ETV Bharat / state

Human-Elephant Conflict : কাক'জান বনাঞ্চলত উদ্ধাৰ হাতীৰ মৃতদেহ

author img

By

Published : Dec 1, 2021, 6:43 PM IST

Human elephant conflict
কাক'জান বনাঞ্চলত উদ্ধাৰ হাতীৰ মৃতদেহ

ৰাজ্যৰ ভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে তিনিচুকীয়াৰ ডুমডুমাত ৰহস্যজনক ঘটনা । ডুমাডুমা বনাঞ্চলত নিশা দুৰ্বৃত্তই হত্যা কৰিলে এটি বনৰীয়া হাতী (Elephant killed by miscreants at Dumduma)। ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা অব্যাহত আছে সমগ্ৰ অঞ্চলটোত ।

শদিয়া, ১ ডিচেম্বৰ : ৰাজ্যত অব্যাহত আছে হস্তী-মানুহৰ সংঘাত (Human elephant conflict in Assam) । ইয়াৰ মাজতে তিনিচুকীয়াত সংঘটিত হৈছে এক লোমহৰ্ষক কাণ্ড । জিলাখনৰ ডুমডুমা কাক'জান বনাঞ্চলত নিশা দুৰ্বৃত্তই হত্যা কৰিলে এটি বনৰীয়া হাতী (Elephant killed by miscreants at Dumduma)। প্ৰায় ৮-৯ বছৰীয়া হাতীটোৰ নিধনক লৈ এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

খবৰ অনুসৰি নিশা কেইবাজনীয়া এটা হাতীৰ জাকে হাবিখনৰ সমীপৰ ধাননিত প্ৰৱেশ কৰিছিল । তেতিয়াই দানৱৰূপী কোনো দুৰ্বৃত্তই হাতীৰ জাকটোৰ এটা হাতীক হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে । কেৱল এয়াই নহয় হাতীৰ মুখমণ্ডলত আঘাত কৰি দাঁত পৰ্যন্ত কাটি লৈ যায় দুৰ্বৃত্তই ।

কাক'জান বনাঞ্চলত উদ্ধাৰ হাতীৰ মৃতদেহ

পুৱা স্থানীয় লোকে মৃত অৱস্থাত হাতীটো প্ৰত্যক্ষ কৰে । লগে লগে স্থানীয় লোকসকলে বন বিভাগক খবৰ দিয়ে । ইতিমধ্যে ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । হাতীটোক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

ইফালে একাংশ দুষ্ট চক্ৰই বনাঞ্চলখন দিনক দিনে ধ্বংস কৰি আহিছে বুলি অভিযোগ কৰিছে ৰাইজে । ৰাইজৰ মতে বন বিভাগৰ ছত্ৰছায়াতে এনেদৰে দুষ্ট চক্ৰই বনাঞ্চল ধ্বংস কৰিছে । এনেদৰে বনাঞ্চল ধ্বংস হোৱাৰ বাবে খাদ্যৰ সন্ধানত বন্যহস্তী জনাঞ্চললৈ আহিবলৈ বাধ্য হৈছে বুলিও সন্দেহ কৰে ৰাইজে । সমান্তৰালকৈ হাতীটোক হত্যা কৰা সকলক উচিত শাস্তিৰ বাবে ৰাইজে দাবী উত্থাপন কৰিছে ।

লগতে পঢ়ক :man elephant Conflict in Karbi Anglong : পুনৰ বনৰীয়া হাতীৰ আক্রমণত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.