দক্ষিণ শালমাৰাত জিলা আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

author img

By

Published : Feb 25, 2021, 9:10 PM IST

দক্ষিণ শালমাৰাত জিলা আছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

ব্ৰহ্মপুত্ৰৰ নদীৰ খহনীয়া স্থায়ীভাৱে প্ৰতিৰোধ কৰাৰ দাবীত দক্ষিণ শালমাৰাত প্ৰতিবাদত নামিল আছু । বৃহস্পতিবাৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে জিলা আছুৰ কৰ্মকৰ্তাসকলে ।

ধুবুৰী, ২৫ ফেব্ৰুৱাৰী: প্ৰতিবছৰে ব্ৰহ্মপুত্ৰৰ নদীৰ খহনীয়াই দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ নৈপৰীয়া লোকলৈ ভাবুকি কঢ়িয়াই আনে । খহনীয়াত ঘৰ-মাটি জাহ যোৱাৰ ফলত গৃহহীন হৈ পৰে বহু লোক । খহনীয়াত ক্ষতিগ্ৰস্ত ৰাইজে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো চৰকাৰে আজি পৰ্যন্ত স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে । সেয়ে, ইয়াৰ স্থায়ী সমাধান বিচাৰি বৃহস্পতিবাৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে জিলা আছুৰ কৰ্মকৰ্তাসকলে ।

দক্ষিণ শালমাৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সম্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচী দক্ষিণ শালমাৰা মানকাচৰ জিলা আছুৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীৰ লগতে স্থানীয় ৰাইজেও অংশগ্ৰহণ কৰে ।

চৰকাৰ, প্ৰশাসন আৰু জনপ্ৰতিনিধিৰসকলৰ চৰম অবহেলাৰ কাৰণে দক্ষিণ শালমাৰা সমষ্টি আৰু মানকাচৰ সমষ্টিৰ ৰাইজে ব্ৰহ্মপুত্ৰ খহনীয়াৰত মাটি-ভেঁটি হেৰুৱাই সৰ্বশান্ত হোৱাৰ লগতে ভীতিগ্ৰস্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শৰিফুল ইছলাম প্ৰধানীয়ে । সেয়ে ব্ৰহ্মপুত্ৰ খহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

লগতে পঢ়ক:ধুবুৰীৰ এখন বিদ্যালয়ত প্ৰধান শিক্ষকৰ অপকৰ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.