man elephant Conflict in Karbi Anglong : পুনৰ বনৰীয়া হাতীৰ আক্রমণত নিহত এজন

author img

By

Published : Nov 24, 2021, 9:50 AM IST

one-person-killed-by-wild-elephant-attack-in-karbi-anglong

কার্বি আংলং জিলাত হাতী-মানুহৰ সংঘাত (man elephant Conflict in Karbi Anglong) ৷ পুনৰ প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে ৷

ডিফু, 24 নৱেম্বৰ : কার্বি আংলং আৰু পশ্চিম কার্বি আংলং জিলাত হাতী-মানুহৰ সংঘাত (man elephant Conflict in Karbi Anglong) প্রায় এক নিয়মীয়া ঘটনাত পৰিণত হৈ পৰিছে ৷ ইয়াৰ মাজতে মঙলবাৰে সন্ধিয়া কার্বি আংলং জিলাৰ বােকাজানত বনৰীয়া হাতীৰ আক্রমণত প্ৰাণ গ'ল এজন লােকৰ (elephant attack at Bokajan)। নিহত লােকজন বােকাজান বৰমান্থি মাজগাঁৱৰ নিবাসী জয়লাল পাণিকা (৫০) বুলি চিনাক্ত কৰা হৈছে ।

ঘটনাৰ বিৱৰণ অনুসৰি, মঙলবাৰে বিয়লি প্রায় চাৰি বজাৰ পৰাই এটা উন্মত্ত বনৰীয়া হাতীয়ে বৰমান্থী মাজগাঁও এলেকাত আতংকৰ সৃষ্টি কৰি আছিল । এনে সময়তে উক্ত পথেৰে নিজ ঘৰ অভিমুখে গৈ থকা অৱস্থাতে অকস্মাতে বনৰীয়া হাতীটোৱে লােকজনক আক্রমণ কৰাত জয়লাল পাণিকাৰ থিতাতে মৃত্যু হয় । ঘটনা সংঘটিত হােৱাৰ পিছত স্থানীয় লােকসকলে বন বিভাগৰ লােকক খবৰ দিয়াত বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক : কাৰ্বি আংলঙত খাদ্যৰ সন্ধানত ৰাজপথত গজৰাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.