তিনিদিনীয়া কাৰ্যসূচীৰে বুধবাৰে উত্তৰ-পূৱলৈ আহিব ৰাজনাথ সিং

author img

By

Published : Sep 27, 2022, 8:55 PM IST

Defence Minister will arrived Assam wednesday

বুধবাৰে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ'ব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং (North East visit of Defence Minister)। প্ৰথমে তেওঁ দিনজান সেনা শিবিৰত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিব । এই বিষয়ে সদৰী কৰিছে প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই ।

তেজপুৰ, 27 ছেপ্টেম্বৰ: প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং বুধবাৰে তিনিদিনীয়া ভ্ৰমণ সূচীৰে অসমত উপস্থিত হ'ব (Defence Minister will arrived Assam wednesday)। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰথমে দিনজান সেনাৰ শিবিৰত উপস্থিত হ'ব । মঙলবাৰে এই বিষয়ে সদৰি কৰিছে প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই । আবেলি প্ৰায় ৪ বজাত ডিব্ৰুগড়ত উপস্থিত হ'ব আৰু তেওঁ দিনজান সেনা শিবিৰত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰিব ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh) পূব অৰুণাচল প্ৰদেশৰ সেনাৰ শিবিৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ ল'ব বুলি জানিব পৰা গৈছে । তেওঁ ইয়াৰ পিছত তেজপুৰত সেনাৰ গজৰাজ কৰৰ কাৰ্যালয়ত উপস্থিত হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই সদৰি কৰিছে । তেওঁ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে । অৱশ্যে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সেনাত অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ প্ৰদানৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব ।

উল্লেখ্য় যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২৩ এপ্ৰিলত অসম ভ্ৰমণ কৰিছিল । তেওঁ ১৯৭১ চনৰ বাংলাদেশ মুক্তি যুদ্ধৰ যুদ্ধ নায়কসকলক সন্মান জনাই এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ।

লগতে পঢ়ক : পূজাৰ পিচতেই অসমলৈ আহিব অমিত শ্বাহ-জেপি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.