ওদালগুৰিত বৃক্ষৰোপণ নকৰাকৈয়ে উলিয়াই নিলে ধন

author img

By

Published : Sep 17, 2022, 2:12 PM IST

Scam in plantation Dhanshree Forest Division

ওদালগুৰি জিলা বন বিভাগত ২২ লাখ ৩০ হাজাৰ টকাৰ বৃক্ষৰোপণ আঁচনিত সংঘটিত হৈছে অনিয়ম । বৃক্ষৰোপণ নকৰাকৈয়ে আঁচনিৰ টকা মোকলাই নিয়াৰ তথ্য ইতিমধ্য়ে ফাদিল হৈছে । এই কেলেংকাৰীৰ তদন্তৰ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাৰ(ABSU demand for Investigation) বড়ো বজাৰ আঞ্চলিক সমিতিয়ে ।

ৰৌতা, ১৭ছেপ্টেম্বৰ: বন ৰক্ষকেই এতিয়া ভক্ষকৰ ৰূপত আৱতীৰ্ণ হৈছে । ওদালগুৰি জিলা বন বিভাগত ২২ লাখ ৩০ হাজাৰ টকাৰ বৃক্ষৰোপণ আঁচনিত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী(Scam in plantation Dhanshree Forest Division)। ৰাইজে উত্থাপন কৰা অভিযোগ মতে,বৃক্ষৰোপণ নকৰাকৈ মোকলাই নিলে সমুদায় ধন ।

ওদালগুৰিত বৃক্ষৰোপণ নকৰাকৈয়ে উলিয়াই নিলে ধন

উত্থাপিত অভিযোগ অনুসৰি ওদালগুৰিৰ ধনশ্ৰীৰ তদানীন্তন বন সংমণ্ডল বিষয়া নৱ কুমাৰ বৰদলৈয়ে নিজা বেংক একাউন্টৰ জড়িয়তে মোকলাই নিলে উক্ত আঁচনিৰ ধন । উল্লেখ্য় যে এই আঁচনিৰ ধন আবণ্টন হৈছিল অসম মালা আঁচনিৰ(Assam Mala Scheme)সময়ত দলগাঁৱৰ পৰা কৌপাটিলৈ যোৱা পথৰ দুয়োকাষে থকা গছ কটা আৰু বৃক্ষৰোপণ কৰাৰ নামত । অসম মালা আঁচনিৰ পথৰ নিৰ্মাণ হ'ল যদিও পথৰ কাষত বৃক্ষৰোপণহে কৰা নহ'ল । বৃক্ষৰোপণ নকৰাকৈয়ে আঁচনিৰ টকা মোকলাই নিয়াৰ তথ্য ইতিমধ্য়ে ফাদিল হৈছে ।

Scam in plantation Dhanshree Forest Division
ওদালগুৰিত বৃক্ষৰোপণ নকৰাকৈয়ে উলিয়াই নিলে ধন

আঁচনিৰ টকা মোকলাই নিয়াৰ পত্ৰখনত উল্লেখ আছে যে গছ কটা, বক্ষৰোপণ আৰু ৫ বছৰৰ বাবে গছপুলি সমূহ তত্বাৱধান কৰাৰ নামত আবণ্টিত হৈছিল ২২ লাখ ৩০ হাজাৰ টকা । ওদালগুৰি শাখাৰ এক্সিছ বেংকত থকা একাউন্টতে এই আঁচনিৰ ধন সোমাইছিল বন সংমণ্ডল বিষয়া বৰদলৈৰ নামত । কিন্তু বৃক্ষৰোপণ নকৰাকৈ কেনেকৈ মোকলাই নিলে এই বৃহৎ ধনৰাশি তাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পথৰ কাষত নাই এডালো গছপুলি । নাই বৃক্ষৰোপণৰ কোনো চিন মোকাম । পথৰ কাষত থকা ৰাইজে দেখাই নাপালে বন বিভাগে ৰোপন কৰা গছপুলি । দেখা পালে কেৱল পথ নিৰ্মাণৰ সময়ত বৃহৎ বৃহৎ মূল্যবান গছ কটাহে ।

দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি থকা চৰকাৰৰ দিনত কেনেকৈ তদানীন্তন বন সংমণ্ডল বিষয়া বৰদলৈয়ে কাম নকৰাকৈ ধন মোকলাই নিলে তাক লৈ ৰাইজে প্ৰশ্ন কৰিছে । কাৰ আশীৰ্বাদ আৰু সাহসত ২২ লাখ ৩০ হাজাৰ টকা নিজ বেংক একাউন্টৰ জড়িয়তে মোকলাই নিলে বৰদলৈয়ে । কোন কোন জড়িত হৈ আছে এই বৃক্ষৰোপণ আঁচনিৰ কেলেংকাৰীত ? এই কেলেংকাৰীৰ তদন্তৰ দাবী জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাৰ বড়ো বজাৰ আঞ্চলিক সমিতিয়ে । গছ কটাৰ পিছত বৃক্ষৰোপণ কিয় কৰা নহ'ল তাৰ উচিত তদন্ত কৰিব লাগে বুলি ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক:শতিকা পুৰণি বিদ্যালয়ত জৰাজীৰ্ণ টিনপাতৰ তলত পাঠদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.