Birds Bonding With Human : তিনিচুকীয়াত পৰিয়ালৰ সদস্য হৈ পৰিছে দুটা ধনেশ পক্ষী

author img

By

Published : Jan 25, 2023, 4:45 PM IST

Birds Bonding With Human

লেঙেৰা আৰু শিশু ৷ দুটা ধনেশ পক্ষীৰ নাম ৷ মাতিলেই কাষ চাপি আহে দুৰ্লভ পক্ষী দুটা ৷ তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ এখন ঘৰত বাস কৰা পক্ষী দুটা পৰিয়ালটোৰ সদস্যৰ দৰেই হৈ পৰিল ৷ নিজ সন্তানৰ দৰেই লালন-পালন কৰি আহিছে পৰিয়ালটোৱে (Hornbill love in Tinsukia)৷

তিনিচুকীয়াত পৰিয়ালৰ সদস্য হৈ পৰিছে দুটা ধনেশ পক্ষী

তিনিচুকীয়া, ২৫ জানুৱাৰী : বনৰীয়া জীৱ-জন্তুৱেও যে মানুহৰ মৰম বিচাৰে তাৰ এক জ্বলন্ত উদাহৰণ তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ ন-মটাপুং গাঁৱৰ বীৰেন্দ্ৰ গোঁহাইৰ পৰিয়ালটো ৷ হলৌ উদ্যানখ্যাত বাৰেকুৰিত মানুহৰ সৈতে হলৌবান্দৰে সহাৱস্থান কৰাৰ পাছত ন-মটাপুং গাঁৱৰ বীৰেন্দ্ৰ গোঁহাইৰ পৰিয়ালটোৰ সৈতে বিগত তিনি বছৰে বাস কৰি আহিছে এটা ধনেশ পক্ষীৰ পৰিয়ালে (Hornbill love in Tinsukia)৷

বীৰেন্দ্ৰ গোঁহাইৰ পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি, প্ৰায় তিনি বছৰৰ পূৰ্বে ধুমুহাত বাৰীৰ এডাল প্ৰকাণ্ড গছ ভাঙি পৰিছিল আৰু সেই গছজোপাত এটা খোৰোং কৰি ধনেশ পক্ষীৰ এটা পৰিয়ালে বাহ সাজি লৈছিল ৷ গছজোপা ভাঙি পৰাত উক্ত বাহটোত থকা ধনেশ পক্ষীৰ পোৱালি দুটা আঘাতপ্ৰাপ্ত হৈছিল ৷ পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত পোৱালি দুটাক গোঁহায়ে উঠাই আনি ঘৰুৱাভাৱে যৎপৰোনাস্তি চিকিৎসা কৰি সুস্থ কৰি তুলে যদিও পক্ষীৰ পোৱালি দুটা গোঁহাইৰ পৰিয়ালৰ মৰম পাই আঁতৰি নগ’ল (Hornbill nurturing in Tinsukia) ৷

ধনেশ পক্ষীৰ পোৱালি দুটাই ঘৰৰ হাঁহ, কুকুৰা, মেকুৰী, কুকুৰৰ লগতে উমলি-জামলি সময় অতিবাহিত কৰে ৷ কিন্তু নিজৰ মাতৃয়ে জানো সন্তানক এৰিব পাৰে ! কেতিয়াও নোৱাৰে ৷ সেই বাবেই ধনেশ পক্ষীৰ পোৱালি দুটাক চাবলৈ বনৰীয়া মাক-দেউতাকে দিনটোত দুই-তিনিবাৰ অহাৰ লগতে নিজ মুখেৰে মুখত আহাৰ খুৱাই কিছু মৰম কৰি গুছি যায় ৷ এনেদৰেই ক্ৰমান্বয়ে এদিন-দুদিন কৰি সময়বোৰ পাৰ হ’বলৈ ধৰাত মানুহৰ মুখেমুখে গোঁহাইৰ বাসগৃহত এহাল ধনেশ পক্ষীয়ে বাস কৰি থকা কথাটো চৰ্চা হোৱাত বিভিন্ন ঠাইৰ পৰ্যটকৰ লগতে বনবিভাগৰ লোকেও উপস্থিত হৈ দৰ্শন কৰি আনন্দ লয় ৷ কিয়নো বনৰীয়া ধনেশ পক্ষী সততে এনেদৰে কাষত পোৱাটো দুৰ্লভ ৷

এতিয়া তিনিটাকৈ বছৰে পৰিয়ালটোৰ সৈতে বাস কৰা পক্ষী দুটাক ঘৰৰে এটি সন্তানৰ দৰে অনুভৱ হোৱাৰ লগতে সন্তানৰ দৰেই মৰম চেনেহ কৰা হয় বুলি জানিবলৈ দিয়ে গোঁহাইৰ পৰিয়ালৰ লোকে (Birds lover family in Tinsukia)৷ মানুহে খাবলৈ অনা কল, বিস্কুটৰ লগতে মানুহে খোৱা ভাত খায়েই সন্তুষ্ট ধনেশ পক্ষীহাল ৷ ইফালে আকৌ মানুহে নাখালেও পক্ষীহালৰ দৃষ্টিশক্তি শক্তিশালী কৰাৰ উদ্দেশ্যে পৰিয়ালটোৱে বজাৰৰ পৰা ডালিমো ক্ৰয় কৰি খুৱায় ৷ ধনেশ পক্ষীহাল গোঁহাইৰ বাসগৃহত থকা তিনি বছৰ হ’ল যদিও পৰিয়ালটোৰ বাৰীৰ বাহিৰলৈ নাযায়, ঘৰৰ মানুহ ফুৰিবলৈ গ’লেও ভিতৰতে সোঁমাই থাকে ৷

মাক-দেউতাকে এতিয়া লগ কৰিবলৈ আহে যদিও কোনোপধ্যেই উৰি গুচি নাযায় মাক-দেউতাকৰ লগত ৷ কিন্তু, দুৰ্ভাগ্য যে কোনো দুষ্ট প্ৰকৃতিৰ লোকে কিছুদিনৰ পূৰ্বে এটা পক্ষীৰ ভৰি আৰু পাখিত আঘাত কৰাৰ ফলত আজিও সুস্থ হৈ উঠা নাই এটা পক্ষীটো ৷ মন কৰিবলগীয়া যে, বাৰেকুৰি অঞ্চলটোত প্ৰায় ৩০ টাতকৈ অধিক ধনেশ পক্ষী মানুহৰ বাৰীয়ে বাৰীয়ে ঘূৰি আছে ৷

উল্লেখনীয় যে বাৰেকুৰিত(Barekuri in Tinsukia) হলৌ বান্দৰ, ধনেশ পক্ষীৰ লগতে এনে বহু দুৰ্লভ সম্পদ আছে যাক লৈ এক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাবে গঢ়ি তোলাৰ থল আছে ৷ গতিকে বাৰেকুৰিৰ পৰিৱেশ কৰ্মীসকলৰ লগতে সচেতন মহলে চৰকাৰ, পৰ্যটন বিভাগ, স্থানীয় বিধায়ক, অইল ইণ্ডিয়া লিমিটেডক এই সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি বাৰেকুৰিক এক গ্ৰাম্য পৰ্যটনৰ কেন্দ্ৰ হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক: Flagged off Low Carbon Cruise: মহাবাহুৰ বুকুত মিথানল চালিত জাহাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.