ETV Bharat / state

India China Border Conflict: ৰঙাচীনৰ শেনচকুৰ মাজতে টাৱাঙত ভাৰতীয় সেনাৰ আধিপত্য

author img

By

Published : Dec 15, 2022, 7:43 PM IST

Updated : Dec 15, 2022, 7:52 PM IST

Tawang
Tawang

ৰঙাচীনৰ শেনচকুৰ মাজতে টাৱাঙত ভাৰতীয় সেনাৰ আধিপত্য বিস্তাৰ (Indian Army dominates Tawang amid China aggression) । সীমান্তত চীনা সৈন্যৰ সমৰ কৌশল ।

ৰঙাচীনৰ শেনচকুৰ মাজতে টাৱাঙত ভাৰতীয় সেনাৰ আধিপত্য

তেজপুৰ, ১৫ ডিচেম্বৰ : অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ য়েংটছেত (PLA aggression at Yangste in Tawang) চীনা PLA সৈন্যৰ লগত ভাৰতীয় সেনাৰ মুখামুখী সংঘৰ্ষৰ পিছত ফাদিল হৈছে সীমান্তৰ নতুন নতুন তথ্য (India China border in Arunachal) । চীনা সৈন্যই ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিবলৈ নানা কৌশল অব্যাহত ৰাখিছে ।

টাৱাঙৰ লুংলা ছেক্টৰৰ পৰা ওপৰৰ দিশে চীনা সৈন্যৰ এক বৃহৎসংখ্যক সেনাবাহিনীৰ লোকে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সীমান্তৰ পৰা ১০০ কিলোমিটাৰ নিলগত অৱস্থান কৰি থকাৰ তথ্য সূত্ৰত প্ৰকাশ পাইছে (Indian Army clash with PLA in Tawang) । অৰুণাচল প্ৰদেশৰ চীনৰ লগত 1126 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ভিতৰত টাৱাঙৰ লুংলা ছেক্টৰৰ অধীনত জেমিথাং হৈছে এক বৃহৎ এলেকা । এই সম্পূৰ্ণ অঞ্চলটো সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ অধীনত আৰু বিগত সময়ছোৱাত সম্পূৰ্ণ সেনাৰ দখলত আছে ।

আনহাতে, লুংলা অঞ্চলৰ পৰা ভূটানৰ দিশে বিলিটিং হৈছে এক গুৰুত্বপূৰ্ণ স্থান । এই অঞ্চলটো অতি স্পৰ্শকাতৰ আৰু সমগ্ৰ অঞ্চল সশস্ত্ৰ সীমাবলৰ অধীনত শেষৰটো পোষ্টত অৱস্থান কৰি আছে (sensitive areas of china border in Arunachal) । শেহতীয়াকৈ চীনে ভূটানৰ ওপৰত কৰা মন্তব্যৰ পিছত এই স্থান অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে । ১৯৬২ চনত চীনে ভাৰতত প্ৰৱেশ কৰাৰ সময়ত জেমিথাং খেনজিমনি অঞ্চলেৰে কূটাঘাত আৰম্ভ কৰিছিল ।

উল্লেখযোগ্য যে ৯ ডিচেম্বৰ অৰ্থাৎ যোৱা শুকুৰবাৰে সংঘটিত ঘটনাৰ পাছত অৰুণাচল প্ৰদেশৰ টাৱাঙত সকলো দিশে সতৰ্কতা জাৰি কৰা হৈছে আৰু সমগ্ৰ অঞ্চলটো সেনাৰ চোকা দৃষ্টিত ৰখা হৈছে । পৰ্যটকসকলক বুমলা পাছলৈ Y জংচৰৰ পৰা যোৱাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । আনকি সংবাদ মাধ্যমৰ লোককো উক্ত অঞ্চললৈ যোৱাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । সীমান্তত k-9 টেঙ্ক সকলো ঠাইতে স্থাপন কৰি ৰাখিছে সেনাই । লগতে L-70 এয়াৰ ডিফেঞ্চ ছিষ্টেম (Air Defance System) সাজু ৰখা হৈছে যিকোনো পৰিস্থিতিৰ সৈতে মুখামুখী হ'বপৰাকৈ ।

বৃহস্পতিবাৰৰ পৰা ভাৰতীয় বায়ুসেনাৰ ইষ্টাৰ্ণ থিয়েটাৰ অৰ্থাৎ ইষ্টাৰ্ণ বায়ুসেনাৰ তৰফৰ পৰা যুদ্ধাভ্যাস আৰম্ভ কৰিছে আৰু শুকুৰবাৰ, ১৬ ডিচেম্বৰতো এই অনুশীলন অব্যাহত থাকিব । অৱশ্যে বায়ুসেনাৰ সূত্ৰ মতে, এই অনুশীলনৰ সৈতে 9 ডিচেম্বৰৰ ঘটনাৰ কোনো সম্পৰ্ক নাই আৰু ই AREA OF RESPONSIBILITY বুলি কয় । ইয়াৰ বিপৰীতে শেহতীয়াকৈ চীনা PLA সৈন্যই LAC-ৰ কিছু নিলগত তেওঁলোকৰ স্থানত যুদ্ধাভ্যাস অব্যাহত ৰখাৰ তথ্য আজি পোহৰলৈ আহিছে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে 2018 চনৰ ছেপ্টেম্বৰ মাহত অৰুণাচলৰ দিবাং ভেলীত বাহৰ পাতি আছিল চীনা সৈন্যই ৷ অক্টোবৰ মাহত এই ঘটনা পোহৰলৈ আহিছিল ৷ 2019 চনৰ 22 জুলাইত পুনৰ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যই ৷ টাৱাং জিলাৰ টাচৌ গাঁৱৰ হলী জলপ্ৰপাতৰ য়াংকিয়ন সীমান্তৰে ভাৰতৰ ভূমিত প্ৰৱেশ কৰিছিল চীনা সৈন্যৰ দলটোৱে ৷ কিন্তু শেহতীয়াকৈ একেটা স্থানতে পুনৰবাৰ ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা চলায় ৷ ই প্ৰকৃততে কিহৰ ইংগিত বহন কৰে ? নে চীনে ৰণনীতি সলনি কৰিব পূৰ্বৰ দৰে ?

উল্লেখ্য, 2018 চনত চীনা সৈন্যই 326 বাৰ, 2017 চনত 426 বাৰ আৰু পূৰ্বে 2016 চনত 273 বাৰ সীমা উলংঘন, সীমা ঠেলা আৰু হতাহতিৰ ঘটনা সংঘটিত কৰিছিল ৷ ভাৰতৰ সৈতে চীনৰ 3,488 কিলোমিটাৰ সীমা লাডখৰ পৰা অৰুণাচল প্ৰদেশলৈকে বিস্তৃত হৈ আছে । ইয়াৰে ভিতৰত অৰুণাচল প্ৰদেশ 1126 কিলোমিটাৰ দৈৰ্ঘ্যৰ মেকমোহন লাইনৰ সমীপত আগুৰি আছে ।

ছিকিমৰ পৰা অৰুণাচল প্ৰদেশৰ সীমান্তলৈকে চৰকাৰী তথ্য অনুসৰি, মুঠ 67 টা ব'ৰ্ডাৰ পোষ্ট সক্রিয় হৈ আছে । আজি অৰুণাচল প্ৰদেশৰ সীমান্তলৈ ভাৰতীয় সেনাৰ অতিৰিক্ত বাহিনী মোতায়েন হোৱা দেখিবলৈ পোৱা গৈছে । এই দৃশ্য ইটিভি ভাৰতৰ কেমেৰাত বন্দী হয় । অৱশ্যে এয়া তেওঁলোকৰ দৈনন্দিন অনুশীলনৰ এক অংশও হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক :Assam Book Fair 2022: গ্ৰন্থমেলা মানে মহৎ অনুষ্ঠান, উপাচাৰ্য ডঃ ৰমেশ চন্দ্ৰ ডেকা

Last Updated :Dec 15, 2022, 7:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.