ETV Bharat / state

তেজপুৰত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা

author img

By

Published : Aug 21, 2021, 9:35 PM IST

অসমত প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ এই মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক ৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত তেজপুৰত আছুৰ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷

effigy-of-supply-minister-burnt-in-tezpur
তেজপুৰত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা

তেজপুৰ,21 আগষ্ট: ক'ভিড সৃষ্ট পৰিৱেশে সাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে দেশ তথা ৰাজ্যত অভাৱনীয় ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ এই সন্দৰ্ভত সমগ্ৰ অসমতে বিভিন্ন দল-সংগঠন তথা সাধাৰণ ৰাইজে এই সন্দৰ্ভত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে যদিও এই বিষয়ত অসম চৰকাৰে গ্ৰহণ কৰা নাই কোনো বিশেষ পদক্ষেপ ৷ ইয়াৰ মাজতে শনিবাৰে তেজপুৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ৷

তেজপুৰত জ্বলিল যোগান মন্ত্ৰীৰ পুত্তলিকা

তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত শোণিতপুৰ জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰা উক্ত প্ৰতিবাদী কাৰ্যসূচীত তেজপুৰ চহৰৰ মাজ মজিয়াতে দাহ কৰা হয় অসম চৰকাৰৰ যোগান মন্ত্ৰী ৰনজিৎ দাসৰ প্ৰতিমূৰ্তি ৷ লগতে অসম চৰকাৰ হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, যোগান মন্ত্ৰীৰ কাম নাই আদি ধ্বনিৰে ৰাজপথৰ পৰিৱেশ উত্তাৰ কৰি তোলে আছু কৰ্মী সকলে ৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা যোগান মন্ত্ৰীক কঠোৰ সমালোচনা কৰি শীঘ্ৰে এই সন্দৰ্ভত গুৰুত্ব দিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য় যে, অসমত দৈনিক বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল ডিজেলৰ মূল্যই সাধাৰণ ৰাইজক কোঙা কৰিছে ৷ কিন্তু এনে সময়তে অসমৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে দায় সৰা মন্তব্য প্ৰদান কৰি কুম্ভকুৰ্ণ নিদ্ৰাত আছে বুলি অভিযোগ উত্থাপিত কৰিছে আছু কৰ্মী সকলে ৷

লগতে পঢ়কঃ বিপদ ঘন্টা বাজিছে social media ত তালিবানৰ সমৰ্থন কৰা সকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.