ETV Bharat / state

তিনিচুকীয়াৰ ৰাজপথত আছুৰ ‘কা’ বিৰোধী প্ৰতিবাদ

author img

By

Published : Jul 28, 2020, 2:57 PM IST

মঙলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত জিলাখনৰ ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই সামাজিক দুৰত্ব বজাই ৰাখি সাব্যস্ত কৰে প্ৰতিবাদ ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখত আৰু মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

Protest Against CAA
Protest Against CAA

তিনিচুকীয়া,28 জুলাই : তিনিচুকীয়াত আছুৰ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মানৱ শৃংখল ৷ ৰাজ্যত এতিয়া কৰ’ণাৰ ত্ৰাস,কিন্তু তাৰ মাজতে এতিয়া পুনৰ ৰাজ্যত গঢ় লৈ উঠিছে চৰকাৰ বিৰোধী আন্দোলন ।

মংগলবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বানত জিলাখনৰ ১২ খন আঞ্চলিক ছাত্ৰ সন্থাই সামাজিক দূৰত্ব বজাই ৰাখি সাব্যস্ত কৰে প্ৰতিবাদ ৷ তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই তিনিচুকীয়া মহাবিদ্যালয়ৰ সন্মুখত আৰু মাকুম আঞ্চলিক ছাত্ৰ সন্থাই মাকুমৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

ৰাজপথত আছুৰ ‘কা’ বিৰোধী প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত 2019 বৰ্ষৰ শেষ সময়চোৱাৰ পৰা ৰাজ্যত আৰম্ভ হৈছিল প্ৰতিবাদ ৷ কিন্তু সকলো প্ৰতিবাদক নস্যাৎ কৰি বিধেয়ক খনক লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰি নাগৰিকত্ব সংশোধনী আইনলৈ পৰিণত কৰিছিল বিজেপি চৰকাৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দল-সংগঠন সমন্বিতে অসমৰ ৰাইজ নামি পৰে আন্দোলনত ৷ কঠোৰ হাতেৰে চৰকাৰে সেই আন্দোলন দমন কৰে যদিও পুনৰ আছুৱে এই আন্দোলনৰ উকমুকনি তুলিছে ৷

Protest Against CAA
‘কা’ বিৰোধী প্ৰতিবাদ

লগতে পঢ়ক : তামুলপুৰ ভাৰত ভূটান সীমান্তত ৰকেট লান্সাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.