Protest in Tinsukia : তিনিচুকীয়াত বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ বিক্ষোভ

author img

By

Published : Mar 13, 2023, 10:59 PM IST

Opposition parties protest against BJP Govt in Tinsukia

ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ ৷ ফলত সোমবাৰে তিনিচুকীয়াত বিজেপি চৰকাৰৰ বিৰুদ্ধে কেবাটাও বিৰোধী দলে যুটীয়াভাৱে ৰূপায়ণ কৰে এক বিক্ষোভ কাৰ্যসূচী (Protest against BJP Govt in Tinsukia)৷

প্ৰতিবাদত উত্তাল হ’ল তিনিচুকীয়া

তিনিচুকীয়া, ১৩ মাৰ্চ : সোমবাৰে প্ৰতিবাদত উত্তাল হ’ল তিনিচুকীয়া থানা চাৰিআলি (Protest in Tinsukia) ৷ মূল্যবৃদ্ধি ৰোধ কৰা, এন্টকাউন্টাৰ ৰাজ বন্ধ কৰা, সকলো ধৰণৰ উচ্ছেদ বন্ধ কৰা, আইন শাসন প্ৰতিষ্ঠা কৰা লগতে অন্যান্য কেইবাটাও দাবীত ভাৰতীয় জাতীয় কংগ্ৰেছ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আম আদমী পাৰ্টী, আৰ জে দি, জাতীয় দল অসম, পিজেপি, চি.পি.আই, চি.পি.আই. এম. এল, চি.পি.আই(এম) দলে তিনিচুকীয়া থানা চাৰিআলি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Opposition parties protest against BJP Govt in Tinsukia)।

সংবাদ মাধ্যমৰ আগত বিৰোধী যৌথ ৰাজনৈতিক মঞ্চ আৰু গণ-সংগঠনসমূহৰ হৈ ৰঞ্জন চৌধুৰীয়ে কয়, ‘‘মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ শাসনত সম্প্ৰতি অসম গণতন্ত্ৰৰ বধ্যভূমিত পৰিণত হৈছে । এনকাউন্টাৰ, মানৱতাহীন বৈষম্যমূলক উচ্ছেদ, মূল্যবৃদ্ধিৰ বোজা, সাম্প্ৰদায়িক বিদ্বেষ, সীমাহীন দুৰ্নীতি আৰু বিৰোধীৰ ওপৰত দমনেই হৈছে এইখন চৰকাৰৰ শাসন পৰিচালনাৰ নীতি । যাৰ বুলড’জাৰেই হৈ পৰিছে নিষ্ঠুৰতাৰ প্ৰতীক’’ ।

লগতে তেওঁ কয়, ‘‘ইতিমধ্যে অসমত এক চৰম অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যখনত ড্ৰাগছৰ বেহা বাঢ়ি গৈছে ৷ চৰকাৰী চোৰাংচোৱা বিভাগ অকৰ্মণ্য হৈছে আৰু চৰকাৰে ড্ৰাগছ নিয়ন্ত্ৰণ কৰাৰ অচিলা লৈ এনকাউণ্টাৰক প্ৰশাসনে হাতিয়াৰ কৰি লৈছে । আইনৰ শাসনক বুঢ়া আঙুলি দেখুৱাই পুলিচৰ ওপৰত অত্যাধিক ক্ষমতা প্ৰদানৰ ফলত এনকাউণ্টাৰ বুমেৰাঙত পৰিণত হৈছে । এইদৰে এনকাউণ্টাৰত ১৪১ জন ঘূণীয়া হোৱাৰ লগতে ৬১ জন হত্যাৰে ৰাজ্যখন ৰাঙলী হৈছে’’ ৷

তেওঁ আৰু কয়, ‘‘নীতিহীন সুৰা নীতিৰ বাবে বাটে-ঘাটে মদৰ প্ৰচলনে ছাত্ৰ-যুৱসকলক পথভ্ৰষ্ট কৰিছে ৷ সহনশীলতাৰ অভাৱ ঘটিছে, চৰকাৰী বে-চৰকাৰী বে-পৰোৱা হত্যা-হিংসা দিনক-দিনে বৃদ্ধি পাইছে । মুখ্যমন্ত্ৰীৰ অপৰাধমুক্ত অসম গঢ়াৰ অভিযান সম্পূর্ণ ব্যৰ্থ হৈছে’’ ৷

বাল্যবিবাহৰ প্ৰসংগত তেওঁ কয়, ‘‘বাল্যবিবাহ ৰোধৰ নামত ইতিপূৰ্বে বিয়া হৈ শান্তিৰে বসবাস কৰা কেইবা হাজাৰ স্বামীক গ্ৰেপ্তাৰ কৰিছে বিজেপি চৰকাৰে ৷ ফলত পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী পুত্ৰ-স্বামীক হেৰুওৱা মাতৃ-পত্নীৰ উচুপনিৰে বতাহ গধূৰ হৈছে’’ ।

আনকি চৰকাৰী ভূমি সংৰক্ষণৰ নামত, তিনিচুকীয়াৰ বগাপানীকে ধৰি বহু ঠাইত আগতীয়া সংস্থাপন নকৰাকৈ, বৈষম্যমূলকভাৱে প্ৰতিপত্তিশীলসকলক এৰি সাধাৰণ জনতাক উচ্ছেদ কৰাৰ ফলত পৰীক্ষাৰ্থীকে ধৰি অবলা-বৃদ্ধ-বনিতাৰ আলৈ-আথানি হৈছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

লগতে ৰঞ্জন চৌধুৰীয়ে আৰু কয়, ‘‘হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ আঁচনিৰ ওপৰত আঁচনি কৰি বৃহৎ ঋণ ফান্দত ৰাজ্যখন বন্ধকত ৰাখিছে । এইদৰে পদে পদে ব্যৰ্থ হৈ মুখ্যমন্ত্ৰীগৰাকী হতাশগ্ৰস্ত হৈ পৰিছে আৰু ক্ষমতা হেৰুৱাৰ আশংকাত ভীতিগ্ৰস্ত হৈ বিৰোধীৰ প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰিবলৈ উঠি-পৰি লাগিছে । আজি এইখন দেশৰ ৰাজনৈতিক ক্ষমতা এচাম পাবত গজা নেতাই নানা মিছা প্ৰতিশ্ৰুতি আৰু কূট-কৌশলেৰে হস্তগত কৰি গণতন্ত্ৰক হত্যা কৰি নিজৰ মইমতালিৰ লীলাভূমিত পৰিণত কৰিছে’’ ।

একপক্ষীয়ভাৱে ‘কা’, কৃষি-আইন, শ্ৰম-আইনকে ধৰি অন্যান্য জনবিৰোধী আইন ৰচনা কৰি জনগণৰ অন্ধকাৰ ভৱিষ্যৎ ৰচনা কৰিছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ কয়, ‘‘দেশৰ সম্পদ জনতাৰ পৰা কাঢ়ি নি পুঁজি পতিক শোধাই তেওঁলোকক পৃথিৱীৰ ভিতৰত ধনী ব্যক্তিত পৰিণত কৰিবলৈ গৈ দেশৰ সাধাৰণ জনতাক তিলতিলকৈ দাৰিদ্ৰতাৰ ফালে ঠেলি দিছে । ফলত নিবনুৱা সমস্যাত জৰ্জৰিত যুৱসমাজ ।

পেট্ৰ’ল-ডিজেল, চিলিণ্ডাৰ, বিদ্যুৎ, খাদ্য দ্ৰব্যৰ লগতে অত্যাৱশ্যকীয় দৰবৰ মূল্যবৃদ্ধি, অস্বাভাৱিক পৌৰকৰ জাপি দি আৰু না না ধৰণৰ জৰিমনাৰে জনজীৱন অতীষ্ঠ কৰিছে । এই দুৰৱস্থা নিৰৱে সহ্য কৰি থাকিলে অচিৰেই সকলোৰে গালৈ অধিক বিপদ অহাৰ সম্ভাৱনা আছে’’ ।

লগতে পঢ়ক : Husband killed wife: পত্নীক হত্যা কৰি পুতি থ’লে চোতালত; হত্যাকাৰী স্বামীৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.