শিক্ষক অবিহনে কেনেকৈ পাঠদান চলিছে হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ?

author img

By

Published : Jan 30, 2021, 4:53 PM IST

hajirhat high school south salmara

স্থানীয় লোক আৰু অভিভাৱকৰ অভিযোগ অনুসৰি শনিবাৰে হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আমিনুল ইছলামৰ লগতে বিদ্যালয়ৰ এজনো শিক্ষক উপস্থিত নাথাকে ৷

ধুবুৰী, 30 জানুৱাৰী : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এজনো শিক্ষক উপস্থিত নথকাৰ বাবে শনিবাৰে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ স্থানীয় লোক আৰু অভিভাৱকৰ অভিযোগ অনুসৰি শনিবাৰে বিদ্যালয়খনৰ অধ্যক্ষ আমিনুল ইছলামৰ লগতে বিদ্যালয়ৰ এজনো শিক্ষক উপস্থিত নাথাকে ৷

hajirhat high school south salmara
শিক্ষক অবিহনে কেনেকৈ পাঠদান চলিছে হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

ইফালে, দীর্ঘ দিনৰ পৰা বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মধ্যাহ্ন ভোজন নিদিয়াৰ অভিযোগ তুলিছে অভিভাৱক সকলে ৷ এই সন্দৰ্ভত স্থানীয় দল সংগঠনৰ লগতে অভিভাৱক সকলে কেইবাবাৰো অধ্যক্ষ জনৰ বিৰুদ্ধে জিলা প্ৰশাসন তথা শিক্ষা বিভাগত অভিযোগ দাখিল কৰিছিল যদিও আজিকোপতি গুৰুত্ব নিদিয়াৰ কথা প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

hajirhat high school south salmara
স্মাৰক পত্ৰ

এনে পৰিপেক্ষিতত শনিবাৰে বিদ্যালয়খনৰ অভাৱ অভিযোগ সম্বলিত এখন স্মাৰক পত্ৰ হাজিৰহাট আঞ্চলিক ছাত্ৰ সন্থাই পুনৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰিছে ৷

লগতে পঢ়ক : গো-মাফিয়া আদম আলীক ৫ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.