তেজপুৰ বায়ুসেনাৰ ঘাটিত ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব’ৰ বিৰল দৃশ্য

author img

By

Published : Sep 27, 2022, 6:37 PM IST

Mega Air show in Tezpur

ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কৰে এক বিশাল এয়াৰ শ্ব' (Mega Air show at Lachit ghat in Guwahati) । তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা 9 খন এৰিবেটিক সূৰ্যকিৰণ ফাইটাৰ জেট বিমান ওলাই যোৱাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

তেজপুৰ, 27 ছেপ্টেম্বৰ: 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ (Azadi Ka Amrit Mahotsav) লগত সংগতি ৰাখি অসম চৰকাৰৰ সহযোগত ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ এয়াৰ কমাণ্ডে (Indian Army Eastern Air Command) গুৱাহাটীৰ লাচিত ঘাটত অনুষ্ঠিত কৰে এক বিশাল এয়াৰ শ্ব' (Mega Air show at Lachit ghat in Guwahati) । ইয়াৰ সমান্তৰালকে মঙলবাৰে তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা 9 খন এৰিবেটিক সূৰ্যকিৰণ ফাইটাৰ জেট বিমান ওলাই যোৱাৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷

এই বিশাল "এয়াৰ শ্ব’ অনুষ্ঠানৰ আয়োজনৰ প্ৰাক মুহূৰ্তত সূৰ্যকিৰণ ফাইটাৰ জেটৰ আকাশত ভিন্ন ৰঙৰ ছবিৰ দৃশ্য প্ৰদৰ্শন কৰে তেজপুৰ বায়ুসেনাৰ বিমান ঘাটিত (Air show in Tezpur)৷ মুঠ ৯ খন বিমানৰ এটা দল তেজপুৰৰ বিমান ঘাটিত উপস্থিত হৈ এয়াৰ শ্ব’ৰ বাবে ব্যতিক্ৰম পদ্ধতিৰ অনুশীলন কৰে ৷

ভাৰতীয় বায়ুসেনাৰ বিখ্যাত সূৰ্যকিৰণ এৰোবেটিক ডিছপ্লে' যিটো SKAT নামেৰে জনাজাত (Surya Kiran Aerobatic Team), ৯ খন অত্যাধুনিক বিমানৰ এৰোবেটিক দলে ব্ৰহ্মপুত্ৰৰ ওপৰেৰে আকৰ্ষণীয় এয়াৰ শ্ব’ অনুষ্ঠিত কৰে ।

তেজপুৰ বায়ুসেনাৰ ঘাটিৰ পৰা ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব'ৰ বিৰল দৃশ্য

তেজপুৰ বিমানবন্দৰৰ পৰা উৰা মৰা সূৰ্যকিৰণ এৰোবেটিক দলটোৰ যুদ্ধ বিমানকেইখনে ঘণ্টাত প্ৰায় ৪৫০ কিলোমিটাৰ গতিত উৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) । ৯ জনীয়া এৰোবেটিক দলটোৰ ৩ নম্বৰৰ বিমানত থাকে অসম পুত্ৰ উইং কামাণ্ডাৰ ৰূপম বৰদলৈ (wing commander Rupam Bordoloi from Assam) ৷

উল্লেখ্য যে ভাৰতীয় বায়ুসেনাৰ সূৰ্যকিৰণ সমগ্ৰ বিশ্বৰ একমাত্ৰ নখন বিমান গঠন এৰোবেটিক দলৰ ভিতৰত অন্যতম । ১৯৯৬ চনত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল আৰু বিগত ২৫ বছৰ ধৰি বিমান এৰোবেটিক্স প্ৰদৰ্শন কৰি আহিছে ।

ইতিমধ্যে স্কোৱাড্ৰনে বিগত ১৬ ছেপ্টেম্বৰত ভুৱনেশ্বৰ আৰু ১৮ ছেপ্টেম্বৰত পুৰীৰ ব্লু ফ্লেগ বীচত সাহসী আৰু শ্বাসৰুদ্ধকাৰী আকাশী কৌশল প্ৰদৰ্শন কৰিছিল । গুৱাহাটীৰ পাছতেই অহা ৮ অক্টোবৰত চণ্ডীগড় আৰু ১৪ অক্টোবৰত বেৰেলীত আকাশী কৌশল প্ৰদৰ্শন আগবঢ়াব ।

লগতে পঢ়ক: লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশাল এয়াৰ শ্ব'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.