ETV Bharat / state

তেজপুৰত ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ শুভাৰম্ভণি ড0 হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jun 16, 2019, 12:04 AM IST

শনিবাৰে তেজপুৰ মেডিকেল কলেজ আৰু তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত শুভাৰম্ভণি কৰা হয় ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ । ছয় মাহৰ ভিতৰতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শৈল বিভাগৰ পি জি ডিপ্লোমা আৰম্ভ কৰাৰো আশ্বাস মন্ত্ৰীগৰাকীৰ ৷

etv bharat

তেজপুৰ, ১৫ জুন: শনিবাৰে স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ মেডিকেল কলেজ আৰু তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি । তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এটা এম আৰ ই সেৱাৰ কেন্দ্ৰও মুকলি কৰে মন্ত্ৰী গৰাকীয়ে । লগতে, এই আঁচনি সম্পূৰ্ণ বিনামূলীয়া আৰু সকলোৰে বাবে উপলব্ধ হ'ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

তেজপুৰত ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ শুভাৰম্ভনী ড0 হিমন্ত বিশ্ব শৰ্মাৰ

উল্লেখ্য যে, উক্ত অনুষ্ঠানতে বছৰ বছৰ ধৰি কনকলতা অসামৰিক চিকিৎসালয়ত কাম কৰি অহা ৬০ গৰাকী অস্থায়ী কৰ্মচাৰীয়ে, তেওঁলোকৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ দোহাই দি কয় যে ইণ্টাৰভিউ অবিহনে কোনেও লাভ কৰিব নোৱাৰে চাকৰি ৷ ইয়াৰোপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ কয়, মহাবিদ্যালয়খনত অহা ছয় মাহৰ ভিতৰতে আৰম্ভ হ'ব শৈল বিভাগৰ পি জি ডিপ্ল’মা ।

Intro:তেজপুৰ,১৫জুন: অসমৰ ভিতৰতে প্ৰথম পৰ্যায়ৰ ৮ খনৰ ভিতৰত তেজপুৰে লাভ কৰিলে দুটা ডায়েলাইচিছ ইউনিত ।আজি ৰাজ্যৰ স্বাস্থ্য আৰু বৃত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ই তেজপুৰ মেডিকেল কলেজ আৰু তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত শুভাৰম্ভ কৰে প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনি ।
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ত এটা এম আৰ ই সেৱা ৰ কেন্দ্ৰ ও মুকলি কৰে মন্ত্ৰী গৰাকীয়ে ।এই আঁচনি সম্পূৰ্ণ বিনামূলীয়া আৰু সকলোৱে লাভ কৰিব পাৰিব বুলি জানিব দিয়ে ।


Body:আনহাতে ৬০ গৰাকী অস্থায়ী কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি কনকলতা অসামৰিক চিকিৎসালয়ত যি কাম কৰি আহিছে তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ গ্ৰহণ কৰি মন্ত্রী গৰাকীয়ে তেওঁলোকক উচ্চতম ন্যায়ালয়ৰ দোহাই দি বিনা ইণ্টাৰভিউ ত চাকৰি দিব পৰা নাযাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ।
তেওঁ লগতে কয় যে অহা ছয় মাহৰ ভিতৰত শৈল বিভাগৰ পি জি ডিপ্লোমা তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হব ।

byte : হিমন্ত বিশ্ব শৰ্মা ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৫/৬/১৯


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.