ETV Bharat / state

ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ অনুষ্ঠানত চলিল অশ্লীল ভিডিঅ'

author img

By

Published : May 1, 2022, 10:17 PM IST

তিনিচুকীয়াত ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ এক অনুষ্ঠানৰ মাজতে অঘটন ৷ সভা চলি থকাৰ মাজতে মঞ্চৰ পিচফালে থকা স্ক্ৰীনত চলিল অশ্লীল ভিডিঅ' ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ ৷

ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ অনুষ্ঠানত চলিল অশ্লীল ভিডিঅ'
ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ অনুষ্ঠানত চলিল অশ্লীল ভিডিঅ'

তিনিচুকীয়া, 1 মে’ : তিনিচুকীয়াত ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ এক অনুষ্ঠানৰ মাজতে ঘটিল এক অঘটন । তিনিচুকীয়াৰ হোটেল দা মিৰাণাত মিথানল যুক্ত M15 পেট্ৰ’লৰ উদ্বোধনী অনুষ্ঠান (Government of India and Indian Oil Event) চলি থকাৰ মাজতে সংঘটিত হয় এই অঘটন । সভা চলি থকাৰ মাজতে মঞ্চৰ পিচফালে থকা স্ক্ৰীনত চলিল অশ্লীল ভিডিঅ' (Obscene video in govt programme) ।

এই ভিডিঅ’ প্ৰত্যক্ষ কৰি সভাত উপস্থিত থকা সকলো এক অস্বস্তিত পৰে ৷ এই ঘটনা সংঘটিত হোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষানৰ লগতে ইণ্ডিয়ান অইলৰ কেইবা গৰাকীও শীৰ্ষ বিষয়া, তিনিচুকীয়াৰ জিলা উপায়ুক্ত উপস্থিতিত আছিল ৷

ভাৰত চৰকাৰ আৰু ইণ্ডিয়ান অইলৰ অনুষ্ঠানত চলিল অশ্লীল ভিডিঅ'

ইফালে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতেই ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে জিলা উপায়ুক্তক উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে । কাৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হ'ল বৰ্তমানো জানিব পৰা নাই ৷ কিন্তু ঘটনাস্থলীত ইতিমধ্যে তিনিচুকীয়া জিলা আৰক্ষীৰ লগতে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷

আনকি সভাখনত কম্পিউটাৰ পৰিচালনা কৰা কম্পিউটাৰ অপাৰেটৰ গৰাকীক সোধা-পোচা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ৰাজ্যত চিন্তনীয় ৰূপত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.