ETV Bharat / state

Flash flood in Sikkim: ছিকিমত 24 ঘন্টাত 245 জন আৱদ্ধ লোকক উদ্ধাৰ ভাৰতীয় সেনাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 5:27 PM IST

Flash flood in Sikkim
ছিকিমত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

উত্তৰ ছিকিমত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত ৷ বিগত 24 ঘন্টাত 245 জন আৱদ্ধ হৈ থকা লোকক উদ্ধাৰ ৷ বিগত ছটা দিনত পৰ্যটকসহ 4,352 জন লোকক উদ্ধাৰ ভাৰতীয় সেনাৰ ৷

তেজপুৰ, 15 অক্টোবৰ : বৰ্তমানেও উত্তৰ ছিকিমত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ভাৰতীয় সেনাই ৷ উল্লেখ্য যে, উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানৰ বাবে প্ৰায় 52 জন লোকৰ মৃত্যু হোৱাৰ লগতে 22 জন সেনা জোৱানসহ 80 জন লোক নিৰুদ্দেশ হৈছিল ৷

প্ৰাকৃতিক দুৰ্যোগৰ পাচতে প্ৰতিকূল বতৰকো নেওচি ঘন জংঘল আৰু এঢলীয়া পাহাৰীয়া ভূখণ্ডৰ মাজেৰে আগবাঢ়ি গৈ সেনাই উত্তৰ ছিকিমৰ ৰাবোম গাঁৱত আৱদ্ধ হৈ থকা 245 জন লোকক উদ্ধাৰ কৰে । 24 ঘণ্টাৰ ভিতৰত ভাৰতীয় সেনাৰ সাহসী জোৱানসকলে 14.8 কিঃ মিটাৰ পথ অতিক্ৰম কৰি কুণ্ডন জল শক্তি প্ৰকল্পৰ 97 জন শ্ৰমিক আৰু আৱদ্ধ হৈ থকা প্ৰায় 100 জন স্থানীয় লোকক উদ্ধাৰ কৰে ।

Flash flood in Sikkim
ছিকিমত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

বৰ্তমান গাঁওখনত সেনাই হেলিপেড তৈয়াৰ কৰিছে ৷ আনহাতে নিৰাপদ ফুট ট্ৰেক তৈয়াৰ কৰি ৰাবোম, মেনশ্বিথাং আৰু চুবিনত আৱদ্ধ লোকসকলক উদ্ধাৰৰ বাবে সহায় কৰি আহিছে সেনাই । দীৰ্ঘ সময়ৰ এই অভিযানৰ বাবে দায়িত্ব বহন কৰি থকা সেনাই আৱদ্ধ হৈ থকা লোকসকলৰ সৈতে খাদ্য আৰু চিকিৎসা সাহায্য আগবঢ়াই আহিছে ।

Flash flood in Sikkim
ছিকিমত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

আনহাতে ভাৰতীয় সেনা, বায়ুসেনা, আই টি বি পিৰ সন্মিলিত সেনাৰ উদ্ধাৰকাৰী দলে 7 অক্টোবৰৰ পৰা 13 অক্টোবৰলৈকে উত্তৰ ছিকিমত উদ্ধাৰ অভিযান চলাই বহুতো লোকক উদ্ধাৰ কৰে বুলি জানিব দিয়ে প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে ।

Flash flood in Sikkim
ছিকিমত সেনাৰ উদ্ধাৰ অভিযান অব্যাহত

উত্তৰ ছিকিমৰ লোনাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বানত বৰ্তমানেও বহুঠাইত আৱদ্ধ হৈছে আছে পৰ্যটক ৷ বিগত ছটা দিনত পৰ্যটকসহ 4,352 জন লোকক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলসমূহে ৷

লগতে পঢ়ক:IAF air show : বায়ুসেনা ষ্টেচনত IAF এয়াৰ শ্ব'ৰ বাবে সাজু ৰাফেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.