ETV Bharat / state

অ'এনজিচিৰ অসম সম্পদে বিপদ মাতিছে শিৱসাগৰলৈ

author img

By

Published : Jun 13, 2020, 7:05 PM IST

শিৱসাগৰ জিলাত অ'এনজিচি অসম সম্পদৰ ভয়াবহ প্ৰদূষণ ৷ ক্ৰমে মৃত্যু মুখলৈ গতি কৰিছে বৰনৈয়ে ৷ উদ্ভিদ, মানুহ,জলজ জীৱ,পশু-পক্ষী আক্ৰান্ত হৈছে প্ৰদূষণৰ ফলত ৷ মৌন হৈ বহি আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ৷

pollution
pollution

শিৱসাগৰ, 13 জুন : বাঘজান কাণ্ডৰ পৰিণতি ভয়াবহ হৈছে । মানুহৰ লগতে আক্ৰান্ত হৈছে প্ৰকৃতি । অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান কূপত মানুহৰ ভুলৰ বাবে হোৱা পৰিস্থিতিৰ ফলত ভয়াবহ প্ৰদূষণৰ সৃষ্টি হৈছে । কিন্তু তাৰপাচতো যেন গা লৈ চেতনা অহা নাই তেওঁলোকৰ ৷ এইবাৰ অ'এনজিচিৰ অসম সম্পদৰ ইচ্ছাকৃত ভুলৰ বাবে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে ভয়াবহ প্ৰদূষণৰ । অ'এনজিচিৰ এনে ভয়ংকৰ কাণ্ডৰ অংশীদাৰ হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ ৷

pollution
প্ৰদূষণৰ কৱলত পৰিছে গছ-গছনি

শিৱসাগৰ জিলাত অ'এনজিচিৰ অসম সম্পদৰ পঞ্চাশৰো অধিক খনন-উৎপাদন ৰীগ আছে । এই ৰীগ সমূহত চলা খননৰ ফলত ভূ-গৰ্ভৰ পৰা বাহিৰ হয় বহু বিষাক্ত ৰাসায়নিক পদাৰ্থ। এই ৰাসায়নিক পদাৰ্থ সমূহ উপযুক্ত পৰিশোধন কৰি বৰ্জন কৰাটো প্ৰদূষণ আইনে বাধ্যতামূলক কৰিছে । কিন্তু এনে পৰিশোধনৰ বাবে বাধ্য নহয় অ'এনজিচি। এই সমূহ বিষাক্ত পদাৰ্থ পৰিশোধন কৰিবৰ বাবে অ'এনজিচিয়ে নামত কেইবাটাও ইটিপি স্থাপন কৰিছে যদিও সকলো ভেকোভাৱনাত পৰিণত হৈছে ।

pollution
প্ৰদূষণৰ কৱলত শিৱসাগৰ

বিশেষকৈ জিলাখনৰ বিভিন্ন খনন উৎপাদন স্থলীৰ পৰা এনে বিষাক্ত পদাৰ্থ গেলেকিস্থিত পুৰণি ইটিপিলৈ অনা হয়। কিন্তু এনে বিষাক্ত পদাৰ্থ সমূহ পৰিশোধন নকৰাকৈ কাষতে থকা বৰনৈত নিক্ষেপ কৰে কৰ্তৃপক্ষই । যাৰ বাবে ব্যাপক প্ৰদূষণৰ সৃষ্টি হৈছে বৰনৈত। বৰনৈৰ জলজ জীৱ প্ৰদূষণৰ কৱলত পৰাৰ লগতে অঞ্চলটোৰ কৃষিভূমি তথা জনসাধাৰণ ভুক্তভোগী হৈছে । কৃষি উৎপাদন হ্ৰাস পোৱাৰ লগতে খেতিত দেখা পোৱা গৈছে অচিন ৰোগ ।

সেইদৰে স্থানীয় লোকসকলৰ মাজতো বিভিন্ন ৰোগে দেখা দিয়াৰ সমান্তৰালকৈ ঘৰচীয়া জীৱ-জন্তু আক্ৰান্ত হৈছে । কিন্তু এই সমূহ নিৰাময়ৰ বাবে কোনো ব্যৱস্থা লোৱা নাই অ'এনজিচিয়ে । বিগত পঞ্চাশ বছৰত মাত্ৰ এবাৰ বৃক্ষ ৰোপণ কাৰ্যসূচী হাতত লৈছিল অ'এনজিচিয়ে । আনহাতে জিলাখনত সিঁচৰতি হৈ থকা বিভিন্ন খনন-উৎপাদন থলীৰ পৰা নিৰ্গত হোৱা বিষাক্ত পদাৰ্থ পৰিশোধনৰ বাবে গেলেকিৰ পুৰণি ইটিপিলৈ ইফুলেণ্ট ৱাটাৰ টেংকৰ দ্বাৰা অনিব লাগে যদিও এনে টেংকাৰ সমূহে ইটিপিলৈ নিয়াৰ পৰিৱৰ্তে বাটৰ কাষত এনে বিষাক্ত ৰাসায়নিক পদাৰ্থ সমূহ বৰ্জন কৰে। ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰদূষণৰ।

অ'এনজিচিৰ অসম সম্পদ বিভাগে বিপদ মাতিছে শিৱসাগৰলৈ

প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ কাৰ্যালয়ৰ এক তথ্য অনুসৰি অ'এনজিচি অসম সম্পদৰ গেলেকি,ৰুদ্ৰসাগৰ আৰু লাকুৱাৰ ইটিপিত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে গ্ৰহণ কৰা নমুনাত বিষাক্ত পদাৰ্থৰ পৰিমাণ স্বাভাৱিক স্তৰতকৈ বহু বেছি পাইছিল। যাৰ বাবে যোৱা ৩০ এপ্ৰিল তাৰিখে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অ'এনজিচি অসম সম্পদৰ কাৰ্যবাহী বিষয়াক বিষয় সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰি বিহিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল যদিও আজিকোপতি অ'এনজিচি অসম সম্পদে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

pollution
অ'এনজিচিয়ে মৰণ মাতিছে বৰনৈ লৈ

কিন্তু ৰহস্যজনকভাৱে অ'এনজিচিলৈ পত্ৰ প্ৰেৰণৰ দুমাহ অতিক্ৰম কৰি যোৱাৰ পাচতো অ'এনজিচিৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে। যি সময়ত বিভাগৰ দ্বাৰা অ'এনজিচিৰ প্ৰদূষণ প্ৰমাণিত হৈছে সেই সময়ত মৌন হৈ বহি আছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ। উল্লেখযোগ্য যে, অ'এনজিচি অসম সম্পদৰ এনে প্ৰদূষণৰ বাবে শেহতীয়াকৈ গ্ৰীণ ট্ৰিবিউনেলে অ'এনজিচিক প্ৰায় দুই কোটি টকাৰ জৰিমণা বিহিছে । কিন্তু তথাপিও প্ৰদূষণ নিয়ন্ত্ৰণত গুৰুত্ব দিয়া নাই অ'এনজিচিয়ে।

অ'এনজিচি অসম সম্পদৰ ভয়াবহ প্ৰদূষণ
অ'এনজিচি অসম সম্পদৰ এনে মাৰাত্মক প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বাঘজানতকৈ ভয়ংকৰ জৈৱ-প্ৰকৃতিৰ প্ৰদূষণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : শাৰিৰীক অসুস্থতা আৰু আশ্ৰয়হীনতাই জুৰুলা কৰা এগৰাকী লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.