11 বজাৰ শীৰ্ষ দহটা খবৰ

author img

By

Published : Nov 15, 2020, 11:08 AM IST

Updated : Nov 15, 2020, 1:36 PM IST

NEWS@11

11 বজাৰ শীৰ্ষ দহটা খবৰ

মাতৃক চিকিৎসালয়ত চাবলৈ আহি ধৰ্ষণৰ বলি দুই যুৱতী

দীপাৱলী উপলক্ষে সকলোৱে পোহৰ উদযাপন কৰাৰ মাজতে কৰিমগঞ্জত সংঘটিত এক ধৰ্ষণ কাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ 6 জনকৈ লোকৰ কামনাৰ বলি হ'ল মাতৃক চিকিৎসালয়ত দেখা কৰিবলৈ আহি ঘৰলৈ বুলি উভতা দুগৰাকী ছোৱালী ৷ কৰিমগঞ্জ জিলাৰ নিলামবজাৰত সংঘটিত হৈছে এই দলৱদ্ধ ধৰ্ষণ কাণ্ড ৷

জালুকবাৰীত দাউদাউকৈ জ্বলিল পথৰ দাঁতিত ৰখাই থোৱা বাহন

ৰাজ্যবাসীয়ে দীপাৱলী উদযাপন কৰাৰ সময়তে মহানগৰৰীৰ জালুকবাৰীত শনিবাৰৰ নিশা এক অঘটন সংঘটিত হয় ৷ পথৰ দাঁতিত ৰখাই থোৱা এখন টাটা মেজিক দাওদাওকৈ জ্বলি উঠাৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় ৷ কিন্তু সৌভাগ্যক্ৰমে উক্ত অঘটনত কোনো লোক হতাহতি হোৱা নাই ৷

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ঝাৰখণ্ডৰ প্ৰতিষ্ঠা দিৱসৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঝাৰখণ্ডবাসীক শুভেচ্ছা জ্ঞাপন কৰে ৷ তেওঁ সকলো ঝাৰখণ্ডবাসীৰ সু-স্বাস্থ্য আৰু মংগল কামনা কৰি ৰাজ্যখনৰ সকলো নাগৰিকক শুভেচ্ছা জ্ঞাপন কৰে ৷

ওড়িশাৰ হৃদয়ানন্দই গুৱাহাটীত পাতিছে চাকৰিৰ ক’লা বজাৰ

শনিবাৰে জালুকবাৰী আৰক্ষীৰ জালত পৰে বহিঃৰাজ্যৰ এটা প্ৰৱঞ্চক । ৰে'ল বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ প্ৰৱঞ্চকটোৰ বিৰুদ্ধে । ধৃত লোকজন ওড়িশাৰ হৃদয়ানন্দ দাস বুলি জানিব পৰা গৈছে । শেহতীয়াকৈ বিদ্যানাথ ঝা নামৰ এগৰাকী যুৱকৰ পৰা চাকৰি দিয়াৰ নামত লৈছিল লক্ষাধিক টকা ।

নগাঁৱত পথ দুৰ্ঘটনাত থিতাহে নিহত বাইক আৰোহী

নগাঁও জিলাৰ জুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক ৷ নিহত লোকজনৰ নাম আব্দুল হান্নান বুলি জানিব পৰা গৈছে ৷

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ

দীপাৱলীৰ আনন্দৰ মাজতে উত্তৰ ধেমাজিৰ লাইপুলিয়াত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ নিমিষতে জুইত জুইত ভস্মীভূত হয় এট বাসগৃহ ৷ শনিবাৰে সন্ধিয়া প্ৰায় ৬ বজাত লাইপুলিয়াৰ শংকৰ পাংগিং নামৰ লোকজনৰ বাসগৃহত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ ৷

প্ৰতিঘণ্টাত প্ৰায় 20 কিল'মিটাৰ চাইকেল চলোৱা এটি শিশু

নলবাৰী জিলাৰ বিষ্টুপুৰস্থিত সৃষ্টি জাতীয় বিদ্যালয়ত শনিবাৰে সৃষ্টি মাল্টি ডেভেলপ্মেণ্ট অ’ৰ্গেনাইজেশ্যন (এনজিঅ’)ৰ উদ্যোগত নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস আৰু শিশু দিৱস উদযাপন কৰা হয় ।

সমন্বয় ক্ৰীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বাইহাটা চাৰিআলিৰ সমন্বয় ক্ৰীড়াক্ষেত্ৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে ৷

অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কাৰ্বি আংলং জিলা উপায়ুক্তৰ

শনিবাৰে কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কৰে জিলাৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিনহাই । সীমান্তৰ দলদলি সংৰক্ষিত বনাঞ্চলত নগাক ভূমি পট্টা প্ৰদানৰ বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হৈ পৰে জিলা প্ৰশাসন । সীমান্তত অব্যাহত থকা নগাৰ আগ্ৰাসন সন্দৰ্ভত নাগালেণ্ডৰ ডিমাপুৰ উপায়ুক্তৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে কাৰ্বি আংলং জিলা উপায়ুক্তই ৷

প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা

ৰহস্যজনক পথ দু্ৰ্ঘটনাত মৃত্যু হোৱা সাংবাদিক পৰাগ ভূঞাৰ বাসগৃহত শনিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী ৷ সাংবাদিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে পৰিয়ালবৰ্গক সমবেদনা জনায় উপদেষ্টা গৰাকীয়ে

Last Updated :Nov 15, 2020, 1:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.