ETV Bharat / state

Durga Puja in Sivasagar: সম্প্ৰীতিৰ নিদৰ্শন; দেৱী দ'লত ঐতিহাসিক পৰম্পৰাৰে দৌল্লা পৰিয়ালক পূজাৰ প্ৰসাদ প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 9:49 PM IST

দেৱী দ'লত দৌল্লা পৰিয়ালক মহাঅষ্টমীৰ প্ৰসাদ প্ৰদান ৷ আহোম স্বৰ্গদেউৰ দিনৰ পৰা পালন কৰি অহা পৰম্পৰা সম্পন্ন ৷

Durga Puja Celebrates in Sivasagar
সম্প্ৰীতিৰ নিদৰ্শন

ঐতিহাসিক দেৱী দ'লৰ পূজাত ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন

শিৱসাগৰ, 22 অক্টোবৰ : শিৱসাগৰৰ ঐতিহাসিক দেৱী দ'লৰ পূজাত ধৰ্মীয় সম্প্ৰীতিৰ নিদৰ্শন ৷ এসময়ত দেৱী দ'লত নাগাৰা আৰু ঢাক বজোৱা দৌল্লা পৰিয়ালক মহা অষ্টমীৰ প্ৰসাদ প্ৰদান ৷ কনচেং বৰপাত্ৰৰ পৰিয়াললৈও অনুৰূপ প্ৰসাদ প্ৰদান ৷ আহোম স্বৰ্গদেউৰ দিনৰ পৰা পালন কৰি অহা পৰম্পৰা সম্পন্ন ৷

290 বছৰীয়া শিৱসাগৰৰ ঐতিহাসিক শিৱ দ'লত দেওবাৰে দিনত ধৰ্মীয় নীতি-নিয়ম অনুসৰি সম্পন্ন হয় মহাঅষ্টমী পূজা ৷ প্ৰায় চাৰি শতাধিক হাঁহ-ছাগলী মহা অষ্টমীৰ দিনা বলি উচৰ্গা কৰা হয় ৷

আনহাতে আজিৰ দিনটোৰ লগত সংগতি ৰাখি এক ঐতিহাসিক সম্প্ৰীতিৰ স্বাক্ষৰ বহনকাৰী অনুষ্ঠান সম্পন্ন হয় দেৱী দ’লত ৷ দেওবাৰে সন্ধিয়া পৰম্পৰা অনুসৰি শিৱসাগৰৰ পুৰণি মুছলমান দৌল্লা পৰিয়ালক মহা অষ্টমীৰ প্ৰসাদৰ শৰাই আগবঢ়োৱা হয় ৷ ইয়াৰ লগতে আহোম ৰাজশাসনৰ বিষয়া কনচেং বৰপাত্ৰ গোঁহাইৰ পৰিয়ালকো এই শৰাই প্ৰদান কৰা হয় ৷

দেৱী দ'লৰ পৰা মুছলমান পৰিয়াললৈ প্ৰসাদ প্ৰদান কৰা এই সম্প্ৰীতিৰ এক সোণসেৰীয়া ইতিহাস আছে ৷ আহোম স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই কলঞ্চুপৰীয়া গাঁৱত এটি বৃহৎ পুখুৰী খন্দাৰ লগতে তিনিটা দ'ল বন্ধাইছিল ৷ ইয়াৰে দেৱী দ'লত তেতিয়াৰ পৰাই মুছলমান দৌল্লা পৰিয়ালৰ লোকে দেৱী অৰ্চনাৰ সময়ত নাগাৰা-ঢাক বজাইছিল ৷ তেওঁলোকক এক ধৰ্ম নিৰপেক্ষ উপাসনা প্ৰক্ৰিয়াৰ অংশ কৰা হৈছিল ৷ ইয়াৰ দ্বাৰা প্ৰতিফলিত হৈছিল আহোম ৰাজত্বৰ সময়ৰ ধৰ্মীয় সম্প্ৰীতি ৷

যদিও সময়ৰ লগত দৌল্লা পৰিয়ালৰ দেৱী দ'লত নাগাৰা-ঢাক বজোৱাৰ পৰম্পৰা বন্ধ হ'ল তথাপিও তেওঁলোকৰ পূৰ্বপুৰুষৰ কামক সন্মান জনাই দুৰ্গা পূজাৰ অষ্টমীৰ প্ৰসাদ দেৱী দ'লৰ পৰা দৌল্লা পৰিয়াললৈ আগবঢ়াই অহা হৈছে ৷ লগতে কনচেং বৰপাত্ৰ গোঁহাইৰ পৰিয়ালকো অষ্টমীৰ এই প্ৰসাদ প্ৰদান কৰা হয় ৷

আজিৰ দিনত ধৰ্মক লৈ হৈ থকা বিভেদৰ সময়ত শিৱসাগৰৰ দেৱী দ'লৰ এই সম্প্ৰীতিৰ বাৰ্তাই বৃহৎ তাৎপৰ্য বহন কৰি আহিছে ৷ এই পৰম্পৰাগত ব্যৱস্থাই প্ৰকৃততে অসমীয়া সমাজত যে অতীতৰ পৰা ধৰ্মক কেন্দ্ৰ কৰি কোনো বিভেদ আৰু বিৰোধ নাছিল সেইয়া প্ৰতিফলিত কৰে ৷ ইয়াৰ দ্বাৰা আজিৰ দিনতো যে ধৰ্মীয় বিভেদে অসমীয়া সমাজখন তচনচ কৰিব নোৱাৰে সেই বাৰ্তা প্ৰেৰণ কৰা হয় ৷

দেওবাৰে শিৱসাগৰ দ'ল উন্নয়ন সমিতিৰ উদ্যোগত এক অনুষ্ঠানত দেৱী দ'লৰ তৰফৰ পৰা দৌল্লা পৰিয়ালৰ লগতে কনচেং বৰপাত্ৰ গোঁহাইৰ পৰিয়ালক অষ্টমীৰ দিনা দেৱীলৈ আগবঢ়োৱা প্ৰসাদ প্ৰদান কৰা হয় ৷ দৌল্লা পৰিয়ালৰ তৰফৰ পৰা তাচমিয়া দৌল্লাৰ লগতে পৰিয়ালৰ আন সদস্য আৰু কনচেং বৰপাত্ৰ গোঁহাইৰ পৰিয়ালৰ হৈ জীতেন বৰপাত্ৰ গোঁহাই তথা আন আন পৰিয়ালৰ সদস্য সকলে দেৱী দ'লৰ পৰা প্ৰদান কৰা শৰাই গ্ৰহণ কৰে ৷ দ'ল উন্নয়ন পৰিষদৰ হৈ পৰিষদৰ সভাপতি তথা শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আৰু দেৱী দ'লৰ পূজাৰীয়ে আশীৰ্বাদ প্ৰদান কৰি এই শৰাই প্ৰদান কৰে ৷

লগতে পঢ়ক : Maha ashtami 2023 : গহপুৰৰ 100 বছৰ পুৰণি দুৰ্গা পূজা মণ্ডপত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.