Dichang resort incident : দিচাং ৰিজৰ্টত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তাল ওদালগুৰি

author img

By

Published : Nov 2, 2022, 5:04 PM IST

Dichang

সোণাপুৰৰ দিচাং ৰিজৰ্টত ৰৌতাৰ খিলেশ্বৰ শৰ্মাৰ ৰহস্যজনক মৃত্যু (Rowta youth death in Dichang Resort)। যুৱকজনক হত্যা কৰাৰ অভিযোগ পৰিয়াল তথা স্থানীয় লোকৰ । দিচাং ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ অভিযোগ পৰিয়ালৰ ।

ৰৌতা,২ নৱেম্বৰ : সোণাপুৰৰ দিচাং ৰিজৰ্টত সংঘটিত ঘটনাক লৈ ওদালগুৰিত তীব্ৰ উত্তেজনা (Dichang Resort incident)। দিচাং ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠিছে ওদালগুৰিৰ বিভিন্ন দল-সংগঠন । ৰিজৰ্টত কৰ্মৰত যুৱকক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়াল আৰু সংগঠনৰ ।

দিচাং ৰিজৰ্টত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ উত্তাল ওদালগুৰি

উল্লেখ্য যে ৰবিবাৰে নিশা দিচাং ৰিজৰ্টত কৰ্মৰত ৰৌতাৰ খিলেশ্বৰ শৰ্মা নামৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ খবৰ পলমকৈ পৰিয়ালক দিয়াক লৈও বিভিন্ন ধৰণৰ ৰহস্যৰ উমান পাইছে স্থানীয় লোকসকলে । ইফালে যুৱকজনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে । যুৱকজনৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰৌতা অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি যুৱকজনৰ পৰিয়ালে ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ৰিজৰ্ট কৰ্তৃপক্ষৰ বিৰুদ্ধে (Allegation against Dichang Resort)।

উল্লেখ্য যে, ওদালগুৰি জিলাৰ ৰৌতাৰ ৮ নং ধনশিৰি গাঁৱৰ শান্তিৰাম শৰ্মাৰ পুত্ৰ খিলেশ্বৰ শৰ্মা মহানগৰীৰ সোণাপুৰস্থিত দিচাং ৰিজৰ্টত বহুদিনৰ পৰা কৰ্মৰত হৈ আছিল । অতি দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ ভৰষা আছিল যুৱকজন । দীপাৱালীত ঘৰত কিছুদিন কটাই ৩০ অক্টোবৰত পুনৰ কামলৈ যোৱা যুৱকজন ৩১ অক্টোবৰত ৰিজৰ্টৰ ওপৰ মহলাৰ পৰা পৰি মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়া হয় (Dichang resort worker death)।

আনহাতে ৰহস্যজনকভাৱে চিৰিৰ পৰা পিচলি যুৱকজনৰ মৃত্যু হোৱা বুলিও ৰিজৰ্ট কৰ্তৃপক্ষই পৰিয়ালক কৈছিল । নিশা ঘটনাৰ পাছতে যুৱক জনক GMCHলৈ লৈ যোৱা হয় যদিও যুৱকজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে । ৰিজৰ্ট কৰ্তৃপক্ষৰ দুই ধৰণৰ ভাষ্যই ৰহস্যৰ সৃষ্টি কৰিছে পৰিয়ালৰ মনত । আনকি ইয়াৰ পূৰ্বেও যুৱকজনক ৰিজৰ্টখনৰ অন্যান্য কৰ্মচাৰীয়ে অত্যাচাৰ কৰা বুলি যুৱকজনৰ পৰিয়ালে অভিযোগ কৰিছে ।

যুৱকজনক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি ইতিমধ্যে সোণাপুৰ থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে । সেয়েহে ঘটনাৰ উচিত তদন্তৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজ তথা ওদালগুৰি জিলা গোৰ্খা ছাত্ৰ সন্থাই । তিনিদিনৰ ভিতৰত দোষীক কৰায়ত্ত নকৰিলে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক :Nalbari Wine Shop Controversy : নতুন সুৰাৰ বিপণী মুকলিক লৈ বিৰোধিতা বিভিন্ন সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.