বিশ্ব মহ দিৱস আৰু জানিবলগীয়া কিছু কথা

author img

By

Published : Aug 20, 2020, 8:09 PM IST

All You Need To Know About Mosquitoes!

প্ৰতিবছৰে 20 আগষ্ট তাৰিখে ছাৰ ৰোনাল্ডক স্মৰণ কৰি সমগ্ৰ বিশ্বজুৰি বিশ্ব মহ দিৱস পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হ'ল, বিশ্ববাসীক মহৰ বিষয়ে জ্ঞান দিয়া, মহৰ পৰা হ'বলগীয়া বিভিন্ন ধৰণৰ বেমাৰ সম্পৰ্কে জনসাধাৰণক জাগ্ৰত কৰা আৰু মহৰ পৰা হ'বলগীয়া মেলেৰীয়া ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰা ৷

নিউজ ডেস্ক, 20 আগষ্ট : প্ৰতিবছৰে 20 আগষ্ট তাৰিখে ছাৰ ৰোনাল্ডক স্মৰণ কৰি সমগ্ৰ বিশ্বজুৰি বিশ্ব মহ দিৱস পালন কৰা হয় ৷ 1897 চনত প্ৰথমবাৰৰ বাবে এগৰাকী ব্ৰিটিছ চিকিৎসকে মাইকী মহে কামুৰিলে মেলেৰিয়া হোৱাৰ ঘটনা পোঁহৰলৈ আনিছিল ৷ লণ্ডন স্কুল অৱ হাইজিন এণ্ড ট্ৰাপিকেল মেডিচিনে পৰাই 1930 চনৰ পৰাই সমগ্ৰ বিশ্বজুৰি বিশ্ব মহ দিৱস উদযাপন কৰি আহিছে ৷ বিশেষকৈ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হ'ল, বিশ্ববাসীক মহৰ বিষয়ে জ্ঞান দিয়া, মহৰ পৰা হ'বলগীয়া বিভিন্ন ধৰণৰ বেমাৰ সম্পৰ্কে জনসাধাৰণক জাগ্ৰত কৰা আৰু মহৰ পৰা হ'বলগীয়া মেলেৰীয়া ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই এই দিৱসৰ প্ৰধান আৰু মুল উদ্দেশ্য ৷

তথ্য অনুসৰি, স্পেনিছ শব্দ 'মুস্কেটা'ৰ পৰা মহ শব্দটো লোৱা হৈছে ৷ যাৰ অৰ্থ হৈছে সৰু মাখি ৷ জানিব পৰা মতে, স্পেইনত প্ৰায় 3 হাজাৰ প্ৰজাতিৰ মহ পোৱা যায় কিন্তু তাৰ ভিতৰত কেৱল 3 টা প্ৰজাতিৰ মহৰ দ্বাৰা ৰোগ সংক্ৰমণ হয় ৷

ইয়াৰ ভিতৰত ৰোগ সংক্ৰমণ ঘটোৱা কেইবিধমান মহৰ প্ৰজাতি হ'লঃ

1, এডিজঃ এই প্ৰজাতিৰ মহ বিধৰ পৰা চিকুনগুনীয়া, ডেংগু, জ্বৰ আদি হোৱাৰ সম্ভাৱনা বেছিকৈ থাকে ৷

2. এনোফিলিচঃ এই প্ৰজাতিৰ মহ বিধৰ দ্বাৰা মেলেৰিয়া ৰোগ সংক্ৰমণ হোৱাৰ আকাংক্ষা বহুত বেছি ৷

3. কিউলেস্কঃ এই প্ৰজাতিৰ মহ বিধৰ দ্বাৰা জাপানী এনকেফেলাইটিজ ৰোগৰ লগত জ্বৰ সংক্ৰমণ হোৱাৰ আকাংক্ষা কৰিব পাৰি ৷

বিশেষজ্ঞৰ তথ্য অনুসৰি, প্ৰতিবছৰে সমগ্ৰ বিশ্বত মহৰ পৰা সংক্ৰমণ হোৱা বেমাৰৰ বাবে লাখ লাখ লোকৰ মৃত্যু হয় ৷ মহক সকলোতকৈ ভয়ানক জন্তুৰ ভিতৰতো নামকৰণ কৰা হয় ৷

ইয়াৰ উপৰিও, কেৱল মাইকী মহে মানুহৰ তেজ শোষণ কৰে ৷ মাইকী মহক নিজৰ কণীৰ বিকাশৰ বাবে ৰক্তৰ প্ৰয়োজন যাৰবাবে মাইকী মহে মানৱ দেহৰ পৰা ৰক্ত শোষণ কৰে ৷ ইয়াৰ উপৰিও মাইকী এনোফিলিচ মহে নলা, বৰষুণৰ পানী তথা লেতেৰা আৱৰ্জনাত বসবাস কৰে ৷ এনোফিলিচ মহে বেছিভাগ সন্ধিয়া আৰু ৰাতিপুৱা মানৱ দেহক আক্ৰমণ কৰে ৷ মানৱ দেহত আক্ৰমণকাৰী মহ সমূহৰ আয়ুস গড়ে প্ৰায় 6 মাহ ৷ এই মহ সমূহে প্ৰায় 75 ফুট দূৰৰ পৰা মানুহৰ সংস্পৰ্শ অনুমান কৰিব পাৰে ৷

মহৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ আপুনি জানিবলগীয়া কথাঃ

1. O+ ব্লাড গ্ৰুপৰ মানুহক মহে বেছিকৈ আক্ৰমণ কৰে ৷ আমেৰিকাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থান নামৰ সংস্থাটোৰ এক অধ্যয়ন অনুসৰি, O, A, B আৰু AB ব্লাড গ্ৰুপ আৰু ৰুগীয়া ৰোগীক মহে বেছিকৈ আক্ৰমণ কৰে ৷ তাৰ উপৰিও, শৰীৰ অধিক তাপমাত্ৰা আৰু ৰঙীন সাজ-পোছাকেও মহৰ আক্ৰমণৰ কাৰণ হ'ব পাৰে

2. মহ ক'ভিড-19 সংক্ৰমণৰ কাৰণও হ'ব পাৰে ৷ যদিও বৰ্তমানলৈ এই সংক্ৰমণ হোৱাৰ কোনো তথ্য নাই তথাপিও সংক্ৰমণ হ'ব পাৰে ৷

3. মানৱ শৰীৰত মহে আক্ৰমণ কৰাৰ পিচত মহটোৰ মৃত্যু নহয় ৷ গতিকে, মহৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ আপুনি পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰিব ৷ আপোনাৰ গোটেই শৰীৰটো কাপোৰৰে ঢাকিবলৈ যত্ন কৰিব ৷ দিনত শুৱাৰ সময়তে আপুনি আঁঠুৱা ব্যবহাৰ কৰিবলৈ চেষ্টা কৰিব ৷ লগতে, ওচৰ-পাজৰৰ সকলো অঞ্চল চাফ-চিকুনকৈ ৰাখিবলৈ চেষ্টা কৰিব ৷

লগতে পঢ়ক : অসমীয়া পৰম্পৰা জীয়াই ৰখাৰ কাকপথাৰবাসীৰ অনন্য প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.