ETV Bharat / state

Infra push in Indo China Border: ভাৰত-চীন সীমান্তত ব্যাপক হাৰত আন্তঃগাঁথনি নিৰ্মাণ কেন্দ্ৰৰ

author img

By

Published : Jan 4, 2023, 7:21 PM IST

Indo China Border
ভাৰত-চীন সীমান্তত ব্যাপক হাৰত আন্তঃগাঁথনি নিৰ্মাণ কেন্দ্ৰৰ

ভাৰত-চীন সীমান্তত আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ইতিমধ্যেই চীনৰ সীমান্তৱৰ্তী ভাৰতীয় এলেকাত 3488 কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে ভাৰত চৰকাৰে ৷ অৰুণাচল প্ৰদেশতো ২০০০ কিলোমিটাৰ সীমান্ত ঘাই পথ নিৰ্মাণ কৰিছে BROএ ।

তেজপুৰ, ৪ জানুৱাৰী : বিগত সময়চোৱাত চীনে ভাৰতৰ সীমান্তত আন্তঃগাঁথনি নিৰ্মাণ তীব্ৰতৰ কৰি তোলাৰ সময়তে ভাৰতেও চীনৰ সীমান্তৱৰ্তী(Indo China border) এলেকাত উন্নত প্ৰযুক্তিৰ আন্তঃগাঁথনি নিৰ্মাণ অধিক ক্ষীপ্ৰ কৰি তুলিছে । চীনৰ সীমান্তৱৰ্তী ভাৰতৰ 3488 কিলোমিটাৰ অঞ্চলত ভাৰত চৰকাৰে নিৰ্মাণ কাৰ্যত অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত কেবাখনো গুৰুত্বপূৰ্ণ সংযোগী দলঙৰ নিৰ্মাণ বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যনে (BRO) সম্পূৰ্ণ কৰিছে(construction in indo china border) ।

মঙলবাৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে(Defence Minister Rajnath Singh) অৰুণাচল প্ৰদেশত উল্লেখ কৰে, ‘‘বি আৰ অ’ৰ উপৰিও পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এল এ চিৰ(Line of Actual Control) কাষৰীয়া অঞ্চলসমূহত আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতো গুৰুত্ব দিছে । অৰুণাচল প্ৰদেশৰ সীমান্ত ঘাইপথ এনে এটা প্ৰকল্প যিটো দেশৰ অন্যতম বৃহৎ আৰু কঠিন আন্তঃগাঁথনি প্ৰকল্প ।’’

Indo China Border
সীমান্তৱৰ্তী ভাৰতীয় এলেকাত 3488 কিলোমিটাৰ পথ নিৰ্মাণ

উল্লেখ্য যে, মুঠ ২০০০ কিলোমিটাৰ দৈৰ্ঘৰ এই সীমান্ত ঘাইপথটোৰ নিৰ্মাণৰ কাম 2022 বৰ্ষৰ পৰা আৰম্ভ হৈছে । ভূটানৰ সমীপৰ মাগোৰ পৰা আৰম্ভ হৈ টাৱাং, আপাৰ সোৱণশিৰি, টুটিং, মেচুকা, আপাৰ ছিয়াং, ডিবাং উপত্যকা, দেছালি, চাগলাগম, কিবেতু আৰু ডঙৰ মাজেৰে পাৰ হৈ ম্যানমাৰ সীমান্তৰ সমীপৰ বিজয়নগৰত শেষ হ’ব এই তথ । এই প্ৰকল্পৰ বাবে আনুমানিক ৪০ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব ।

লগতে প্ৰতিৰক্ষামন্ত্ৰী গৰাকীয়ে, ‘‘চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত বি আৰ অ’ই(Border Roads Organization) কৌশলগতভাৱে গুৰুত্বপূৰ্ণ চেলা সুৰংগ নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰিব । এই সুৰংগ ১৩,৭০০ ফুট উচ্চতাত অৱস্থিত । যোৱা ৫ বছৰত কেৱল BRO য়ে ১৩৫২৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে ৷ মোডী চৰকাৰৰ দিনত সীমান্তৰ আন্তঃগাঁথনিৰ কামে যথেষ্ট গতি লাভ কৰিছে ।’’

এক প্ৰতিবেদন অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনলৈ অহা বি আৰ অ’ই বিগত ৫ বছৰত কেৱল অৰুণাচলতে ৩,০৯৭ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে । প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ​​ভাটে লোকসভাত দাখিক কৰা তথ্য অনুসৰি সীমান্ত পথ সংস্থাই যোৱা ৫ বছৰত সীমান্ত অঞ্চলত ১৩,৫২৫ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে । ইয়াৰে লাডাখত ৩১৪০ কিলোমিটাৰ, অৰুণাচল প্ৰদেশত ৩০৯৭ কিলোমিটাৰ আৰু জম্মু-কাশ্মীৰত ২৩৮১ কিলোমিটাৰ ।

অৰুণাচল প্ৰদেশৰ সীমান্তৰ প্ৰথমখন হুৰি গাঁৱৰ দৰে দেশৰ সুদূৰ আৰু দুৰ্গম গাঁৱসমূহো মূল ভূখণ্ডৰ সৈতে সংযোগ কৰিছে বি আৰ অ’ই । বিদ্যালয়ৰ সুবিধা আৰু প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ, বিদ্যুৎ যোগান আৰু নিয়োগৰ সুযোগৰ দৰে মৌলিক সুবিধাসমূহ আৰম্ভ হোৱাৰ লগে লগে এই অঞ্চলসমূহত জনসংখ্যাও বৃদ্ধি হৈছে ।

আনহাতে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাংৰ জেমিথাং, লুংলা চেক্টৰত সীমান্তৱৰ্তী গাঁও অঞ্চলত পথৰ ব্যৱস্থাৰ লগতে যাৱতীয় সুবিধাসমূহ অধিক উন্নয়নৰ বাবে চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে । শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ কেবাটাও স্পৰ্শকাতৰ অঞ্চলত মোবাইল ফোনৰ সেৱা উপলব্ধ কৰিবলৈ কাম আৰম্ভ কৰিছে বুলিও সদৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

লগতে পঢ়ক: Gold seized From Ahmedabad airport: 45 লাখ টকীয়া সোণৰ খাৰু পায়ো ঘূৰাই দিয়া হৰবিন্দৰ সন্মানিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.