ETV Bharat / state

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সম্পূৰ্ণ নকৰাকৈয়ে সৰকালে ধন

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 2:02 PM IST

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ আঁচনিত ব্যাপক অনিয়মৰ অভিযোগ ৷ জন প্ৰতিনিধিৰ বিৰুদ্ধে উঠিছে লুন্ঠন চলোৱাৰ অভিযোগ ৷ জাতিৰ পিতা মহাত্মা গান্ধীৰ সপোনৰ পঞ্চায়তীৰাজ ব্যৱস্থা একাংশ জনপ্ৰতিনিধিৰ বাবে বুমেৰাং হৈছে ৷ বিপাঙত পৰিছে দৰিদ্ৰ হিতাধিকাৰী ৷

Discrepancies in PMAY in Dimakuchi
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ

ওদালগুৰি, ২১ নৱেম্বৰ: কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি ৰূপায়ন কৰি আহিছে ৷ কিন্তু একাংশ জনপ্ৰতিনিধিয়ে কৰা দুৰ্নীতিৰ ফলত আঁচনিৰ সুবিধাসমূহ প্ৰকৃত হিতাধিকাৰীয়ে লাভ নকৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন হৈ আহিছে ৷ এইবাৰ ওদালগুৰিৰ ডিমাকুছিত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিসংগতি ।

ওদালগুৰিৰ ডিমাকুছিত প্ৰধানমন্ত্ৰী আৱাস যোজনাত বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ সম্পূৰ্ণ নকৰাকৈ সকলো কিস্তিৰ ধন মোকলাই নিয়াৰ অভিযোগ উঠিছে । ঠিকাদাৰৰূপী ইউপিপিএল নেতা ৰজনী ডেকাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰী নবীন ডেকাই । উল্লেখ্য যে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত যিমানেই সতৰ্ক নহওক কিয়, একাংশ দালালৰূপী ঠিকাদাৰ তথা শাসকীয় দলৰ নেতা-কৰ্মীয়ে এই আঁচনি ৰূপায়ণত বিসংগতি কৰাত উঠি পৰি লাগিছে ।

সমান্তৰালভাৱে বিটিআৰ ইএম দাউৱাইছা বড়োৰ গৃহ সমষ্টি ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰো ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰী আৱাসৰ কেলেংকাৰীৰ বাতৰিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন সময়ত বিটিচিৰ ইএম,পাৰিষদ সকলেও কেলেংকাৰীৰ কমিছনৰ অংশ লোৱাৰো অভিযোগ উত্থাপিত হৈছে । শেহতীয়াকৈ ভেৰগাঁও সমষ্টিৰ ২নং উত্তৰ ডিমাকুছিৰ নিবাসী প্ৰধানমন্ত্ৰী আৱাসৰ হিতাধিকাৰী নবীন ডেকাই কৰা অভিযোগ অনুসৰি তেওঁৰ নামত আৱন্টন হোৱা আৱাস গৃহ গাঁওখনৰে দালালৰূপী ইউপিপিএল নেতা ৰজনী ডেকাই ঠিকা লৈছিল ।

হিতাধিকাৰীয়ে তিনিওটা কিস্তিৰ ধন মোকলাই দিয়াৰ পিছতো আজি ৮ মাহে নৱীন ডেকাৰ আৱাসগৃহ নিৰ্মাণ কৰি নিদিয়াত উপায়হীন হৈছে দৰিদ্ৰ হিতাধিকাৰীজন । ঠিকাদাৰে ঘৰ নিৰ্মাণ কৰি নিদিয়া সন্দৰ্ভত বিভিন্নজনক অৱগত কৰিছিল যদিও কোনো গুৰুত্ব নোপোৱাত আজি সংবাদমাধ্য়মৰ জৰিয়তে উৰ্ধতন কৰ্তৃপক্ষক ইয়াৰ তদন্ত কৰিবলৈ আহ্বান জনায় হিতাধিকাৰী নবীন ডেকাই ।

লগতে পঢ়ক:পথ সুৰক্ষা সজাগতা: দুধনৈত নিশা বাইক চলাই উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.