তিনিচুকীয়াত অনিৰ্দিষ্টকালীন অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Sep 2, 2021, 11:48 AM IST

Protest against oil India limited at Tinsukia

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষোভিত তিনিচুকীয়াবাসী ৷ অইলৰ খনন আৰু উৎপাদন কাৰ্য অনিৰ্দিষ্টকাললৈ বন্ধ ৰখাৰ দাবী কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ।

তিনিচুকীয়া, ২ ছেপ্তেম্বৰ : অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে তিনিচুকীয়া জিলাৰ কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজ । বিগত কিছুদিন ধৰি অইল কৰ্তৃপক্ষই জিলাখনৰ উন্নয়নমূলক কাম-কাজত মুঠেও গুৰুত্ব আৰোপ কৰা নাই । সেয়ে, ক্ষুব্ধ হৈ মঙলবাৰৰ পৰা তিনিচুকীয়াৰ ভিন্ন প্ৰান্তত অনিৰ্দিষ্টকালীন অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে আঠটাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু যুৱ সংঘই ।

অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া কাম-কাজে সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনক প্ৰতাৰণা কৰা অভিযোগ উত্থাপিত হৈ আহিছে । অইল কৰ্তৃপক্ষই জনগণৰ কল্যাণ সাধনৰ অৰ্থে কাম নকৰাৰ অভিযোগ তুলিছে সংগঠনবোৰে । সময়ে সময়ে অইলৰ উৎপাদন প্ৰক্ৰিয়া বন্ধ কৰি দিয়াৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয় ।

অইল কৰ্তৃপক্ষই জিলা প্ৰশাসনৰ সৈতে লগ হৈ জিলাখনৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজ কৰাত গুৰুত্ব দিয়া উচিত আছিল । কিন্তু অইল কৰ্তৃপক্ষই এইবোৰ কামলৈ পিঠি দিয়া অভিযোগ উত্থাপিত হৈছে । সেয়ে অনিৰ্দিষ্টকাললৈ পুনৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সংগঠনবোৰে ।

অইল ইণ্ডিয়া লিমিটেড আৰু তিনিচুকীয়া জিলা প্ৰশাসনে জিলাখনৰ উন্নয়নমূলক কাম-কাজসমূহ বন্ধ কৰি ৰখা আৰু CSR সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে জাতীয় সংগঠনকেইটাই । ইয়াৰ পিছতো যদি তেওঁলোকৰ দাবী মানি নলয়, তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনকেইটাৰ নেতৃত্বই ।

লগতে পঢ়ক: উদ্বেগজনকভাৱে উজনিত বৃদ্ধি পাইছে HIV ত আক্ৰান্ত সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.