ETV Bharat / state

দিখৌমুখৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ সৌন্দৰ্য

author img

By

Published : Dec 19, 2020, 1:43 PM IST

শিৱসাগৰৰ দিখৌমুখৰ পথাৰত সৰিয়হ ফুল ফুলাৰ নান্দনিক দৃশ্য ৷ সৰিয়হ ফুলে হাঁহি বিৰিঙাইছে কৃষকসকলৰ মুখত ৷

sivasagar mustard
দিখৌমুখৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ সৌন্দৰ্য

আমগুৰি,19 ডিচেম্বৰ : চৌদিশে এতিয়া সৰিয়হ ফুলাৰ বতৰ ৷ পথাৰত হালধীয়া সৰিয়হৰ নান্দনিক দৃশ্য ৷ শিৱসাগৰৰ দিখৌমুখৰ পথাৰত ফুলা সৰিয়হবোৰেও যেন হাত বাউল দি মাতিছে সকলোকে ৷

দিখৌমুখৰ পথাৰত সৰিয়হ ফুলৰ অপৰূপ সৌন্দৰ্য

দিখৌ নৈৰ কাষৰীয়া শ শ বিঘা মাটিত সৰিয়হ ফুল ফুলি পথাৰ হালধীয়া হৈ পৰিছে । হালধীয়া সৰিয়হ ফুলে প্ৰকৃতিৰ নান্দনিকতাক মোহনীয় কৰি তোলাৰ লগতে চহা কৃষকৰ মুখত হাঁহি বিৰিঙাই তুলিছে ।

দিখৌমুখৰ বৃহত্তৰ অঞ্চল বিশেষকৈ স’ৰাগুৰি, গটঙা, শান্তিপুৰত শ শ বিঘা বৃহৎ এলেকাত সৰিয়হ ফুলে প্ৰকৃতিক অনন্য মাত্ৰা প্ৰদান কৰিছে । ইয়াৰ লগে লগে খেতিয়কসকলো সৰিয়হৰ খেতি কৰি স্বাৱলম্বী হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: খোৱাঙত অৰুণোদয় আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.