ETV Bharat / state

অৰুণাচল প্ৰদেশৰ লংডিঙত পুনৰ দুই শ্ৰমিকক অপহৰণ, তীব্ৰ চাঞ্চল্য

author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:52 PM IST

Two Labourers Abducted by Suspected NSCN
লংডিঙত পুনৰ দুই শ্ৰমিকক অপহৰণ

অৰুণাচল প্ৰদেশৰ লংডিঙত কৰ্মৰত দুই শ্ৰমিকক অপহৰণ কৰি নিয়ে সন্দেহজনক নগা উগ্ৰপন্থী NSCN (K-YA) গোটে ৷ এই অপহৰণ কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অৰুণাচল প্ৰদেশৰ লংডিঙত ৷

তিনিচুকীয়া, 16 নৱেম্বৰ : অৰুণাচল প্ৰদেশৰ লংডিঙত পুনৰ সংঘটিত হৈছে এক অপহৰণকাণ্ড ৷ বৃহস্পতিবাৰে সংঘটিত হোৱা এই অপহৰণকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে অৰুণাচল প্ৰদেশৰ লংডিঙত ৷ লগতে জোকাৰণিৰ সৃষ্টি কৰিছে অৰুণাচল আৰক্ষীৰ মাজত ৷

জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ লংডিঙত কৰ্মৰত দুই শ্ৰমিকক অপহৰণ কৰি নিয়ে সন্দেহজনক নগা উগ্ৰপন্থী NSCN (K-YA) গোটে ৷ NSCN (K-YA) ৰ তিনিজন সশস্ত্ৰ কেডাৰে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলাৰ তিজা নদীৰ ওচৰৰ অস্থায়ী শ্ৰমিক শিবিৰৰ পৰা কুনচা পংচাউ পথত পৰা দুজন শ্ৰমিকক অপহৰণ কৰি লৈ যায় ৷

প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে পুৱা 4 বজাত সংঘটিত হয় এই অপহৰণকাণ্ডটো ৷ অপহৰণকাণ্ড সংঘটিত কৰাৰ পিছত এখন বলেৰ’ পিকআপ বাহনত ভাৰত-ম্যানমাৰ সীমান্তৰ দিশে লৈ যোৱা হয় দুই অপহৃতক শ্ৰমিকক ৷ অপহৃত দুই শ্ৰমিক ক্ৰমে উত্তৰ প্ৰদেশৰ শশাংক যাদৱ আৰু এনগিনু গাঁৱৰ লেমগাও গোৱাম বুলি চিনাক্ত কৰা হৈছে ৷

সমগ্ৰ অপহৰণকাণ্ডটো NSCN (K-YA) গোটৰ এছ এছ লেঃ কৰ্ণেল বোতাই ৱাংচু আৰু এছ এছ লেঃ আবোজাক ৱাংনোৱে সংঘটিত কৰিছে বুলি চৰ্চিত হৈ পৰিছে অৰুণাচল প্ৰদেশত ৷ পৰৱৰ্তী সময়ত এই শ্ৰমিক শিবিৰত অৰুণাচল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে অপহৃত দুই শ্ৰমিকৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে কি উদ্দেশ্য লৈ এই অপহৰণকাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই ৷ লগতে বিদ্ৰোহী সংগঠনটোৱে এইপৰ্যন্ত এই অপহৰণ কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

লগতে পঢ়ক : দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাত এনকাউণ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.