দক্ষিণ শালমাৰা মানকাচৰত 'মোৰ ভোট মোৰ অধিকাৰ' শীৰ্ষক সজাগতা সমদল

author img

By

Published : Dec 14, 2020, 9:44 PM IST

দক্ষিণ শালমাৰা মানকাচৰত প্ৰশাসনৰ 'মোৰ ভোট মোৰ অধিকাৰ' শীৰ্ষক সজাগতা সমদল

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ সজাগতামূলক সমদল । 'মোৰ ভোট মোৰ অধিকাৰ দেশ গঢ়াৰ' শীৰ্ষক সজাগতা সমদলৰ জৰিয়তে প্ৰশাসনে ৰাইজক ভোটদান সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰে ।

ধুবুৰী, ১৪ ডিচেম্বৰ : ২০২১ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ সভা আয়োজন কৰাৰ সমান্তৰালকৈ চৰকাৰেও সাধাৰণ ৰাইজক ভোটদান সন্দৰ্ভত সজাগ কৰাৰ প্ৰয়াস কৰিছে । ভোটাধিকাৰৰ প্ৰকৃত অৰ্থ উপলব্ধি কৰিব নোৱাৰা লোকসকলক সজাগ কৰাৰ বাবে সোমবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতামূলক সমদল আয়োজন কৰা হয় ।

দক্ষিণ শালমাৰা মানকাচৰত প্ৰশাসনৰ 'মোৰ ভোট মোৰ অধিকাৰ' শীৰ্ষক সজাগতা সমদল
দক্ষিণ শালমাৰা মানকাচৰত প্ৰশাসনৰ 'মোৰ ভোট মোৰ অধিকাৰ' শীৰ্ষক সজাগতা সমদল

এই কাৰ্যসূচীত অংশ লৈ নিৰ্বাচনী বিষয়া বিভাষ মেধিয়ে কয় যে, সকলোৱে নিজৰ নিজৰ ভোটাৰ তালিকাখন চাব লাগে আৰু যদি নাম তালিকাখনত অহা নাই তেন্তে অহা ১৫ ডিচেম্বৰৰ ভিতৰত সনিৱিষ্ট কৰিব লাগিব ৷

দক্ষিণ শালমাৰা মানকাচৰত প্ৰশাসনৰ 'মোৰ ভোট মোৰ অধিকাৰ' শীৰ্ষক সজাগতা সমদল
দক্ষিণ শালমাৰা মানকাচৰত প্ৰশাসনৰ 'মোৰ ভোট মোৰ অধিকাৰ' শীৰ্ষক সজাগতা সমদল

নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে জনাই যে, যদি কোনো লোকৰ নাম ভোটাৰ তালিকাত ভুল আহিছে তেন্তে অতি সোনকালে শুদ্ধ কৰি ল'ব লাগিব । যি সময়ত ভোটাধিকাৰ সাব্যস্ত কৰাক লৈ এতিয়াও সমাজৰ এচাম লোক সজাগ নহয়, তেনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ এনে পদক্ষেপক ৰাইজে আদৰণি জনোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:জনজাতিকৰণৰ দাবীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.