ETV Bharat / state

অৰুণাচলৰ চিজুছাত পাক্কে পাগা হৰ্ণবিল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 7:59 PM IST

Pakke Paga Hornbill Festival 2024: 18 জানুৱাৰীৰ পৰা অৰুণাচলৰ চিজুছাত আৰম্ভ হ’ব পাক্কে পাগা হৰ্ণবিল মহোৎসৱ ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেন' ৷

Preparation of Pakke Paga Hornbill Festival in Arunachal Pradesh
অৰুণাচলৰ চিজুছাত পাক্কে পাগা হৰ্ণবিল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি
অৰুণাচলৰ চিজুছাত পাক্কে পাগা হৰ্ণবিল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

তেজপুৰ, 16 জানুৱাৰী : 18 জানুৱাৰীৰ পৰা আৰুণাচল প্ৰদেশৰ চিজুছাত অনুষ্ঠিত হ’ব পাক্কে পাগা হৰ্ণবিল মহোৎসৱ ৷ উল্লেখ্য যে, বন্যপ্ৰাণী সংৰক্ষণ আৰু নিৰাপত্তাৰ দিশৰ প্ৰতি ৰাইজক সজাগ-সচেতৰ উদ্দেশ্যেৰে এইবাৰো অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চিজুছাত 18-20 জানুৱাৰীলৈ অনুষ্ঠিত হ’ব পাক্কে পাগা হৰ্ণবিল মহোৎসৱ ৷ পাক্কে মানে বনাঞ্চল আৰু পাগা মানে হৈছে হৰ্ণবিল বা ধনেশ পক্ষী ৷ এই মহোৎসৱৰ বাবে ইতিমধ্যে প্ৰস্তুতি তুগত কৰি তুলিছে আয়োজক কমিতিয়ে ৷

অৰুণাচল প্ৰদেশৰ চিজুছাৰ পাক্কে টাইগাৰ ৰিজাৰ্ভত হৰ্ণবিল সংৰক্ষণৰ বাবে তিনিদিনীয়াকৈ প্ৰত্যেক বছৰে এই মহোৎসৱ উদযাপন কৰা হয় ৷ বন্যপ্ৰাণী সংৰক্ষণ আৰু বিশেষভাৱে হৰ্ণবিলৰ ওপৰত গুৰুত্ব আৰোপ কৰিয়ে ৱাইল্ডলাইফ ট্ৰাষ্ট অব ইণ্ডিয়া আৰু পাক্কে টাইগাৰ ৰিজাৰ্ভ কৰ্তৃপক্ষৰ সহযোগত অৰুণাচল চৰকাৰে এই উৎসৱ আয়োজন কৰি আহিছে ৷ 18 জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ মহোৎসৱত উপস্থিত থাকিব ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেন'য়ে ৷

লোকবিশ্বাস অনুসৰি, পূব কামেং জিলাৰ নিচি সম্প্ৰদায়ৰ লোকসকলে মূৰত হৰ্ণবিল অৰ্থাৎ ধনেশ পখীৰ ঠোঁট প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছিল ৷ নিচি সম্প্ৰদায়ৰ লোকসকলে অতিথিক সন্মানৰ বাবে বা উচ্চ পদস্ত বিষয়াসকলক সন্মান জনোৱাৰা উদ্দেশ্যে এটা বিশেষ টুপী প্ৰাদন কৰে ৷ লগতে উৎসৱ পাৰ্বণত সম্প্ৰদায়টোৰ লোকসকলেও পৰিধান কৰিছিল সেই বিশেষ টুপীটো ৷ কিন্তু 2003 চনত এই বিষয়ে এক সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী আৰম্ভ কৰিছিল তেতিয়াৰ পাক্কে বনাঞ্চলৰ প্ৰাধিকাৰী চিকু লামাৰই ৷ তেওঁ নেতৃত্বতে পৰৱৰ্তী সময়ত নিচি সম্প্ৰদায়ৰ লোকসকলে এই বিষয়ে সজাগ হৈ ধনেশ পক্ষী অৰ্থাৎ হৰ্ণবিল চিকাৰ কৰা নিষিদ্ধ কৰিলে ৷ তেতিয়াৰ পৰাই নিচি জানাগোষ্ঠীৰ লোকসকলে বিশেষ আহিলাৰে হৰ্ণবিল ঠোঁট তৈয়াৰ কৰি পৰিধান কৰা আৰম্ভ কৰিলে ৷ 2003 চনৰ পৰাই পাক্কে পাগা মহোৎসৱ পালন কৰি আহিছে ৷

লগতে পঢ়ক : দুৰ্লভ প্ৰজাতিৰ বিশেষ পক্ষী সংৰক্ষণেৰে চৰ্চাত অৰুণাচলৰ বিশেষ সম্প্ৰদায়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.