ETV Bharat / state

Labourer died in Sonitpur: টিনপাত মেৰামতি কৰিবলৈ গৈ মৃত্যুক সাৱতিলে শ্ৰমিকে

author img

By

Published : Mar 31, 2023, 8:35 PM IST

ৰঙাপৰাৰ ৰূপাজুলিৰ কঁঠালগুৰি চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা । বাগিচাৰ কলঘৰৰ টিনপাত মেৰামতি কৰিবলৈ গৈ মৃত্যুক সাৱতিলে দুজনকৈ শ্ৰমিকে(Labourer died while repairing tin sheets in Rangapara) । বিপদজনকভাৱে চাহ বাগিছাৰ শ্ৰমিকক কামত নিয়োজিত কৰাৰ অভিযোগ একাংশৰ । শ্ৰমিক দুজনৰ অকাল মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ।

Labourer died while repairing tin sheets in Rangapara
টিনপাত মেৰামতি কৰিবলৈ গৈ মৃত্যুক সাবতিলে শ্ৰমিকে

টিনপাত মেৰামতি কৰিবলৈ গৈ মৃত্যুক সাবতিলে শ্ৰমিকে

ৰঙাপৰা,৩১ মাৰ্চ: শোণিতপুৰৰ কঁঠালগুৰি চাহ বাগিচাত শোকাবহ ঘটনা । শুকুৰবাৰে শোণিতপুৰ জিলাৰ ৰূপাজুলিৰ কঁঠালগুৰি চাহ বাগিচাত অকাল মৃত্যুক সাবতি লয় দুজনকৈ শ্ৰমিকে(Labourer died in Sonitpur) । শ্ৰমিক দুজনৰ অকাল মৃত্যুৰ ঘটনাই সমগ্ৰ চাহ বাগিচাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । শুকুৰবাৰে দিনৰ প্ৰায় ১১ মান বজাত সংঘটিত হৈছিল হৃদয় বিদাৰক দুৰ্ঘটনাটো(Labourer died in Rupajuli tea estate) ।

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাজুলিৰ কঁঠালগুৰি চাহ বাগিচাত থকা কলঘৰটোৰ ওপৰৰ পুৰণি টিনপাতবোৰ মেৰামতি কৰিবলৈ কঁঠালগুৰি চাহ বাগিচাৰ ১০ নং লাইনৰ সুদু তাঁতীৰ পুত্ৰ ৰোহিত তাঁতী আৰু প্ৰয়াত ৰামু তাঁতীৰ পুত্ৰ ছবি তাঁতী উঠি গৈছিল । ঠিক তেনে সময়তে হঠাৎ টিনপাত ভাগি য়োৱাত শ্ৰমিক দুজন তলত বাগৰি পৰে আৰু ঘটনাস্থলীতে দুয়োজন শ্ৰমিকে অকাল মৃত্যুক সাৱতি লয়(Labourer died while repairing tin sheets in Rangapara) ।

লগতে পঢ়ক: Gamocha Controversy in Assam: মূৰ কাটি জোৰা দিয়াটো সমন্বয় নহয়: জনাৰ্দন দেৱ গোস্বামী

উল্লেখ্য যে ৰূপাজুলি চাহ বাগিচাত স্থায়ী শ্ৰমিক হিচাপে কৰ্মৰত দুয়োজন শ্ৰমিকক কলঘৰৰ ওপৰলৈ উঠি যোৱাৰ পূৰ্বে কোনো ধৰণৰ আত্মৰক্ষাৰ সঁজুলি প্ৰদান নকৰাৰ বাবেই এই মৰ্মান্তিক ঘটনাটো সংঘটিত হোৱা বুলি পৰিয়ালৰ লোকে ক্ষোভ প্ৰকাশ কৰিছে । ইফালে চাহ বাগিচাখনত দুজনকৈ শ্ৰমিকে অকাল মৃত্যুক সাবটি লোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

চাহ বাগিচাসমূহত শ্ৰমিকসকলে মৰণত শৰণ দি কাম কৰি আহিবলগীয়া হোৱাৰ অভিযোগ আজিৰ নতুন কথা নহয় । আজিৰে পৰা প্ৰায় ৩০-৩৫ বছৰৰ পূৰ্বেই নিৰ্মাণ কৰা কলঘৰৰটোৰ টিনপাতবোৰ কোনো ধৰণৰ আত্মৰক্ষাৰ পদ্ধতি অৱলম্বন নকৰাকৈ উলিয়ামচন মেগৰ নামৰ বৃহৎ চাহ কোম্পানীটোৱে শ্ৰমিকসকলৰ দ্বাৰা মেৰামতি কৰি আহিছে । সেয়ে শ্ৰমিক দুয়োজনক এনে বিপদজনক কামত কিয় নিয়োজিত কৰিছিল তাৰ এক তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: Howraghat Chowmin Tragedy: খাদ্যত বিষক্ৰিয়া হৈ ১২ বছৰীয়া ছাত্ৰৰ অকাল মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.