ETV Bharat / state

ডিৰাক কপাহতলীৰ গ্ৰেণেড বিস্ফোৰণস্থলীত উপস্থিত NIAৰ তদন্ত

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:01 PM IST

nia probe Tinsukia
তিনিচুকীৰ ডিৰাকত NIAৰ দল

ULFA I Grenade Blast: ৰাজ্যত শেহতীয়াকৈ সংঘটিত বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই ৷ দেওবাৰে তিনিচুকীয়াৰ বিস্ফোৰণস্থলীত তদন্ত আৰম্ভ কৰে NIAএ ৷

তিনিচুকীৰ ডিৰাকত NIAৰ দল

তিনিচুকীয়া, ১৭ ডিচেম্বৰ: ৰাজ্যত শেহতীয়াকৈ সংঘটিত গ্ৰেণেড বিস্ফোৰণ ঘটনাৰ তদন্তৰ বাবে উপস্থিত হৈছেহি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ এটা দল ৷ এন আই এৰ দলটো অসমত উপস্থিত হৈ প্ৰাৰম্ভিক পৰ্যায়ত তিনিচুকীয়াত সংঘটিত বিস্ফোৰণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ তদন্তকাৰী দলটোৱে সোধা-পোছা আৰম্ভ কৰিছে একাংশ লোকক ৷

উল্লেখ্য যে কোনো লোকৰ হানি-বিঘিনি নহ’লেও শেহতীয়াকৈ ৰাজ্যৰ তিনিটাকৈ স্থানত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে সংঘটিত কৰে বোমা বিস্ফোৰণৰ ঘটনা ৷ ঘটনা সংঘটিত কৰাৰ পাছতে দায়িত্ব স্বীকাৰো কৰে বিদ্ৰোহী সংগঠনটোৱে ৷

শেহতীয়াকৈ যোৰহাটত আলফা(স্বা)এ বিস্ফোৰণ ঘটোৱাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ উপৰিও আন আন কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ কাষ চাপিছিল অসম আৰক্ষী ৷ এই কথা জানিবলৈ দিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷

সেই অনুসৰি তিনিচুকীয়া জিলাৰ কাকপথাৰৰ ডিৰাক কপাহতলী সেনা ছাউনীৰ সমীপত সংঘটিত হোৱা গ্ৰেণেড বিস্ফোৰণস্থলীত দেওবাৰে উপস্থিত হয় NIA ৰ এটা দল ৷ ২২ নৱেম্বৰত আলফা স্বাধীনে সেনা ছাউনীটোৰ সমীপত সংঘটিত কৰিছিল গ্ৰেণেড বিস্ফোৰণৰ ঘটনা ৷ তাৰ পাছতে দেওবাৰে দিনত NIA ৰ তদন্তকাৰী বিষয়াই প্ৰায় ২ ঘণ্টা সময় অনুসন্ধান চলায় অঞ্চলটোত ৷ তদন্তকাৰী সংস্থাটোৰ বিষয়াই ঘটনাৰ উৎস বিচাৰে বিস্ফোৰণস্থলীত ৷

উক্ত সময়চোৱাত তিনিচুকীয়া আৰক্ষীৰ শীৰ্ষ বিষয়াসহ NIAৰ বিষয়াই সেনা ছাউনীটোৰ আশে-পাশে আৰম্ভ কৰে তদন্ত ৷ গ্ৰেণেড বিস্ফোৰণ সংঘটিত হোৱা সেনা চাউনিৰ কাষৰ কণ্ঠেশ্বৰ চেতিয়াৰ পৰিয়ালৰ লোককে‌ সোধা-পোছা কৰে NIAৰ বিষয়াই ।

উল্লেখ্য যে, NIA এ ঘটনাস্থলীত অনুসন্ধান চলোৱা সময়ত অথবা কাষৰীয়া মানুহক সোধা-পোছা কৰাৰ সময়ত সংবাদ মাধ্যমৰ লোকক ভিডিঅ’ সংগ্ৰহ কৰাত সম্পূৰ্ণ বাধা প্ৰদান কৰা হয় ৷

আনহাতে মনকৰিবলগীয়া যে, আলফা(স্বা)এ শেহতীয়াকৈ ৰাজ্যত বিক্ষিপ্ত ঘটনা সংঘটিত কৰাক লৈ বিদ্ৰোহী সংগঠনটো আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙৰ মাজত আক্ৰমণ- প্ৰত্যাক্ৰমণ হোৱাৰো পৰিলক্ষিত হৈছে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মন্তব্য কৰা অনুসৰি আলফা(স্বা)এ তেওঁৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ সংঘটিত কৰিছে এনে ঘটনা ৷ ইয়াকে লৈ জিপি সিঙে আলফা(স্বা)ক প্ৰত্যাহ্বান জনাই তেওঁক টাৰ্গেট কৰিবলৈ কয় আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ কাৰ্যালয় আৰু বাসগৃহৰ ঠিকনাও দিয়ে ৷

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ প্ৰত্যাহ্বানৰ প্ৰত্যুত্তৰ দিবলৈ গৈ আলফা(স্বা)য়েও প্ৰত্যাহ্বান জনাই কয় যে পাৰিলে জিপি সিঙে অকলশৰীয়াকৈ গুৱাহাটীত এসপ্তাহ ঘূৰক ৷ আলফা(স্বা) আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ এনে বাক-বিতণ্ডাৰ মাজতে ৰাষ্ট্ৰীয় চোৰাংচোৱা সংস্থাই অসমত শেহতীয়াকৈ আলফা(স্বা)ৰ দ্বাৰা সংঘটিত বিস্ফোৰণৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : সাধাৰণ ৰাইজক নহয়, মোক টাৰ্গেট কৰক : আলফা(স্বা)ক প্ৰত্যাহ্বান ডিজিপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.