফুলা, অজীৰ্ণ আদি ৰোগ নাইকিয়া কৰে। মধুমেহ ৰোগ আৰোগ্য হয় ।
  • বজ্ৰাসন: এই বজ্ৰাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- মনৰ চঞ্চলতা দূৰ কৰে । বদ হজম, অম্লপিত্ত, গেছ, কোষ্ঠকাঠিন্য দূৰ কৰে। ইয়াৰ উপৰিও পিঠিৰ বিষ, বাত বিষ আৰু চাইটিকা ৰোগ দূৰ কৰাত এই আসনে অৰিহণা যোগায় ।
  • পূৰ্ণধনুৰাসন: এই পূৰ্ণধনুৰাসন ব্যায়ামৰ উপকাৰিতা সমূহ হ'ল- মেৰুদণ্ড নমনীয় আৰু সুস্থ হয় । কঁকালৰ যন্ত্ৰণা, ষ্পণ্ডেলাইটিচ, পেটৰ অসুস্থতা দূৰ কৰে । কিডনি সবল আৰু প্ৰস্ৰাৱজনিতৰোগ দূৰ কৰে । এই আসনে উদৰ, কঁকাল আদিত জমা হোৱা চৰ্বি নাইকিয়া কৰে আৰু মাংসপেশী সবল কৰি তোলে ৷

(এই প্ৰবন্ধৰ তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত)

লগতে পঢ়ক : সম্পূৰ্ণ শৰীৰটোৰ শক্তি বৰ্তাই ৰাখিবলৈ কৰক এই পাঁচটা Bodyweight Exercise

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.