ETV Bharat / state

চৰাইদেউত পিস্তলসহ আটক দুই যুৱক

author img

By

Published : Sep 10, 2020, 11:41 AM IST

অস্ত্ৰসহ সোণাৰি আৰক্ষীৰ জালত দুই যুৱক ৷ গোপন সূত্ৰৰ পম খেদি কাকতীবাৰী ট্ৰলী আলি অঞ্চলত চলোৱা অভিযানত আটক হৈছে যুৱক দুজন ৷ জব্দ এটা টু পইন্ট টু পিস্তল ৷

two person arrested
two person arrested

শিৱসাগৰ, 10 ছেপ্টেম্বৰ : চৰাইদেউ জিলাৰ কাকতীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত কাকতীবাৰী ট্ৰলী আলি অঞ্চলত আটক দুজন যুৱক ৷ বুধবাৰে সন্ধিয়া অস্ত্ৰসহ যুৱক দুজনক আৰক্ষী আৰু অসম ৰাইফলছে আটক কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি আৰক্ষী আৰু অসম ৰাইফলছৰ এটা দলে গোপন সূত্ৰে ডাম্পাৰত অস্ত্ৰসহ দুজন যুৱক আহি থকা বুলি খবৰ লাভ কৰে ৷ সেই খবৰৰ ভিত্তিত সোণাৰি আৰক্ষী থানাৰ আৰক্ষীৰ দল আৰু সোণাৰিৰ বানফেৰাত শিবিৰ পাতি থকা অসম ৰাইফলছৰ এটা দলে কাকতীবাৰী ট্ৰলী আলিত তালাচী চলায় ।

two person arrested
অস্ত্ৰসহ যুৱক আটক

কাকতীবাৰী-টিমন-ৰাজগড় পথেৰে সন্ধিয়া প্ৰায় ৮ বজাত ৰাজগড়ৰ পৰা কাকতীবাৰী অভিমুখে আহি থকা তিনিখন ডাম্পাৰত তালাচী চলোৱাৰ সময়তে এটা টু পইন্ট টু পিস্তলসহ দুজন যুৱকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে আটক কৰা যুৱক দুজন হৈছে চৰাইদেউ জিলাৰ কাকতীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমন হাতীবন্ধা গাঁৱৰ নিবাসী প্ৰদীপ বৰাৰ পুত্ৰ জানমনি ওৰফে জোন ওৰফে অজিত ওৰফে ধনীৰাম বৰা আৰু তিনিচুকীয়া জিলাৰ পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত স্বৰ্গীয় অজিত মৰাণৰ পুত্ৰ কামাখ্যা মৰাণ ৷

চৰাইদেউত পিস্তলসহ আটক দুই যুৱক

দুয়োকে আটক কৰি আৰক্ষীয়ে কাকতীবাৰী থানালৈ লৈ আহে । ঘটনাৰ খবৰ পাই চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ আৰক্ষী আৰু অসম ৰাইফলছৰ বিষয়াৰ দলে যুৱক দুজনক সোধাপোছা অব্যাহত ৰাখিছে । এই সন্দৰ্ভত কাকতীবাৰী আৰক্ষী থানাত ২৬/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰিছে । উল্লেখ্য যে, আটকাধীন যুৱক দুজনৰ ভিতৰৰ কাকতীবাৰী হাতীবন্ধা গাঁৱৰ জানমনিৰ বিৰুদ্ধে ইতিপূৰ্বে কেইবাটাও অপৰাধ জনিত গোচৰ কাকতীবাৰী থানাত ৰুজু হৈ আছে ।

লগতে পঢ়ক : 25 ছেপ্তেম্বৰৰ পৰা 30 টা সংগঠনে ৰূপায়ন কৰিব মানৱ শৃংখল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.