ETV Bharat / state

Dowry demand case:ফিল'বাৰীত যৌতুক বিচাৰি বোৱাৰীক নিৰ্যাতন

author img

By

Published : Jul 10, 2023, 4:30 PM IST

শাহু আৰু ননদৰ শাৰীৰিক,মানসিক অত্যাচাৰৰ সন্মূখীন এগৰাকী বোৱাৰী । ফিল'বাৰী অঞ্চলত সংঘটিত হৈছে এই ঘটনা । আৰক্ষী থানাত এজাহাৰ দাখিল ।

Dowry demand case
যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ

যৌতুক বিচাৰি শাৰীৰিক আৰু মানসিক অত্যাচাৰ

তিনিচুকীয়া, ১০ জুলাই: তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ফিল'বাৰী কৃষ্ণপুৰ গাঁৱত সংঘটিত হৈছে এক জঘন্য ঘটনা । ঘটনাৰ বিৱৰণি অনুসৰি, ২০১৯ চনত ডিব্ৰুগড় জিলাৰ মৰাণৰ এগৰাকী যুৱতী ফিল'বাৰী অঞ্চলৰ কৃষ্ণপুৰ গাঁও নিৱাসী প্ৰয়াত লোকনাথ ছেত্ৰীৰ পুত্ৰ সন্তোষ ছেত্ৰী নামৰ এজন যুৱকৰ সৈতে সম্পূৰ্ণ সামাজিক নিয়ম-নীতিৰে বিবাহ পাশত আৱদ্ধ হৈছিল । পৰৱৰ্তী সময়ত বৈবাহিক জীৱনৰ সাক্ষী হিচাপে দুয়োৰে মাজলৈ আহে এটি পুত্ৰ সন্তান ।

এই পুত্ৰ সন্তানৰ বৰ্তমান বয়স হৈছে ২ বছৰ ৩ মাহ । কিন্তু মহিলা গৰাকীৰ পিতৃ পৰিয়ালে অভিযোগ কৰা অনুসৰি, সন্তোষ ছেত্ৰীৰ মাতৃ আৰু ভগ্নী অৰ্থাত শাহু মাক আৰু ননদে মিলি বোৱাৰী গৰাকীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে । উল্লেখযোগ্য যে, সন্তোষ ছেত্ৰী বৰ্তমান চেন্নাইত কৰ্মৰত হৈ আছে আৰু পত্নীৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰক্ষা কৰা নাই । যাৰ পৰিপ্ৰেক্ষিতত শাহু আৰু ননদে মিলি বোৱাৰীগৰাকীৰ ওপৰত দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে ।

লগতে পঢ়ক:Assam Govt Grant to Schools : শিক্ষা সেতু পৰ্টেলত ১১,৪৮০ খন বিদ্যালয়ৰ ৩৩,৫৮৩ গৰাকী শিক্ষকে আপলোড কৰা নাই প্ৰফাইল

আনহাতে, সন্তোষ ছেত্ৰীৰ ভাতৃ তথা বোৱাৰীগৰাকীৰ দেৱৰ, ডুবাইত কৰ্মৰত কৃষ্ণ ছেত্ৰীয়েও ফোনযোগে বিভিন্ন সময়ত বোৱাৰীগৰাকীক ভাবুকি প্ৰদান কৰি আহিছে । তদুপৰি স্বামীৰ পৰিয়ালে বোৱাৰীগৰাকীক মৃত্যুৰ ভাবুকি পৰ্যন্ত প্ৰদান কৰাৰ কথা এজাহাৰত উল্লেখ কৰিছে । এনে পৰিস্থিতিত উপায়হীন হৈ দুৰ্ভগীয়া বোৱাৰীগৰাকী এতিয়া আৰক্ষীৰ কাষ চাপিছে ।

এই দুৰ্ভগীয়া বোৱাৰীগৰাকীয়ে মাতৃগৃহৰ লোকৰ উপস্থিতিত ফিল'বাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । এই ঘটনাৰ এক উচিত তদন্ত কৰি দুৰ্ভগীয়া বোৱাৰীগৰাকীক ন্যায় প্ৰদান কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

লগতে পঢ়ক:Public Protest at Lahowal: পুৰুষ আৰক্ষীয়ে মহিলা প্ৰতিবাদকাৰীৰ গাত হাত দিয়া অভিযোগক অস্বীকাৰ ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.