ETV Bharat / state

Operation against drunk drivers: তিনিচুকীয়াত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান

author img

By

Published : Mar 7, 2023, 11:14 AM IST

হোলীৰ প্ৰাক্ক্ষণত তিনিচুকীয়াত নিশা সুৰাসক্ত চালকৰ বিৰুদ্ধে জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীৰ অভিযান (Tinsukia Transport Departments drive against drunk drivers) ৷ অভিযান কালত ১১ জন সুৰাসক্ত চালকক জৰিমনা ।

insukia District Transport Department
তিনিচুকীয়াৰ ৰাজপথত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান

তিনিচুকীয়াৰ ৰাজপথত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান

তিনিচুকীয়া, ৭ মাৰ্চ: ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত পথ দুৰ্ঘটনাৰ অধিকাংশৰে মূল কাৰণ সুৰাপান (Road accident in Assam) ৷ অত্যাধিক সুৰা সেৱণ কৰি বাহন চলোৱাৰ ফলতেই নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত কৰে পথ দুৰ্ঘটনা ৷ এনে পথ দুৰ্ঘটনাৰ ফৰত সুৰা সেৱন কৰা চালকৰ বলি হয় বহু সাধাৰণ জনতা ৷ বিশেষকৈ ৰাজ্যত যিকোনো উৎসৱ অনুষ্ঠিত হ'লে যেন সুৰা নহ'লে উৎসৱেই নহ'ব, তেনে ধৰণৰ মানসিকতাই গা কৰি উঠিছে একাংশ লোকৰ মনত ৷ সুৰাৰ ৰাগীত মাতাল হৈ সংঘটিত কৰে পথ দুৰ্ঘটনা ৷ সেইবাবে হোলীৰ প্ৰাক্ক্ষণত ৰাজ্য়খনৰ আন প্ৰান্তৰ লগতে তিনিচুকীয়াতো আৰক্ষীয়ে সুৰাপায়ী চালকৰ বিৰুদ্ধে চলালে তালাচী অভিযান (Assam police strict against drink and drive)।

তিনিচুকীয়া জিলা পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে যুটীয়াভাৱে ৰাজপথত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান চলায় (Tinsukia District Transport Department) ৷ তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত সুৰাসক্ত চালকৰ বিৰুদ্ধে চলোৱা অভিযানত দেওবাৰে নিশা ৭ জন আৰু সোমবাৰে নিশা ৪ জন সুৰাসক্ত চালকক চিনাক্ত কৰি তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰি জৰিমনা বিহা হৈছে বুলি সদৰি কৰিছে তিনিচুকীয়া জিলা পৰিবহণ বিষয়া ৰাজীৱ পেগুৱে (Search operation against Alcoholic driver) ৷

ইফালে, অভিযানকালত উপস্থিত থাকে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ময়দুল ইছলাম ৷ সুৰাসক্ত চালকৰ বিৰুদ্ধে চলোৱা অভিযানত হোলী উপলক্ষে কোনো লোকৰ যাতে অত্যাধিক সুৰা সেৱন কৰি পদ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'বলগীয়া নহয় তাৰ কাৰণে সকলোকে সজাগ হ'বলৈ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সকলোকে আহ্বান জনায় (Traffic violations and fines in Assam)। তেওঁ লগতে কয় যে হোলীৰ পাছতো এনেধৰণৰ অভিযান অব্যাহত থাকিব ৷

উল্লেখ্য় যে, বিহু, পূজা, নৱবৰ্ষৰ সমান্তৰালভাৱে এতিয়া হোলীৰ প্ৰাক্ক্ষণতো চলোৱা হয় সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান ৷ তথ্য অনুসৰি বিগত বৰ্ষৰ তুলনাত ৰাজ্যৰ উৎসৱসমূহৰ প্ৰাক্ক্ষণত আৰু উৎসৱৰ সময়ত সুৰাসক্ত চালকৰ বিৰুদ্ধে চলোৱা অভিযানৰ ফলত বহু পৰিমাণে হ্ৰাস পাইছে পথ দুৰ্ঘটনাৰ ঘটনা । অত্যাধিক সুৰা সেৱন কৰি বাহন চলোৱা লোকক যদি আৰক্ষীয়ে চিনাক্ত কৰে তেন্তে ১০ হাজাৰ টকাৰ জৰিমনা বিহাৰ লগতে পৰিবেশ অনুসৰি কাৰাদণ্ড পৰ্যন্ত শাস্তি হ'ব পাৰে ৷

লগতে পঢ়ক:Bhupen Borah press meet: শীঘ্ৰেই প্ৰদেশ কংগ্ৰেছৰ সৈতে চামিল হ’ব এটা আঞ্চলিক ৰাজনৈতিক দল: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.