খেৰণিত জিলা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান

author img

By

Published : Jan 27, 2021, 5:14 PM IST

খেৰণিত জিলা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান

অসম ৰাজ্যিক সাংবাদিক সন্থা, পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত খেৰণিত স্বচ্ছতা অভিযান ।

কাৰ্বি আংলং, ২৭ জানুৱাৰী: অসম ৰাজ্যিক সাংবাদিক সন্থা, পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত খেৰণিত স্বচ্ছতা অভিযান ।

খেৰণিত জিলা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান
খেৰণিত জিলা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান

খেৰণি সাংবাদিক সন্থা আৰু খেৰণি প্ৰেছ ক্লাৱৰ সহযোগত বৃহত্তৰ খেৰণিৰ আদৰ্শ চিকিৎসালয়ৰ সন্মুখৰ পৰা খেৰণি আৰক্ষী নিৱেশৰ সন্মুখলৈকে সাংবাদিকবৰ্গই মংগলবাৰে বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে স্বচ্ছতাৰ কাৰ্যসূচী ৰূপায়ন কৰে ।

উল্লেখ্য যে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি সাংবাদিকসকলে ৰূপায়ন কৰে এই কাৰ্যসূচী । লগতে অনাগত দিনত স্বচ্ছতা অভিযানৰ যি ধাৰা, সেই ধাৰা অঞ্চলবাসীৰ মাজত অব্যাহত ৰখাতো সাংবাদিকসকলৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য । যাৰ পৰিপ্ৰেক্ষিতত সাংবাদিকসকলে গ্ৰহণ কৰিছে এই পদক্ষেপ ।

খেৰণিত জিলা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান
খেৰণিত জিলা সমিতিৰ উদ্যোগত স্বচ্ছ অভিযান

উল্লেখযোগ্য যে খেৰণিৰ পৰা বাতৰি কাকত আৰু বৈদ্যুতিন মাধ্যমৰ সৈতে জড়িত সাংবাদিক ক্ৰমে কনক দেউৰী, অলক বৰ্মন বৰবৰা, বীৰেন ছিং ইংহি, সঞ্জয় সিং, সন্তোষ যাদৱ, জয়ৰাম কাথাৰ, ৰেণ ছিং টেৰণ, অশোক যাদৱ, পঞ্চম ৰাম, মোহন টেৰণ, মোহন ইংতি, ধ্বনিৰাম তিচ্ছ, চাৰিম ৰংফাৰ, ধৰমবীৰ চৌহন, প্ৰাঞ্জল প্ৰতিম নাথে অংশগ্ৰহণ কৰে ৰূপায়িত স্বচ্ছতা অভিযান কাৰ্যসূচীত ।

লগতে পঢ়ক: হঠাৎ শক্তিশালী অগপ : ‘বিগ ব্ৰাডাৰ’ বিজেপিলৈ কিহৰ ইংগিত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.