Arms laid down by AANLA members: শোণিতপুৰত ৪৬ গৰাকী যুদ্ধবিৰত আনলাৰ অস্ত্ৰ সম্বৰণ

author img

By

Published : Jan 22, 2023, 6:35 PM IST

Arms laid down by AANLA members

আদিবাসী বিদ্ৰোহী সংগঠন আনলাৰ শান্তি চুক্তি স্বাক্ষৰকাৰী গোটৰ ৪৬ গৰাকী সদস্যই দেওবাৰে শোণিতপুৰত অস্ত্ৰ সম্বৰণ কৰে ৷ অসমৰ শান্তিৰ প্ৰতি লক্ষ্য ৰাখি ২০১২ চনতে অৰণ্যৰ পৰা গুছি অহিছিল আনলাৰ একাংশ বিদ্ৰোহী কেডাৰ ৷ মুঠ ৪৬ জনীয়া গোটটোৱে আলোচনাৰ মেজত অহাৰ পিছত তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰা নাছিল যদিও আৰক্ষীৰ তদাৰকত আছিল(All Adivasi National Liberation Army) ৷

তেজপুৰ, ২২ জানুৱাৰী: “সদৌ আদিবাসী ৰাষ্ট্ৰীয় মুক্তি বাহিনী” (আনলা) শান্তি চুক্তি স্বাক্ষৰকাৰী গোটৰ ৪৬ গৰাকী সদস্যই দেওবাৰে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত অস্ত্ৰ সম্বৰণ কৰে ৷ শোণিতপুৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ হাতত ১৬ টা বিভিন্ন অস্ত্ৰ জমা দিয়ে আনলাৰ সদস্যসকলে (AANLA members arms laid down at Dhekiajuli) । এই অস্ত্ৰসমূহৰ ভিতৰত আছে ৮ টা পিষ্টল, ৬ টা ৰাইফল আৰু দুটা কাৰ্বাইনৰ লগতে বহুখিনি গোলাবাৰুদ ।

Arms laid down by AANLA members
শোণিতপুৰত ৪৬ গৰাকী যুদ্ধ বিৰতিৰ আনলাৰ অস্ত্ৰ সম্বৰণ

ঢেকীয়াজুলিৰ এক গড়পাৰা "আনলা" ফিল্ডত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অসম আৰক্ষীৰ বিশেষ শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান হীৰেন নাথৰ নিৰ্দেশমৰ্মে শোণিতপুৰ আৰক্ষীৰ হাতত এই অস্ত্ৰসমূহ জমা কৰে আনলাৰ শান্তি চুক্তি স্বাক্ষৰকাৰী গোটৰ ৪৬ গৰাকী সদস্যই । উল্লেখযোগ্য যে, আদিবাসী সংগঠনটোৰ সহস্ৰ সদস্যই বিদ্ৰোহ পৰিহাৰ কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাৰ মেজত আছে ।

মুঠ ৪৬ জনীয়া গোটটোৱে আলোচনাৰ মেজলৈ অহাৰ পিছত তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰা নাছিল যদিও আৰক্ষীৰ তদাৰকত আছিল । আজি তেওঁলোকে নিজৰ হাতত থকা অস্ত্ৰসমূহ আৰক্ষীক চমজাই দি মূলসুঁতিলৈ ঘূৰি আহিব বুলি জানিবলৈ দিয়ে(AANLA Militants Surrender with Arms) ।

আনলাৰ সভাপতি ডি নায়কে এক পত্ৰত উল্লেখ কৰি জনায় যে, অসমত বসবাস কৰা বৃহত্তৰ আদিবাসী (চাহ শ্রমিক) জনগোষ্ঠীটোৰ জন্মগত সাংবিধানিক অধিকাৰ, জীয়াই থকাৰ সুৰক্ষিত ভৱিষ্যত, নিৰাপত্তা আৰু বিকাশৰ স্বাৰ্থত আনলাই চৰকাৰী শোষণ-বঞ্চনাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহ কৰিবলৈ বাধ্য হৈছিল । সংগঠনৰ সংগ্ৰামৰ বহুত ঘাত-প্ৰতিঘাতৰ মাজত চৰকাৰে আলোচনাৰ পথ মুকলি কৰাত আনলাই হিংসাৰ পথ সামূহিকভাৱে পৰিহাৰ কৰি যোৱা ২০১২ বৰ্ষৰ ২৪ জানুৱাৰীত শান্তি আলোচনাৰ মেজলৈ উভতি আহিছিল ।

Arms laid down by AANLA members
শোণিতপুৰত ৪৬ গৰাকী যুদ্ধ বিৰতিৰ আনলাৰ অস্ত্ৰ সম্বৰণ

বিগত কেইবা বছৰ ধৰি চলি থকা শান্তি আলোচনাৰ অন্তত বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত ২০২২ৰ ১৫ ছেপ্তেম্বৰত আদিবাসী ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰ হৈছিল ৷ আদিবাসী (চাহ শ্ৰমিক) জনগোষ্ঠীটোৰ বহু কেইটা জ্বলন্ত সমস্যা সমাধানৰ বাবে দেশৰ গৃহ মন্ত্ৰালয়ত ত্ৰিপাক্ষিকভাৱে এই শান্তি চুক্তিৰ স্বাক্ষৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল ৷

বিশেষকৈ এই চুক্তিৰ জৰিয়তে অসমৰ আদিবাসী (চাহ শ্ৰমিক) জাতিটোৰ অধিকাৰ সুৰক্ষিত আৰু সুনিশ্চিত হৈছে বুলি সংগঠনৰ সভাপতি ডি নায়কে উল্লেখ কৰে ৷ তেওঁ লগতে কয়, "বর্তমান শাসনাধীন চৰকাৰে অসমৰ আদিবাসী জনগোষ্ঠীটোৰ বিকাশ আৰু অধিকাৰৰ হকে সম্পূর্ণ কৰা আদিবাসী শান্তি চুক্তিত বিশ্বাস ৰাখি আমাৰ হাতত ৰৈ যোৱা অস্ত্ৰসমূহ পৰিত্যাগ কৰো ৷"

লগতে পঢ়ক: Major reshuffle in Assam Police : তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ পৰা অব্যাহতি জি পি সিঙক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.