ETV Bharat / state

শিৱসাগৰত প'ষ্টেল বেলটযোগে ভোট সংগ্ৰহ আৰম্ভ

author img

By

Published : Mar 17, 2021, 4:30 PM IST

নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি শিৱসাগৰত আৰম্ভ হ'ল প'ষ্টেল বেলটযোগে ভোট সংগ্ৰহ ৷ শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টিত থকা 57 টা ছেক্টৰত পাঁচজনীয়া একোটাকৈ দলে আৰম্ভ কৰিছে এই ভোট সংগ্ৰহ অভিযান ৷ প'ষ্টেল বেলটযোগে ভোটদানৰ আবেদন জনোৱা লোকসকলে নিৰ্বাচন কেন্দ্ৰত ভোটদান কৰিব নোৱাৰিব ৷

postal ballot begins in sivsagar
শিৱসাগৰত ঘৰে ঘৰে আশীৰোৰ্ধৰ ভোটাৰৰ ভোট সংগ্ৰহ আৰম্ভ

শিৱসাগৰ,17 মাৰ্চ: ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰদান কৰা নিৰ্দেশ অনুসৰি এইবাৰৰ নিৰ্বাচনত আশী বছৰ বয়সৰ ওপৰৰ ভোটাৰ, বিশেষভাৱে সক্ষম ভোটাৰ আৰু ক'ভিড ৰোগত আক্ৰান্ত হোৱা ভোটাৰসকলক ঘৰতেই প'ষ্টেল বেলট যোগেদি ভোটদান কৰাৰ এক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা পালন কৰি শিৱসাগৰ নিৰ্বাচন জিলাৰ অন্তৰ্গত 103 আমগুৰি, 107 থাওৰা আৰু 108 শিৱসাগৰ বিধানসভা সমষ্টিৰ এই শ্ৰেণীৰ ভোটাৰক ইতিমধ্যে ফৰ্ম 12(ঘ) প্ৰদান কৰা হৈছে ৷ নিয়ম অনুসৰি এই আবেদনকাৰী ভোটাৰসকলৰ সকলো তথ্য পৰীক্ষণৰ অন্তত শিৱসাগৰ নিৰ্বাচনী জিলাত বুধবাৰৰ পৰা ভোট সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷

শিৱসাগৰ নিৰ্বাচনী জিলাৰ তিনিটা সমষ্টিত থকা 57 টা ছেক্টৰত পাঁচজনীয়া একোটাকৈ দলে এই ভোট সংগ্ৰহ অভিযানত ব্ৰতী হৈছে ৷ 103 আমগুৰি বিধানসভা সমষ্টিৰ বাবে 19 টা, 107 থাওৰা বিধানসভা সমষ্টিৰ বাবে 18 টা আৰু 108 শিৱসাগৰ বিধানসভা সমষ্টিৰ বাবে 20 টাকৈ দলে ইতিমধ্যে বেলট ভোট গ্ৰহণ কৰিছে ৷

বুধবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী তিনি চাৰি দিনৰ ভিতৰত অন্ত পৰিব

জানিব পৰা মতে, প্ৰতিটো দলত 2 জনকৈ পলিং বিষয়া, 1 জন ভিডিঅ’গ্ৰাফাৰ, 1 জন মাইক্ৰ’ অৱজাৰ্ভাৰ আৰু 1 জন নিৰাপত্তাৰক্ষী আছে ৷ 12 (ঘ) নং ফৰ্মযোগে আবেদন জনোৱা উক্ত শ্ৰেণীৰ যোগ্য বুলি বিবেচিত হোৱা ব্যক্তিসকলৰ ঘৰে ঘৰে গৈ এই দলটোৱে ভোটাৰ জনক বেলট পেপাৰ প্ৰদান কৰিছে । উল্লেখ্য যে, এই বেলট পেপাৰত আবেদনকাৰী ব্যক্তিজনে গোপনে ভোটদান কৰি দলটোৱে লগত লৈ যোৱা কেনভাছ বেগত বেলট পেপাৰ ভৰাই দিয়ে ৷ অৱশ্যে যিসকল ভোটাৰে এনেদৰে ভোটদানৰ আবেদন জনাই যোগ্য বুলি বিবেচিত হৈছে, তেওঁলোকে ঘৰত উপস্থিত নথকাৰ বাবে ভোটদান কৰিব নোৱাৰিলে ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব নোৱাৰিব ৷ কিয়নো ভোটাৰ তালিকাত তেওঁলোকৰ নামৰ কাষত এইবাৰৰ বাবে এবছেণ্টি ভোটাৰ হিচাপে ৰঙা চিয়াঁহীৰে PB চিহ্নিত কৰা হৈছে ৷

শিৱসাগৰ নিৰ্বাচনী জিলাত 12(ঘ) ফর্মৰ জৰিয়তে ঘৰতে ভোটদান কৰিব বিচৰা বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা 505 গৰাকী ৷ ইয়াৰে 103 আমগুৰি বিধানসভা সমষ্টিত 192 গৰাকী, 107 থাওৰা বিধানসভা সমষ্টিত 109 গৰাকী আৰু 108 শিৱসাগৰ বিধানসভা সমষ্টিত 204 গৰাকী । একেদৰে আশীৰোৰ্ধৰ ভোটাৰৰ মুঠ সংখ্যা 1844 গৰাকী ৷ ইয়াৰে 103 আমগুৰি বিধানসভা সমষ্টিত 572 গৰাকী, 107 থাওৰা বিধানসভা সমষ্টিত 562 গৰাকী আৰু 108 শিৱসাগৰ বিধানসভা সমষ্টিত 710 গৰাকী ভোটাৰ আছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ নির্বাচনী জিলাত কোনো ক'ভিড ৰোগীয়ে 12 (ঘ) প্ৰ-পত্ৰ যোগে আবেদন জনোৱা নাই ৷ উল্লেখ্য যে, বহুসংখ্যক ভোটাৰে এই এবছেণ্টি ভোটাৰৰ বাবে আবেদন জনাইছিল যদিও শুদ্ধ তথ্যৰ অভাৱত বহু আবেদনকাৰীৰ আবেদন নাকচ হৈছে ৷ অৱশ্যে, এইসকল ভোটাৰে ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান কৰিব পাৰিব ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচী তিনি চাৰি দিনৰ ভিতৰত অন্ত পৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: হাতত তামোল-পান লৈ হাতযোৰ কৰি ভোট ভিক্ষা নিৰ্দলীয় প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.