খেৰণিত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু

author img

By

Published : Dec 16, 2020, 8:46 PM IST

বনৰীয়া হাতীৰ কৰুণ মৃত্যু

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীয়ে কৰুণ মৃত্যুক সাৱতি লয় ।

ডিফু, ১৬ ডিচেম্বৰ : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু হয় । খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বগৰিঘাটত সংঘটিত হৈছে এই ঘটনা । উচ্চ বিদ্যুৎশক্তি সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় হাতী দুটাৰ । ইয়াৰে এটা মতা আৰু আনটো মাইকী হাতী বুলি জানিব পৰা গৈছে ।

বিগত তিনি মাহৰ পৰা বগৰিঘাটৰ জনাঞ্চলত বিচৰণ কৰি আছিল বনৰীয়া হাতীৰ এটা বৃহৎ জাক । ইতিমধ্যে ঘটনাস্থলীত বিভাগীয় লোক উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে । বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । আনহাতে জনাঞ্চলৰ পৰা বনাঞ্চললৈ বনৰীয়া হাতীৰ জাকটোক খেদি পঠোৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো বিহীত ব্যৱস্থা নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে বগৰীঘাটবাসীয়ে ।

যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ খেৰণিৰ কৃষক ৰাইজে হাতীৰ উপদ্ৰৱত উজাগৰী নিশা কটাবলগীয়া হোৱাৰ বিপৰীতে হাতীৰ তাণ্ডৱত ঘৰ-দুৱাৰ, তামোল-নাৰিকল গছ আদি ভাঙি লণ্ডভণ্ড হোৱাত সৰ্বস্বান্ত হৈ আহিবলগীয়া হৈছে । লগতে ভঁৰালৰ ধান, কুঁহিয়াৰ খেতি, পথাৰৰ পকা ধান, অন্যান্য খাদ্য সামগ্ৰী আদিও খাই অঞ্চলবাসীৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীৰ বৃহৎ জাকটোয়ে ।

লগতে পঢ়ক : বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ অনন্ত শিখা প্ৰজ্বলন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.