Azadi ka Amrit Mahotsav: সশস্ত্ৰ সীমা বলৰ সীমান্তৱৰ্তী অঞ্চলত হৰ ঘৰ ত্ৰিৰংগা অভিযান

author img

By

Published : Aug 2, 2022, 7:01 PM IST

SSB

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence of India) উদযাপন কৰাৰ বাবে এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে 'হৰ ঘৰ ত্ৰিৰংগা' (Har Ghar Tiranga), 'ঘৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰি তুলিবলৈ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলাৰ 67 নং এছ এছ বি বাহিনীয়ে ইতিমধ্যে ২০০ ৰো অধিক ঘৰত গৈ ত্ৰিৰংগ পতাকাৰ মৰ্মাৰ্থ আৰু অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই ত্ৰিৰঙ্গা পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে ।

তেজপুৰ, ২ আগষ্ট : দেশত 'আজাদী কা অমৃত মহোৎসৱ' (Azadi ka Amrit Mahotsav) পালনৰ বাবে সুৰক্ষা বাহিনীয়ে সীমান্তৰ গাঁওসমূহত সজাগতা বৃদ্ধি কৰিছে । ভাৰত- চীন সীমান্তত অৱস্থিত এলেকাৰ গাঁওসমূহত সশস্ত্ৰ সীমা বলৰ যোগেদি প্ৰতিদিনে গাঁও অঞ্চলত গৈ ঘৰে ঘৰে সজাগতা সৃষ্টি কৰিছে ।

উল্লেখ্য, দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence of India) উদযাপন কৰাৰ বাবে এইবাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক্ৰমে 'হৰ ঘৰ ত্ৰিৰংগা ' (Har Ghar Tiranga), 'ঘৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী সফল কৰি তুলিবলৈ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ লুংলাৰ 67 নং এছ এছ বি বাহিনীয়ে ইতিমধ্যে ২০০ ৰো অধিক ঘৰত গৈ ত্ৰিৰংগ পতাকাৰ মৰ্মাৰ্থ আৰু অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ এই ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে ।

সশস্ত্ৰ সীমা বলৰ সীমান্তৱৰ্তী অঞ্চলত ঘৰ ঘৰ ত্ৰিৰঙ্গা অভিযান
সশস্ত্ৰ সীমা বলৰ সীমান্তৱৰ্তী অঞ্চলত ঘৰ ঘৰ ত্ৰিৰঙ্গা অভিযান

আজি সীমান্তৰ খবলেটিং নামৰ অতি স্পৰ্শকাতৰ গাঁৱত সশস্ত্ৰ সীমা বলৰ জোৱান (Sastra Sima Bol campaigning on hosting National Flag) আৰু বিষয়াসকলে ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় । আনহাতে, 67 নং বাহিনীয়ে নাংছেৰিং আৰু জেমিথাং অঞ্চলত থকা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু লুংলা ৰাজহ চক্ৰৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ভাৰতৰ ত্ৰিৰংগ পতাকাৰ কোড সম্পৰ্কে জ্ঞান দিয়ে ।

আনহাতে, সশস্ত্ৰ সীমা বলৰ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ প্ৰশিক্ষণ শিবিৰ শালনিবাৰীত উপ মহাপৰিদৰ্শক মনমোহন সিঙৰ নেতৃত্বত নতুন শিক্ষাৰ্থী আৰু বিষয়াসকলে 'আজাদী কা অমৃত মহোৎসৱ' উদযাপন উপলক্ষে চাইকেল ৰেলীৰে (Cycle Rally by SSB campaigning on har ghar tiranga) তেজপুৰৰ হলেশ্বৰ, শলমৰা আৰু বহু ভিতৰুৱা অঞ্চলত চাইকেল চলাই ত্ৰিৰংগা পতাকাৰ সজাগতা সৃষ্টি কৰে । তেজপুৰ ফ্ৰণ্টিয়াৰৰ (Tezpur Frontier) মহাপৰিদৰ্শক বিনোদ নায়কৰ নেতৃত্বত এতিয়া এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ অধীনত ভাৰত-ভূটান আৰু ভাৰত-চীন সীমান্তত অৰুণাচল প্ৰদেশ আৰু অসমৰ শোণিতপুৰ জিলাৰ অধীনত থকা সকলো বাহিনীৰ লোকে গাৱেঁ গাৱেঁ ত্ৰিৰংগা পতাকাৰ সজাগতা আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Indian National Flag Design : ৰাষ্ট্ৰীয় পতাকাৰ আৰ্হিৰ আঁৰৰ ব্যক্তিজনক জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.