দক্ষিণ শালমাৰাত চোৰাং সোণসহ আটক সৰবৰাহকাৰী

author img

By

Published : May 17, 2021, 4:22 PM IST

Updated : May 31, 2021, 6:22 AM IST

illegal gold seized in South salmara

দক্ষিণ শালমাৰাৰ কাউৱাহাগী গাঁৱত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং সোণ ৷ আৰক্ষীয়ে অভিযানত গ্ৰেপ্তাৰ কৰিছে সহিদুৰ ইছলাম নামৰ ধৃত সৰবৰাহকাৰীক ৷

ধুবুৰী, 17 মে’: দক্ষিণ শালমাৰাৰ কাউৱাহাগী গাঁৱত সোমবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং সোণ ৷ আৰক্ষীয়ে অভিযানত গ্ৰেপ্তাৰ কৰিছে সহিদুৰ ইছলাম নামৰ ধৃত সৰবৰাহকাৰীক ৷

illegal gold seized in South salmara
দক্ষিণ শালমাৰাত চোৰাং সোণসহ আটক সৰবৰাহকাৰী

দক্ষিণ শালমাৰা থানাৰ আৰক্ষী বিষয়া অতুল চন্দ্ৰ প্ৰাধানীৰ নেতৃত্বত চলিছিল এই অভিযান ৷ অভিযানত 1.800 কিল’গ্ৰাম ওজনৰ এখন সোণৰ নাও জব্দ কৰিছে আৰক্ষীয়ে ৷

illegal gold seized in South salmara
দক্ষিণ শালমাৰাত চোৰাং সোণসহ আটক সৰবৰাহকাৰী

তদুপৰি সৰবৰাহকাৰীৰ পৰা ML-08D-4262, ML-08A-3890 নম্বৰৰ দুখন বাইকো জব্দ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: দেশৰ ভিন্ন প্ৰান্তত ঘূৰ্ণী বতাহ টাউতেৰ সংহাৰ

Last Updated :May 31, 2021, 6:22 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.