উপযুক্ত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত লাইকাবাসী

author img

By

Published : Sep 5, 2021, 5:40 PM IST

উপযুক্ত চিকিৎসা সেৱা লাভকৰাৰ পৰাও বঞ্চিত লাইকাবাসী

বানে বিধ্বস্ত কৰাৰ পাচতে এতিয়া আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে লাইকাবাসী । যাৰ বাবে উপযুক্ত চিকিৎসা অভাৱত চাং ঘৰতে অতিবাহিত কৰিব লগা হৈছে দুৰ্বিসহ সময় । সম্প্ৰতি দুৰ্দশাগ্ৰস্ত লাইকাৰ কেইবাটাও দুৰ্ভগীয়া ভূমিপুত্ৰৰ পৰিয়ালে বহু আশাৰে বাট চাই আছে কেৱল চাৰকাৰলৈ কেতিয়া তেওঁলোকে এই যমৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব ।

তিনিচুকীয়া, 5 ছেপ্তেম্বৰ : বান-গৰাখহনীয়া আৰু পুনৰ সংস্থাপনৰ মাজতে এতিয়া উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত লাইকাবাসী । চিকিৎসা সেৱাৰ বাবে নাই কোনো স্বাস্থ্য কেন্দ্ৰ, নাই কোনো পঢ়াৰ পৰিৱেশ, নাই কোনো উপযুক্ত যাতায়ত ব্যৱস্থা । ইপিনে উপযুক্ত চিকিৎসাৰ অভাৱত লাইকাৰ বহু লোকে প্ৰাণ হেৰুৱাব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোত ।

একেদৰে বানে বিধ্বস্ত কৰাৰ পাচতে এতিয়া আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে লাইকাবাসী । যাৰ বাবে উপযুক্ত চিকিৎসা অভাৱত চাং ঘৰতে অতিবাহিত কৰিব লগা হৈছে দুৰ্বিসহ সময় । সম্প্ৰতি দুৰ্দশাগ্ৰস্ত লাইকাৰ কেইবাটাও দুৰ্ভগীয়া ভূমিপুত্ৰৰ পৰিয়ালে বহু আশাৰে বাট চাই আছে কেৱল চাৰকাৰলৈ, কেতিয়া তেওঁলোকে এই যমৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাব ।

উপযুক্ত চিকিৎসা সেৱা লাভকৰাৰ পৰাও বঞ্চিত লাইকাবাসী

উল্লেখযোগ্য যে, বান আৰু গৰাখহনীয়া সমস্যাটো অসমৰ কোনো নতুন সমস্যা নহয় । প্ৰতি বছৰে বান আহে আৰু উটুৱাই লৈ যায় যাৱতীয় বয়-বস্তু আৰু আপোন ঘৰখন । এতিয়া অন্ন, বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত জীয়াতু ভুগিছে লাইকা-দধিয়াবাসী ৰাইজে ।

লগতে পঢ়কঃ কিয় আৰক্ষীয়ে দুটা গুলী মাৰিছিল বিশাল চৌধুৰীলৈ; ডিচিপিৰ বৰ্ণনা

বছৰটোৰ পঞ্চমটো বানে লাইকা দধিয়াবাসীক বিধ্বস্ত কৰাৰ পাচতে এতিয়া বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে অঞ্চলবাসী । জানিব পৰা মতে, প্ৰায় 16 টাতকৈ অধিক গৃহ ব্ৰহ্মপুত্ৰৰ প্ৰবল বানে উটুৱাই লৈ যায় লাইকা-দধিয়াবাসীৰ । আনহাতে গৃহহাৰা ৰাইজে নাৱতে কটাব লগা হৈছে দিন-ৰাতি ।

উল্লেখযোগ্য যে, 1999 চনতে ডিব্ৰু ছৈখোৱা উদ্যান ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাৰ পাচতে লাইকা- দধিয়াবাসী ৰাইজে পুনৰ সংস্থাপনৰ বাবে বহু প্ৰতিবাদ জনাই আহিছে । বিভিন্ন সময়ত চৰকাৰে প্ৰতিশ্ৰুতি ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে লাইকা দধিয়াবাসী ৰাইজক পুনৰ সংস্থাপন দিয়াৰ ক্ষেত্ৰত ।

কিন্তু আজি পর্যন্ত পুনৰ সংস্থাপন নাপালে লাইকা দধিয়াবাসী ৰাইজে । আজি আমি ইটিভি ভাৰতৰ দৰ্শক সকলক দেখুৱাব বিচাৰিছো লাইকাবাসীৰ দুৰাৱস্থা । বহু কষ্টৰ মাজত কেনেধৰণেৰে এক দুৰ্বিসহ জীৱন কটাব লগা হৈছে লাইকাবাসীয়ে । জানিব পৰা মতে, বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিক লাইকা-দধিয়াৰ বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছতে এতিয়া চৰকাৰে তৎপৰ হৈছে লাইকা বাসীক সংস্থাপন দিয়াৰ ক্ষেত্ৰত । যাৰ বাবে এতিয়া আশাৰে বাট চাইছে লাইকা-দধিয়াবাসীয়ে।

লগতে পঢ়কঃ বিলাসী জাহাজ প্ৰদানৰ নামত মাজুলীবাসীক প্ৰৱঞ্চনা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.