ETV Bharat / sukhibhava

গৰমৰ দিনত আপোনাৰ চুলিকোচা ভালে ৰখাৰ 7 টা টিপছ

author img

By

Published : Apr 19, 2022, 10:20 AM IST

বছৰৰ আন সময়ৰ তুলনাত সাধাৰণতে গৰমৰ দিনত চুলিকোচা যথেষ্ঠ শুকান আৰু নিস্তেজ হৈ পৰে ৷ ইয়াৰ বহু কাৰণ হ’ব পাৰে ৷ যদিহে আপুনিও এই সমস্যাৰ সন্মুখীন হৈছে, তেন্তে এই প্ৰতিবেদনত আপুনি বিচাৰি পাব তাৰ উত্তৰ ৷ গৰমৰ দিনকেইটাত আপোনাৰ চুলিকোচাৰ কেনেদৰে যত্ন ল’ব(How to keep hair healthy in summer), সেই সন্দৰ্ভত আগবঢ়োৱা হৈছে 7 টা সহজ উপায়(Tips to maintain hair health) ৷

7-tips-to-keep-your-hair-healthy-during-summers
গৰমৰ দিনত আপোনাৰ চুলিকোচা ভালে ৰখাৰ 7 টা টিপছ

প্ৰখৰ ৰ’দ, অনবৰতে বাহিৰ হোৱা ঘাম, আৰ্দ্ৰতাৰ অভাৱ আৰু আন বহুতো কাৰকৰ বাবে পুৰুষ-মহিলা সকলোৱে চুলিৰ সমস্যাত ভোগে ৷ প্ৰতিগৰাকী লোকে গ্ৰীষ্মকালত চুলি সম্পৰ্কীয় সমস্যা যেনে- শুকান ভাৱ, উফি, মূৰৰ ছালত খজুৱতি অথবা ওকণিৰ সমস্যাত ভূগিব পাৰে ৷ ইয়ে কেৱল সহজে চুলি ছিগি যোৱাই নহয়, চুলি নিস্তেজ আৰু নিষ্প্ৰাণ কৰি তোলে ৷

এই সন্দৰ্ভত ইটিভি ভাৰতৰ সুখীভৱৰ সৈতে মত বিনিময় কৰিছিল উত্তৰখণ্ডৰ ডাৰ্মাট’লজিষ্ট ডাঃ আশা চাক্লানিয়ে ৷ বিশেষজ্ঞাগৰাকীয়ে সদৰি কৰা অনুসৰি, গ্ৰীষ্মকালত মূৰৰ ছাল আৰু চুলি সঠিকভাৱে পৰিষ্কাৰ কৰাটো নিতান্তই আৱশ্যক ৷ বিশেষকৈ যিসকল লোক দেশৰ আগশাৰীৰ চহৰত বাস কৰে, য’ৰ জলবায়ুত যথেষ্ঠ আৰ্দ্ৰতা থকাৰ লগতে বায়ু প্ৰদূষণ হয় ৷

প্ৰদূষণ, প্ৰখৰ ৰ’দ আৰু ঘাম মুখ্য কাৰক (Dirt, sunlight and sweat are the main culprits)

ডাঃ আশা চাক্লানিয়ে প্ৰকাশ কৰা অনুসৰি, অধিকাংশ লোকে গৰমৰ দিনত খোলাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে ৷ এনে পৰিস্থিতিত আমাৰ মূৰৰ ছাল ধূলি-মাকতি, প্ৰদূষণ আৰু প্ৰখৰ ৰ’দৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে ৷ যাৰ ফলত চুলিৰ ক্ষতিসাধন হয় ৷

একেদৰে দুচকীয়া বাহন চলোৱাৰ সময়ত দীঘলীয়া সময়ৰ বাবে হেলমেট পিন্ধা লোকসকলৰ পৰা নিগৰিত হয় অত্যাধিক পৰিমাণৰ ঘাম ৷ প্ৰদূষণ আৰু ধূলিৰে মিহলি ঘাম যদি মূৰৰ ছালত জমা হয়, তেন্তে খজুৱতি, দাগ আৰু অন্যান্য সমস্যাসমূহ দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰে ৷

কি কৰিব লাগিব ? (What can be done?)

ডাঃ আশাই গ্ৰীষ্মকালত চুলিৰ যতনৰ বাবে কিছুমান পৰামৰ্শ আগবঢ়াইছে(How to keep hair healthy in summer), যাৰ ভিতৰত আছে :

  1. সপ্তাহত কমেও তিনিবাৰ মাইল্ড(Mild) অথবা প্ৰাকৃতিকভাৱে ভেজষ(Herbal) চেম্পুৰে আপোনাৰ চুলিকোচা ধুব ৷ বিশেষকৈ যিসকলে দৈনিক ধূলি আৰু প্ৰদূষণৰ সংস্পৰ্শলৈ আহে ৷ নতুবা যিসকলে দীঘলীয়া সময়ৰ বাবে হেলমেট পৰিধান কৰিবলগীয়া হয়, তেওঁলোকে দৈনিক ভালদৰে চুলি পৰিষ্কাৰ কৰি ৰখা উচিত ৷
  2. বাহিৰলৈ অহাৰ সময়ত আপোনাৰ চুলিকোচা কপাহী কাপোৰ, টুপী অথবা দুপাট্টাৰে ঢাকিবলৈ নাপাহৰিব ৷ আপোনাৰ চুলিক ৰ’দ আৰু ধূলিৰ প্ৰত্যক্ষ সংস্পৰ্শৰ পৰা দূৰৈত ৰাখক ৷ তদুপৰি হেলমেট পৰিধান কৰিবলগীয়া হ’লে প্ৰথমে এখন কপাহী কাপোৰেৰে আপোনাৰ মূৰটো ঢাকি ল’ব নাইবা দুপাট্টাৰে চুলিকোচা ঢাকি ৰাখিব ৷ এনে কৰিলে নিৰ্গত হোৱা ঘাম সোনকালে শুকাই যোৱাৰ লগতে চুলিত হ’ব পৰা সংক্ৰমণ ৰোধ হ’ব ৷
  3. অত্যাধিক গৰমে চুলিৰ লগতে আমাৰ শৰীৰৰ পৰাও সকলো আৰ্দ্ৰতা বাহিৰ কৰি দিয়ে ৷ সেয়েহে গোটেই দিনটো নিজকে সঠিকভাৱে হাইড্ৰেটেড কৰি ৰাখিব ৷ পানীৰ উপৰিও তৰমুজ, মাস্কমেলন(বাঙি) আদিৰ দৰে প্ৰচুৰ পৰিমাণে পানী থকা সতেজ ফল নাইবা অন্যান্য সতেজ আৰু সেউজীয়া যিকোনো শাক-পাচলি খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ৷
  4. মহিলাসকলে অত্যাধিক টানকৈ চুলি নাবান্ধিব ৷ এনে কৰিলে ঘাম আৰু প্ৰখৰ ৰ’দৰ ফলত চুলিৰ গুৰি ঢিলা হৈ পৰে ৷ যাৰ ফলত সহজে চুলি ছিগিব পাৰে ৷
  5. গৰমৰ দিন বুলিয়ে নহয়, আন সময়তো আপোনাৰ চুলি শুকুবাৱলৈ চুলিকোচা টাৱেলৰে জোৰকৈ মচি নিদিব ৷ এনে কৰিলে চুলিৰ প্ৰাকৃতিক আৰ্দ্ৰতা হ্ৰাস পায় আৰু সহজে চুলি সৰে ৷ সেয়ে চুলি শুকুৱাবলৈ কপাহী কাপোৰ ব্যৱহাৰ কৰক ৷
  6. আপোনাৰ চুলি মজবুত কৰি ৰাখিবলৈ মাত্ৰাধিক ষ্টাইল কৰা পৰিহাৰ কৰক ৷ যেনে- অত্যাধিক পৰিমাণৰ ষ্ট্ৰেইটনাৰ, কাৰ্লাৰ আৰু ড্ৰায়াৰৰ ব্যৱহাৰে চুলি দুৰ্বল কৰি তোলে ৷ তদুপৰি উচ্চ পৰিমাণৰ ৰাসায়নিক পদাৰ্থ থকা চুলিৰ যতনৰ সামগ্ৰী ব্যৱহাৰৰ পৰিৱৰ্তে প্ৰাকৃতিক গুণ সমৃদ্ধ সামগ্ৰী চুলিৰ বাবে ব্যৱহাৰ কৰক ৷
  7. সপ্তাহত দুবাৰকৈ চুলিত তেল লগাওক ৷ কিন্তু ই বেছি সময়ৰ বাবে ব্যৱহাৰ কৰিলে চুলিৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে ৷ গৰমৰ দিনত চেম্পু কৰাৰ 15-60 মিনিটৰ পূৰ্বে চুলিত তেল ব্যৱহাৰ কৰক ৷

ডাঃ আশাই লগতে কয় যে, যদি এই সকলোবোৰ সাৱধানতা অৱলম্বন কৰাৰ পাছতো খজুৱতি, দাগ আদিৰ সমস্যা অব্যাহত থাকে ৷ তেন্তে পলম নকৰি শীঘ্ৰে চৰ্মৰোগ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক ৷

লগতে চাওক: সুস্বাস্থ্য অটুট ৰখাত পিস্তা বাদামৰ ভূমিকা কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.