দক্ষিণ শালমাৰাত এআইইউডিএফৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

author img

By

Published : Mar 8, 2021, 7:18 PM IST

এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড

এআইইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড । দক্ষিণ শালমাৰা সমষ্টি এ আই ইউ ডি এফে মিত্ৰ দল কংগ্রেছক এৰি দিয়াক লৈ ক্ষোভিত একাংশ দলীয় কৰ্মী । সোমবাৰে দলৰ কাৰ্যালয়ৰ চকী-মেজ ভাঙি পেলোৱাৰ লগতে নথি-পত্ৰ, পোষ্টাৰ আদিও জ্বলাই দিলে সমষ্টিটোৰ ক্ষুদ্ধ নেতা-কৰ্মীয়ে ।

ধুবুৰী, ৮ মাৰ্চ: দক্ষিণ শালমাৰাত মিত্ৰ দলৰে আসন ভাগ-বটোৱাৰাক লৈ মুঠেও সন্তুষ্ট নহয় এ আই ইউ ডি এফৰ নেতা-কৰ্মী । এ আই ইউ ডি এফৰ শীৰ্ষ নেতৃত্বই কংগ্ৰেছক সমষ্টি এৰি দি মিত্ৰতাৰ সম্পৰ্ক স্থাপন কৰিছে ঠিকেই, কিন্তু দলৰ একাংশ নেতা-কৰ্মীয়ে ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে । দৰাচলতে কংগ্ৰেছ-এ আই ইউ ডি এফৰ আসন বুজাবুজিৰ ভিত্তিত এ আই ইউ ডি এফৰ ৰাজধানী খ্যাত দক্ষিণ শালমাৰা সমষ্টি কংগ্রেছক এৰি দিছে আজমলে ।

এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড
এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড

সমষ্টিটো মিত্ৰ দল কংগ্রেছক এৰি দিয়াক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি সোমবাৰে একাংশ দলীয় কৰ্মীয়ে লণ্ডভণ্ড কৰিলে এ আই ইউ ডি এফৰ জিলা কাৰ্যালয় । দলৰ কাৰ্যালয়ৰ চকী-মেজ ভাঙি পেলোৱাৰ লগতে নথি-পত্ৰ, পোষ্টাৰ আদিও জ্বলাই দিয়ে সমষ্টিটোৰ ক্ষুদ্ধ নেতা-কৰ্মীয়ে । বদৰুদ্দিন আজমলৰ লগতে এ আই ইউ ডি এফৰ বিৰুদ্ধে শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে দলৰ কৰ্মকৰ্তাই ।

এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড
এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড

সোমবাৰে ধুবুৰী চিলড্ৰেন পাৰ্কত এখন সভা অনুষ্ঠিত কৰিএ আই ইউ ডি এফ বৰ্জন কৰাৰ কথা ঘোষণা কৰে সমষ্টিটোৰ দলীয় নেতা-কৰ্মীয়ে । এই সভাত দক্ষিণ শালমাৰা সমষ্টিৰ একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীও উপস্থিতি থাকে । ইয়াৰ পিছতে জিলা কাৰ্যালয়ত উপস্থিত হৈ কাৰ্যালয়ৰ তলা ভাঙি ভিতৰৰ পৰা বিভিন্ন নথি-পত্ৰ, পোষ্টাৰ, বেনাৰ আদি উলিয়াই আনি জ্বলাই দিয়ে ক্ষুদ্ধ কৰ্মকৰ্তাই ।

এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড
এ আই ইউ ডি এফৰ দক্ষিণ শালমাৰাৰ জিলা কাৰ্যালয় লণ্ডভণ্ড

এ আই ইউ ডি এফ বৰ্জন কৰাৰ লগতে কংগ্ৰেছ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীক ভোট নিদিয়ে বুলিও এ আই ইউ ডি এফ কৰ্মীসকলে স্পষ্ট কৰি দিয়ে । কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে বিকল্প সিদ্ধান্ত লোৱাৰ হ'ব বুলিও মন্তব্য কৰে আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে । আনহাতে, আজমল আৰু নজৰুল হকে কংগ্ৰেছৰ সৈতে মোটা অংকৰ লেন-দেন কৰাৰো অভিযোগ উত্থাপিত কৰিছে কৰ্মীসকলে । আনহাতে, প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলে টিকটৰ বাবে আজমলক সাক্ষাৎ কৰাত মছজিদত গ'লে টিকট পাব বুলি কটাক্ষ কৰিছিল বুলিও ক্ষোভ প্ৰকাশ কৰে একাংশ প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে ।

উল্লেখ্য যে, এ আই ইউ ডি এফ দল বৰ্জন কৰা লোকসকলে যদি নিৰ্দলীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰে তেন্তে কংগ্ৰেছৰ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰী তীব্র প্ৰত্যহ্বানৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিশ্চিত বুলি চৰ্চা চলিছে ৰাজনৈতিক মহলত ।

লগতে পঢ়ক:শিৱসাগৰৰ পৰা নিৰ্বাচন খেলিব অখিল গগৈয়ে: মনোনয়ন পত্ৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.