ETV Bharat / bharat

Gold seized From Ahmedabad airport: 45 লাখ টকীয়া সোণৰ খাৰু পায়ো ঘূৰাই দিয়া হৰবিন্দৰ সন্মানিত

author img

By

Published : Jan 4, 2023, 6:36 PM IST

Updated : Jan 4, 2023, 6:44 PM IST

আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ(Sardar Vallabhbhai Patel International Airport) হাউচকিপিং চুপাৰভাইজাৰ হৰবিন্দৰ নাৰুকাই উদ্ধাৰ কৰিছিল 400 গ্ৰাম ওজনৰ দুডাল সোণৰ খাৰু ৷ তেওঁ এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ হৰবিন্দৰৰ এই সততাৰ এতিয়া শলাগ লৈছে সকলোৱে ৷

Gold seized From Ahmedabad airport
হাউচকিপিং চুপাৰভাইজাৰক চাৰ্টিফিকেট অৱ অনাৰৰে সন্মানীত

নিউজ ডেস্ক, 4 ডিচেম্বৰ: আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা বৃহস্পতিবাৰে প্ৰায় ৪৫ লাখ টকাৰ সোণ উদ্ধাৰ কৰা হয়(Gold seized from Toilet of Ahmedabad Airport) ৷ বিমানবন্দৰত হাউচকিপিং চুপাৰভাইজাৰ হিচাপে কাম কৰা হৰবিন্দৰ নাৰুকা নামৰ কৰ্মচাৰীজনে উদ্ধাৰ কৰিছিল সোণখিনি ৷ তেওঁ শৌচাগাৰৰ এটা ফ্লাছ টেংকৰ ভিতৰৰ পৰা সোণখিনি উদ্ধাৰ কৰে ৷ এই সন্দৰ্ভত হৰবিন্দৰে লগে লগে বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ বিমানবন্দৰ কৰ্তৃপক্ষই সোণখিনি উদ্ধাৰ কৰি পাছত শুল্ক বিভাগক হস্তান্তৰ কৰে ৷

বিমানবন্দৰ কৰ্তৃপক্ষই পাচত হৰবিন্দৰ নাৰুকাক এই সততাৰ বাবে পুৰস্কৃত কৰে ৷ তেওঁলোকে নাৰুকাক চাৰ্টিফিকেট অৱ অনাৰেৰে সন্মানিত কৰে ৷ তেওঁৰ সততাৰ বিষয়ে বিয়পি পৰাত সকলোৱে তেওঁৰ সততাক শলাগ লয় আৰু বিগত দুদিন ধৰি চহৰখনৰ এই বিষয়ে সৰৱ চৰ্চা চলিছে ৷ তেওঁৰ পৰা এই সন্দৰ্ভত জানিব বিচৰাত তেওঁ কয় যে, "যিটো বস্তু মোৰ নহয়, সেইটো মই কিয় ৰাখিব লাগে ।"

হৰবিন্দৰ নাৰুকা ৰাজস্থানৰ আলৱাৰৰ বাসিন্দা ৷ তেওঁ 1 ডিচেম্বৰত আহমেদাবাদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত(Sardar Vallabhbhai Patel International Airport) হাউচকিপিং চুপাৰভাইজাৰৰ হিচাপে চাকৰিত যোগদান কৰে । তেওঁৰ দেউতাকৰ পৰিবহনৰ ব্যৱসায় আছে ৷ তেওঁৰ মাতৃ এগৰাকী গৃহিনী আৰু তেওঁৰ ভগ্নী পিতৃ-মাতৃৰ লগত ঘৰতে থাকে ৷ হৰবিন্দৰ নাৰুকাই বিজ্ঞান শাখাত স্নাতক কৰাৰ পাছত জয়পুৰত কাম কৰিছিল ৷ ইয়াৰ পাছত তেওঁ আহমেদাবাদ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত হাউচকিপিং চুপাৰভাইজাৰৰ চাকৰিটো লাভ কৰে ৷

হৰবিন্দৰ নাৰুকাই 25,000 টকাৰ দৰমহাত বিমানবন্দৰত হাউচকিপিং চুপাৰভাইজাৰ হিচাপে কামত যোগদান কৰে ৷ বৃহস্পতিবাৰে তেওঁ আন্তৰ্জাতিক বিমানবন্দৰৰ টাৰ্মিনেল 2-ৰ এটা শৌচাগাৰৰ ফ্লাছ টেংকৰ ভিতৰত সোণখিনি উদ্ধাৰ কৰে(45kg Gold seized From Ahmedabad airport) ৷ কৰ্মচাৰীসকলে নিশা সঠিকভাৱে শৌচালয়বোৰ পৰিষ্কাৰ কৰিছে নে নাই নিৰীক্ষণ কৰাৰ সময়ত তেওঁ সোণখিনি উদ্ধাৰ কৰে । তেওঁ শৌচাগাৰৰ এটা ফ্লাছ টেংক খোলা দেখা পাই সন্দেহবশতঃ টেংকটো পৰীক্ষা কৰে ৷

টেংকৰ ভিতৰত দুটা প্লাষ্টিকৰ মোনা প্ৰত্যক্ষ কৰে । মোনাটো খুলি চোৱাত তেওঁ তাৰ ভিতৰত প্ৰায় 400 গ্ৰাম ওজনৰ দুডাল সোণৰ খাৰু প্ৰত্যক্ষ কৰে ৷ তেওঁ লগে লগে এই সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষক অৱগত কৰে ৷ বিমান কৰ্তৃপক্ষই খাৰু দুডাল উদ্ধাৰ কৰি পাছত শুল্ক বিভাগক চমজাই দিয়ে ৷

লগতে পঢ়ক: Omicron New Variant Case : ৰাজস্থানত অমিক্ৰনৰ নতুন প্ৰজাতিৰ প্ৰথমটো ঘটনা

Last Updated :Jan 4, 2023, 6:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.